চাবুৱাৰ থানাই চাহ বাগিচাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

Kakali Deka October 15, 2025

ডিজিটেল ডেস্কঃ  চাবুৱাত পিঞ্জৰাবদ্ধ হৈছে প্ৰকাণ্ড নাহৰফুটুকী । দীঘদিন ধৰি চাবুৱা ৰহমৰীয়া থানাৰ অন্তৰ্গত থানাই চাহ বাগিচাত নাহৰফুটুকী বাঘে আতংকৰ সৃষ্টি কৰিছিল। আতংকিত স্থানীয় লোকসকলে দিকবিদিক হেৰুৱাই পেলাইছিল।


অঞ্চলটোত বাঘৰ আতংক প্ৰতিৰোধৰ অৰ্থে জিলা বন বিভাগৰ তত্ত্বাৱধানত স্থাপন কৰা হয় এটা পিঞ্জৰা। এই পিঞ্জৰাতে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আবদ্ধ হয় ।

যোৱা শুকুৰবাৰেও দিনৰ ভাগত এই স্থানতে অন্য এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছিল ।

উল্লেখ্য যে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৱে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই পোহনীয়া হাঁহ, কুকুৰা, পাৰ, ছাগলী আদি ভক্ষণ কৰি ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে এই কথা বন বিভাগক অৱগত কৰে। ফলত ৰাইজৰ সহযোগত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত বাঘটো আবদ্ধ হয় ।

ইফালে উক্ত অঞ্চলটোত ৰাইজক ত্ৰাসিত কৰা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে অলপ হ'লেও স্বস্তিৰ নিশ্বাস পেলাইছে । বাগিচাখনত নিশা পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটো ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়।

Share This