মহানগৰীৰ জি এছ ৰোডৰ পৰা অপহৃত কিশোৰী উদ্ধাৰ চন্দ্ৰপুৰত

Rashmi April 18, 2025

ডিজিটেল ডেস্ক : গুৱাহাটীৰ পানীখাইতীত ৰাইজে এগৰাকী কিশোৰী অপহৰণকাৰীক ধৰি উত্তম-মধ্যম শোধায় । অভিযুক্ত অপহৰণকাৰীগৰাকী বৰপেটাৰ মবজেইল খান বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে ১৪ বছৰীয়া এগৰাকী কিশোৰীক যোৱা ১৫ এপ্ৰিলত জি এছ ৰোডৰ শ্ৰীনগৰৰ পৰা অপহৰণ হৈছিল৷ আজি লম্পট মবজেইল খানে AS 01 PC 9374 নম্বৰৰ অট'ভানখনত কিশোৰীগৰাকীক উঠাই চন্দ্ৰপুৰৰ গোৱৰ্ধনত নমাই থৈ পলায়নৰ চেষ্টা চলায় ।

পিছত একাংশ প্ৰত্যক্ষদৰ্শীয়ে অট'ভানখনৰ পিছে পিছে খেদি পানীখাইতীত ধৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ।

জানিব পৰা মতে, কিশোৰীগৰাকী চন্দ্ৰপুৰৰ গোবৰ্ধনৰ বাসিন্দা যদিও আইতাকৰ লগত জি এছ ৰোডৰ শ্ৰীনগৰত বসতি কৰি আছিল আৰু ইয়াৰে পৰা মবজেইল খান নামৰ লম্পটজনে কিশোৰীগৰাকীক যোৱা ১৫ এপ্ৰিলৰ দিনা অপহৰণ কৰি লৈ যায় । আজি অপহৰণকাৰী মবজেইল খানে কিশোৰী গৰাকীক গোবৰ্ধনৰ পথৰ দাঁতিত নমাই পলায়ন কৰে ।

উল্লেখযোগ্য যে কিশোৰী গৰাকীৰ অপহৰণ সম্পৰ্কে তিনিদিন পূৰ্বে দিছপুৰ আৰক্ষীক অৱগত কৰি এখন এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল ।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This