ডিজিটেল ডেস্ক : সমাগত ৰঙালী বিহু। কিন্তু বিহুৰ সময়ত আপুনি যদি হাতত নগদ ধন লৈ গুৱাহাটীত বজাৰ কৰিবৰ বাবে বাবে অন্য কামত চিটি বাছত যাত্ৰা কৰিছে তেনেহ'লে সাৱধানতা অৱলম্বন কৰক। কাৰণ বিহুৰ বতৰত এতিয়া মহানগৰত অধিক সক্রিয় হৈ পৰিছে পকেটমাৰৰ দল। চিটি বাছে চিটি বাছে ঘূৰি ফুৰিছে পকটেমাৰৰ দল। আজি মহানগৰৰ এখন চিটিবাছত ধেমাজিৰ এজন লোকৰ পৰা পকেটমাৰে লুটি নিলে নগদ ৪৫ হাজাৰ টকা। নৱজিৎ গোহাঁই নামৰ লোকজনে ধেমাজি পাব্লিক একাডেমিৰ ৪৫ হাজাৰ টকা বামুণীমৈদামৰ শিক্ষা পৰিষদত জমা দিবলৈ আহিছিল।
কিন্তু চানমাৰিৰ পৰা গণেশগুৰিলৈ গৈ থকাৰ পথতেই পকেটমাৰৰ দলে লোকজনৰ গাত পানী পেলাই কৌশলেৰে টকাখিনি লুটি নিয়ে। ঘটনাত চিটীবাছখনৰে কোনো লোক জড়িত হৈ থকাৰো সন্দেহ কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দর্ভত লোকজনে আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তেনেদৰে গুৱাহাটীত পকেটমাৰৰ বলি হ'ল লক্ষ্ণৌৰ এগৰাকী পর্যটক। উমানন্দ ভ্রমণ কৰিবলৈ অহা লক্ষ্ণৌৰ পৰ্যটকগৰাকীক শিলপুখুৰীত চিটি বাছত এটা পকেটমাৰে তেওঁৰ ওচৰত থকা ৩,২০০ টকা লুটিবলৈ চেষ্টা চলায়।
কিন্তু একাংশ সচেতন যাত্রীয়ে অভিজিৎ দাস নামৰ পকেটমাৰটোক হাতে-লোটে ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে। উল্লেখযোগ্য যে সম্প্রতি মহানগৰৰ চিটি বাছসমূহত পকেটমাৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত যাত্ৰীসকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। তথ্য অনুসৰি এটা বৃহৎ চক্রই সমগ্র মহানগৰখনৰ এলেকা অনুসৰি পকেটমাৰ নিয়োগ কৰি ব্যৱসায় চলাই আছে। গণেশগুৰিৰ পৰা চানমাৰি, চানমাৰিৰ পৰা। কাছাৰী, কাছাৰীৰ পৰা আদাবাৰী, চানমাৰিৰ পৰা নুনমাটি, গণেশগুৰিৰ পৰা খানাপাৰা, গণেশগুৰিৰ পৰা পল্টনবজাৰ আদি এলেকাসমূহত প্রায় প্রতিখন চিটি বাছত পকেটমাৰ থাকে। সময়ে সময়ে এনে পকেটমাৰ ৰাইজৰ হাতত ধৰা পৰি আহিছে। ৰাইজৰ হাতত ধৰা পৰা এনে পকেটমাৰক আৰক্ষীক চমজাই দিয়াৰ পাছতো আৰক্ষীয়ে প্রকৃত তথ্য উদ্ধাৰ কৰি চক্ৰটোক উৎখাত কৰিব নোৱৰাটো আশ্চর্যজনক।