ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰত পুনৰ একাংশ পথ নিশাৰ অন্ধকাৰত বুৰ গৈছে। চৰকাৰে এল ই ডি লাইট স্থাপন কৰি ভিন্নৰঙী আলোকসজ্জাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ব্যস্ত পথৰ বহু অংশ এতিয়া সন্ধিয়া হোৱাৰ লগে লগে অন্ধকাৰত থাকে। একাংশ পথত আকৌ প্রায়ে স্ট্রীট লাইটৰ বিদ্যুৎ কৰ্তন কৰি ৰাখে। ভিতৰুৱা পথসমূহৰো একেই অবস্থা।
উল্লেখযোগ্য যে মহানগৰত নাৰী নিৰ্যাতনকে ধৰি বিভিন্ন ধৰণৰ অপৰাধ, দুষ্কাৰ্য ৰোধ কৰাৰ বাবে দল-সংগঠনসমূহে নিশা সকলো পথ, উপপথ পোহৰাই ৰাখিবলৈ দাবী জনাই আহিছে। মহানগৰ আৰক্ষীয়েও দুর্বৃত্তই নিশা পথত অন্ধকাৰৰ সুযোগ লৈ সংঘটিত কৰা অপৰাধ বাঢ়িবলৈ ধৰা বুলি বিভিন্ন সময়ত সদৰী কৰি, আহিছে।
বিশেষকৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে শাসনৰ গাদীত বঢ়িয়েই গুৱাহাটীত ৰাইজৰ বাবে ২৪ ঘণ্টাই বিদ্যুৎ উপলব্ধ কৰাৰ লগতে সকলো পথ পোহৰাই তোলা হ'ব বুলি জাহিৰ কৰিছিল যদিও সেয়া সময়ত হৈ নুঠিল। চৰকাৰখনে গুৱাহাটী মহানগৰৰ সৌন্দর্যবর্ধনৰ নামত বিভিন্ন সময়ত বিভিন্ন আলোকসজ্জাৰে চমক দি আহিলেও মূল পথৰ লগতে ভিতৰুৱা পথসমূহ নিয়মীয়াকৈ পোহৰাই ৰখাত ব্যর্থতাহে প্ৰদৰ্শন কৰিছে।