নগাঁও জিলা পুথিভঁৰালত ধ্ৰুপদী সন্ধ্যা

Ankita Sonowal August 04, 2023

ডিজিটেল ডেস্কঃ যেন পাৰিজাতহে ফুলিল৷ কলঙৰ পাৰত বিয়পিল সুগন্ধি৷ যোৱা ৩০ জুলাইত নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা এক ধ্ৰুপদী সন্ধ্যাই মোহাৱিষ্ট কৰিলে দুই শতাধিক নগঞাক৷ কাকলি সংগীত কাননৰ বাৰ্ষিক উৎসৱ উপলক্ষে নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সেইদিনা সন্ধিয়া অনুষ্ঠিত হয় এক গুৰুগম্ভীৰ অনুষ্ঠান৷ লোকশিল্পী গুণ শইকীয়াৰ স্মৰণত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰয়াত শিল্পীগৰাকীৰ পত্নী পাৰুল মেধি শইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ বিপৰীতে উদ্বোধনী ভাষণ প্ৰদান কৰে নগাঁও লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে৷ শিল্পী কাকলি শইকীয়াৰ বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত শ্লোকাঞ্জলি, ভাৰত নাট্যম, তবলা বাদন আৰু সত্ৰীয়া নৃত্য পৰিৱেশিত হয়৷ অংকিতা গোস্বামীয়ে আঁত ধৰা আৰু উপাসনা মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী তথা অধ্যাপক ড॰ মল্লিকা কন্দলি আৰু নৰেন চন্দ্ৰ বৰুৱাৰ সত্ৰীয়া শৈলীৰ নৃত্যানুষ্ঠান৷ ‘তুমি মোৰ নিচুকনি’ শীৰ্ষক গীতটো পৰিৱেশন কৰি অনুষ্ঠানটোক অধিক প্ৰাণৱন্ত কৰি তোলে জনপ্ৰিয় শিল্পী ৰূপম ভূঞাই৷ সংগীতজ্ঞ ড॰ সৌৰভ মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যাপক জ্যোতিৰ্ময় জানা, মুনি কাকতী, গল্পকাৰ শিৱানন্দ কাকতী, সু-বক্তা মোহিনী মোহন ডেকা, সাংস্কৃতিক সংগঠক চন্দ্ৰজিৎ দাস, কবি সঞ্জীৱ সাগৰ চৌধুৰী, শিক্ষক দিলীপ বৰা, গীতিকাৰ মঞ্জুলা হাজৰিকা, নয়নজ্যোতি শইকীয়া, অভিনেত্ৰী জ্বলী লস্কৰ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানটোত সকলো শিক্ষাৰ্থীৰে প্ৰদৰ্শন আছিল উৎকৃষ্ট আৰু অনন্য৷

 

 জ্যোতিপ্ৰসাদ বৰা

Share This