ডিজিটেল ডেস্ক : অসমীয়া জাতীয় আৰু আধ্যাত্মিক জীৱনৰ প্ৰাণ প্রতিষ্ঠাতা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্রয়াণৰ পৱিত্ৰ তীৰ্থভূমি কোচবিহাৰৰ মধুপুৰ সত্রক ঐতিহ্য ক্ষেত্র হিচাপে গঢ়ি তুলিবলৈ চলিত ২০২৫-২৬ বৰ্ষৰ বাজেট উত্থাপন কৰি অসম চৰকাৰে এই ক্ষেত্ৰৰ বাবে ৫০ কৌটি টকা আবণ্টন দিয়া বুলি ঘোষণা কৰিছিল। কিন্তু আজিলৈ আবণ্টিত এই পুঁজিৰে সত্ৰখনক ঐতিহ্য ক্ষেত্র হিচাপে গঢ়ি তোলাৰ বাবে কোনো প্রকল্প তথা আঁচনি গ্ৰহণ কৰা হোৱা নাই বুলি উত্তৰ বংগ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে গভীৰ উদ্বেগ প্রকাশ কৰিছে।
সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদকগৰাকীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিযোগে কয় যে যোৱা ১০ মার্চত বিত্ত মন্ত্রীয়ে অসম বিধানসভাত দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ বাজেটত মধুপুৰ সত্ৰখনক ঐতিহ্য ক্ষেত্র হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ হাতত ল'বলৈ কেন্দ্রীয় চৰকাৰক অনুৰোধ জনোৱা হ'ব বুলি ঘোষণা কৰিছিল আৰু সত্ৰখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৫০ কোটি টকাৰ আবণ্টন কৰা বুলিও ঘোষণা কৰিছিল। কিন্তু আজিলৈ সত্ৰখনক ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে কি প্রক্রিয়া কেনে ধৰণে আগবাঢ়িছে, সেই সম্পর্কত কোনো তথ্য ভক্তপ্রাণ ৰাইজৰ দৃষ্টিগোচৰ নহ'ল। ৫০ কোটি টকা আবণ্টনৰ পাছতো চলিত বিত্তীয় বর্ষ শেষ হ'বলৈ ডেৰ মাহ বাকী থকা অৱস্থাত আজিলৈ এই ধনৰাশি ব্যৱহাৰ কৰাৰ বাবে কোনো আঁচনি গ্রহণ কৰা দেখা নগ'ল। বৰঞ্চ যোৱা ২০২৪ চনতেই নিৰ্মাণকাৰ্য আৰম্ভ কৰা সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য ধনৰ অভাৱত বন্ধ হৈ আছে। ফলত সত্ৰখনত থকা গুৰুজনাই নিজহাতে লিখা দশম, কীর্তন, গুনামালাকে আদি কৰি কেইবাখনো সাঁচিপাতৰ পুথি আৰু গুৰুজনাই ব্যৱহাৰ কৰা কেইবাবিধো অমূল্য সম্পদ বিজ্ঞানসন্মত আৰু উপযুক্তভাৱে সংৰক্ষণ কৰিব নোৱৰাৰ বাবে লুপ্ত হোৱাৰ উপক্ৰম হৈছে।
সমন্বয়ৰক্ষী সমিতিয়ে বিবৃতিটোত লগতে জনোৱা মতে, সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্র নাথ প্রধান আৰু সম্পাদক ডাঃ কেশৱ চন্দ্ৰ দাসৰ তৎপৰতাত অসম সত্ৰ আয়োগৰ জৰিয়তে উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ উন্নয়নৰ বাবে আৰ্থিক অনুদান আৰু ভূমিৰ সমস্যা সমাধান কৰাৰ বাবে অসম চৰকাৰক অনুৰোধ কৰা হৈছিল যদিও আজিলৈ এই সম্পৰ্কত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। সমন্বয়ৰক্ষী সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীক চলিত বিত্তীয় বৰ্ষত কৰা ঘোষণা অনুসৰি মধুপুৰ সত্ৰক ঐতিহ্য ক্ষেত্র হিচাপে গঢ়ি তুলিবলৈ আৰু সত্ৰখনত উন্নয়নৰ বাবে এক গ্রহণযোগ্য পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনাইছে।