৩০ জুনৰ ভিতৰত সঠিক কৰক বাহনৰ নথি-পত্ৰ

dainik janambhumi May 28, 2025

ডিজিটেল ডেস্কঃ দুর্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্রাস কৰাৰ বাবে যান-বাহন ব্যৱহাৰকাৰীৰ সহযোগত পথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাত পৰিবহণ বিভাগে গুৰুত্ব দি আহিছে। এই উদ্দেশ্যে পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত বিভাগৰ এটা সহায়কাৰী দলে সঠিক নথি-পত্র নথকা বাহনৰ গৰাকীৰ ঘৰ-কাৰ্যালয় আদিত নিয়মীয়াকৈ উপস্থিত হৈ বিশেষ জনসেৱা কাৰ্যসূচী আগবঢ়াইছে।

কিন্তু বহুসংখ্যক বাহনৰ গৰাকীয়ে বিশেষকৈ বিলাসী বাহন আৰু বহুজাতিক কোম্পানীয়ে এতিয়াও নথি-পত্র সঠিক কৰা নাই। নথি-পত্র সঠিক কৰিব পৰাকৈ প্ৰতিষ্ঠানসমূহে আনকি বাহনৰ যাৱতীয় কৰ-কাটলো পৰিশোধ নকৰাৰ কথা পোহৰলৈ আহিছে। এনেক্ষেত্রত যান-বাহন ব্যৱহাৰকাৰীৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে বাহনৰ নথি-পত্রসমূহ সঠিক হৈ থকাটো একান্তই আৱশ্যক বুলি উল্লেখ কৰি পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে কয় যে সঠিক নথি-পত্ৰ প্ৰতিখন বাহনৰে প্ৰথম আৰু প্ৰধান চর্ত। কিয়নো নথি-পত্ৰসমূহ সঠিক হৈ নাথাকিলে বাহনখনক জীৱন্ত অর্থাৎ বৈধ বাহন বুলি গণ্য কৰা নহয়। বিগত সময়ছোৱাত কিছুমান বাহনৰ সঠিক নথি-পত্র নথকা বাবে বহু দুর্ঘটনাগ্রস্ত লোকে প্রয়োজনীয় ক্ষতিপূৰণ নাপাই দিকবিদিক হেৰুৱাবলগীয়া হৈছে। সেয়ে যান-বাহনৰ বিভিন্ন যন্ত্রপাতি তথা ফিটনেছ পৰীক্ষাৰ লগতে যাৱতীয় নথি-পত্ৰৰ পৰীক্ষা আৰু নৱীকৰণ কৰাটো অত্যন্ত প্রয়োজন।

আনহাতে যান্ত্রিক বিজুতিত বাহন এখন চলোৱাটো যিদৰে অসম্ভৱ, সেইদৰে সঠিক নথি-পত্ৰ নাথাকিলে বাহনখন সুৰক্ষিত আৰু শংকামুক্তভাৱে চলোৱাটোও সম্ভৱ নহয় বুলি তেওঁ উল্লেখ কৰি এনেক্ষেত্রত ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্রতিষ্ঠান, নির্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথি-পত্র নথকা কোনো অবৈধ বাহনে যাতে পথ সুৰক্ষা ভংগ কৰিব নোৱাৰে, তাৰ বাবে পৰিবহণ বিভাগে সতর্ক দৃষ্টি ৰাখিছে বুলি জানিবলৈ দিয়ে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী পৰিবহণ বিষয়াৰ দায়িত্বতো থকা গৌতম দাসে অতি বিনম্রতাৰে সকলো বাহনৰ গৰাকীক অনতিপলমে নিজৰ ঘৰতে বহিয়ে অনলাইনযোগে বা প্রয়োজন হ'লে পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি অথবা পৰিবহণৰ 'ৰাইজৰ সেৱা ৰাইজৰ পদূলিত' কাৰ্যসূচীৰ বিশেষ জনসেৱাৰ জৰিয়তে বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰাজপথৰ সুৰক্ষিত যাতায়াতৰ অংশীদাৰ হ'বলৈ সকলোকে আহ্বান জনাইছে।

Share This