ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে সুখবৰ। অসমত ৰাংকুকুৰৰ অৱস্থিতি ধৰা পৰিছে। বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা ৰাজহুৱা কৰে। তেওঁ কয়, 'কাজিৰঙা-কাৰ্বি আংলং এলেকাত কেমেৰাত উপস্থিতি ধৰা পৰা (Cuon alpinus বৈজ্ঞানিক নাম) জন্তুবিধৰ আমাৰ বাবে চিনাকি নামটো হৈছে ৰাংকুকুৰ।
নিজৰ ওজনতকৈ ৮ গুণ বেছি ওজনৰ প্ৰাণীকো চিকাৰ কৰাত সিদ্ধহস্ত ৰাংকুকুৰৰ উপস্থিতি অসমৰ সম্পূৰ্ণ জৈৱ-বৈচিত্র্যৰ এক উৎকৃষ্ট নিদর্শন। আনহাতে ৰাজ্যত চলি থকা বৈজ্ঞানিক অধ্যয়নসমূহৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয় যে 'প্রতিটো বৈজ্ঞানিক অগ্ৰগতিৰ আঁৰত বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, বৈজ্ঞানিক অধ্যয়নসমূহ প্রায় মাহৰ পাছত মাহ, আনকি বছৰ বছৰ ধৰি চলি থাকে। তাৰ পাছত আমি ইয়াৰ ফলাফল সম্পর্কে অৱগত হওঁ।
এই যাত্রা অগণন ঘণ্টাৰ গৱেষণা, পৰীক্ষা-নিৰীক্ষা, বিপর্যয় আৰু অধ্যাৱসায়েৰে ভৰি আছে।' প্রায় তিনি বছৰ অধ্যয়ন কৰাৰ পাছত গৱেষকসকলে এই তথ্য উদ্ধাৰ কৰিছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।