ডিজিটেল ডেস্ক : ঘূর্ণী বতাহে চীনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্রতি ঘণ্টাত প্রায় ১৬২ কিল'মিটাৰ বেগত অহা এই 'বাভি ঘূর্ণী'ৰ প্রকোপত দেশখনৰ বিভিন্ন স্থানত ইতিমধ্যে ৫০জন লোকৰ মৃত্যু হৈছে। পূব-দক্ষিণ, পূব কাৱাজালেইনত ২৫ জুনত উৎপত্তি হোৱা এই 'বাভি ঘূর্ণী'য়ে সম্প্রতি চীনৰ লগতে জাপান আৰু টাইৱানলৈ অশনি সংকেত কঢ়িয়াই আনিছে।
শুকুৰবাৰে নিশাৰ পৰা শনিবাৰৰ ভিতৰত এই ঘূর্ণী টাইৱানৰ মাজেৰে পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে। ঘূর্ণীৰ ফলত প্ৰবল বৰষুণত দ্বীপ ৰাষ্ট্ৰখনৰ ২৩ নিযুত লোক ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্রই। টাইপেইত শুকুৰবাৰে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হয়। তদুপৰি, মাছমৰীয়া নাওসমূহ একেলগ কৰি বন্দৰৰ কাষতে ৰখা হৈছে।
টাইৱানৰ বিমান পৰিবহণ মন্ত্ৰ্যালয়ে জাপান, হংকং আৰু অন্যান্য দেশলৈ শনিবাৰ পৰ্যন্ত যাব লগা সকলো বিমানৰ যাত্ৰা বাতিল কৰিছে। এই বিধ্বংসী ঘূর্ণীয়ে শীঘ্ৰেই চীনৰ পূব উপকূলত খুন্দা মৰাৰ আশংকা কৰা হৈছে। দেশখনৰ ঝেইজিয়াঙত ১৭ হাজাৰ লোকক উদ্ধাৰ কৰি আন স্থানলৈ নিয়া হৈছে আৰু ১,৭০,০০০ সুৰক্ষা কর্মীক সাজু কৰি ৰখা হৈছে।