ডিজিটেল ডেস্ক : ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ। পঞ্চায়ত নিৰ্বাচনক লৈ সাজু প্ৰতিটো ৰাজনৈতিক দল। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয়-বিৰোধী প্ৰতিটো দলে আৰম্ভ কৰিছে প্ৰচাৰ অভিযানো। তেনে সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে কৰিলে ডাঙৰ ঘোষণা। কিয়নো ৰাজ্যত হ্ৰাস কৰা হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। এই বছৰতে হ্ৰাস কৰা হ’ব চিলিণ্ডাৰৰ দাম। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, উজ্জ্বলা গেছৰ বৰ্তমান দাম ৫৫০, আনহাতে সাধাৰণ গেছৰ দাম ৯৫০। যাৰ বাবে এই বছৰতে কমাই দিয়া হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। গেছৰ দাম ২৫০ টকাৰ পৰা ৩০০ টকা কমাই দিয়া হ'ব।
আনহাতে ব্ৰহ্মপুত্ৰৰ তলত হ'বলগীয়া সুৰংগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছিল, এতিয়া ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ হ’ব। দুই-এদিনতে আৰম্ভ হ’ব সুৰংগ পথ নিৰ্মাণৰ কাম। আমি অসমৰ মানুহে ব্ৰহ্মপুত্ৰৰ তলেৰে পানীৰ মাজেৰে যাব পাৰিম। যেনেকৈ চীন-আমেৰিকাত থাকে তেনেকৈ অসমতো হ’ব সুৰংগ পথ।’
উল্লেখ্যযোগ্য যে ৰাজ্যত ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে সাজু হৈছে প্ৰতিটো দল-সংগঠন। পঞ্চায়ত নিৰ্বাচনৰ বাবে তুংগত কৰি তোলা হৈছে সকলো প্ৰস্তুতি।