ডিজিটেল ডেস্ক: শোণিতপুৰৰ ৰঙাপৰা অঞ্চলত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। এজন ব্যক্তিয়ে এটা মৃত গো-ধন পুতি থোৱাৰ বিপৰীতে অতি গোপনে টুকুৰা টুকুৰকৈ কাটি বিক্ৰী কৰাৰ চেষ্টা চলাইছিল।
বৰজুলি চাহ বাগিচাৰ অন্তৰ্গত ৰঙাপৰাৰ ৩ নং শ্ৰমিক লাইনৰ বাসিন্দা নিপেন ভূঁঞৰে মৃত গোধনটো পুতি থ'ব বুলি স্থানীয় ৰাইজক আশ্বাস দিছিল। কিন্তু পাছত তেওঁ মৃত পশুধনটো টুকুৰা টুকুৰকৈ কাটি বিক্ৰী কৰাৰ যো-জা চলাইছিল। ইফালে ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজ তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয়।
ভূঁঞৰে মৃত গো-ধনটো কাটি পেলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতে একাংশ ৰাইজে ধৰি লৈ উত্তম-মধ্যম শোধায়। উল্লেখ্যযোগ্য যে হিন্দু সমাজত গো-ধনক পূজ্য হিচাপে গণ্য কৰা হয়। যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকে এই কাৰ্যৰ তীব্ৰ ধিক্কাৰ জনায় আৰু ৰাইজে নিপেন ভূঁঞৰৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।
উৎস: প্ৰাগ নিউজ ডিজিটেল