ধ্বংসবিহীন উন্নয়ন

Dainik Janambhumi October 31, 2024

ডিজিটেল ডেস্কঃ উন্নয়নে সভ্যতা-সংস্কৃতি ধ্বংস কৰে নেকি? সভ্যতা-সংস্কৃতি ধ্বংস কৰা উন্নয়ন মানুহৰ কাম্যনে?– সাম্প্ৰতিক সময়ত, সাম্প্ৰতিক প্ৰেক্ষাপটত কথাষাৰ পুনৰ বিচাৰৰ কাঠগৰাত উঠিছে৷ যদি ইয়াৰ উত্তৰ ইতিবাচক হয়, তেতিয়াহ’লে  পুনৰ প্ৰশ্ন উত্থাপন হ’ব– তেনেহ’লে মানুহ এই উন্নয়নক লৈ ইমান উদ্বাউল কিয়? এই উন্নয়নৰ জৰিয়তে মানুহে ক’লৈ যাব খুজিছে? এই কথা ঠিক যে আধুনিক সমাজখনত, বিজ্ঞান-প্ৰযুক্তিৰ প্ৰগতিৰ যুগত মানৱ জাতিক উন্নয়নৰ প্ৰয়োজন আছে৷

অৰ্থাৎ, সভ্যতাৰ প্ৰগতিৰ সৈতে খোজত খাজ মিলাই আগবাঢ়িবলৈকে উন্নয়নৰ প্ৰয়োজন হ’ব৷ কিন্তু এই উন্নয়নৰ নামত ঐতিহ্য ধ্বংস, সভ্যতা-সংস্কৃতি ধ্বংস কেতিয়াও কাৰোৰে কাম্য হ’ব নোৱাৰে৷ শেহতীয়াকৈ এনে কথাক লৈয়ে জাগি উঠিছে গুৱাহাটীৰ ৰাইজ৷ জাগি উঠিছে বিভিন্ন দল-সংগঠন৷ নক’লেও হয়– দীঘলীপুখুৰীৰ দীঘলীয়া পুৰণি ইতিহাস আছে, ঐতিহ্য আছে, কিংবদন্তি আছে৷ কিন্তু উন্নয়নৰ নামত যদি এই ঐতিহ্যতে আঘাত হানিব খোজা হয়, তেতিয়া পৰিস্থিতি প্ৰতিবাদমুখৰ হোৱাটো স্বাভাৱিক৷ প্ৰকৃততে মহাবাহু ব্ৰহ্মপুত্ৰৰ সমীপত প্ৰায় আধামাইল দৈৰ্ঘ্যৰ আয়তাকাৰ কৃত্ৰিম পুখুৰীটোৱেই হ’ল দীঘলীপুখুৰী৷ ইয়াৰ সৈতে পৌৰাণিক কাহিনীও জড়িত আছে৷

লোকপ্ৰবাদ মতে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই তেওঁৰ জীয়ৰী ‘দীঘলী’ৰ নামত এই পুখুৰীটো খন্দাইছিল৷ ৰজাই ব্ৰহ্মপুত্ৰৰ পৰা এটা সুঁতি খান্দি ইয়াৰ সৈতে সংযোগ ঘটাইছিল৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ভগদত্তৰ পিছৰ প্ৰজন্মৰ কামৰূপৰ ৰজা-মহাৰজাসকলে দীঘলীপুখুৰীক যুদ্ধ-বিগ্ৰহত ব্যৱহাৰ কৰিব পাৰিছিল৷ বিশেষকৈ মহাবাহু ব্ৰহ্মপুত্ৰৰে সংযোগ থকাৰ বাবে ৰজা-মহাৰজাসকলৰ নৌসেনাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাত সুচল হৈছিল৷ অৱশ্যে, ব্ৰিটিছৰ দিনত এই পুখুৰীটো ব্ৰহ্মপুত্ৰৰে সংযোগ বিচ্চিন্ন কৰি পেলোৱা হয়৷  ব্ৰিটিছসকলে মহাবাহুৰে সংযোজিত সুঁতি অংশটো পুতি পেলায় আৰু তাতে গুৱাহাটী উচ্ছ ন্যায়ালয় নিৰ্মাণ কৰা হয়৷ ইয়াৰ লগে লগে দীঘলীপুখুৰীটো এটা স্বতন্ত্ৰ পুখুৰী হিচাপেই থিয় দি ৰয়৷ পৰৱৰ্তী সময়ত গুৱাহাটী মহানগৰীৰ এটা উল্লেখনীয় পৰ্যটনস্থল হৈ পৰা দীঘলীপুখুৰীৰ অন্যতম সংগী হৈ পৰে ইয়াৰ কাষে কাষে থিয় দি থকা ওখ ওখ বৃক্ষবোৰ৷  দীঘলীপুখুৰীক চৌপাশে ইয়াৰ অতন্দ্ৰ প্ৰহৰীৰ দৰে আগুৰি ৰখা ওখ ওখ এই গছবোৰো অতি পুৰণি৷

ইয়াৰ একো একোজোপা গছৰ আয়ুস ১০০-১৫০ বছৰ অতিক্ৰম কৰা৷ অৰ্থাৎ, দীঘলীপুখুৰীৰ সমানেই বয়সিয়াল এই গছবোৰ, ইয়াৰ ইতিহাসৰ অন্যতম সাক্ষী৷ অথচ এই ঐতিহ্য-ইতিহাসৰ স্বাক্ষৰসমূহকে নিশ্চিহ্ন কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে৷ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈকে গুৱাহাটীৰ আটাইতকৈ দীৰ্ঘতম উৰণীয়া সেতুখন নিৰ্মাণৰ নামত অসম চৰকাৰে দীঘলীপুখুৰীৰ পাৰৰ ২৫ জোপা বয়সিয়াল গছ কটাৰ সিদ্ধান্ত লৈছে৷ চাবলৈ গ’লে দিনক দিনে বাঢ়ি অহা গুৱাহাটীৰ যান-জঁটৰ সমস্যা প্ৰতিৰোধৰ বাবে চৰকাৰে ইখনৰ পাছত সিখন উৰণীয়া সেতু নিৰ্মাণ কৰি গৈ আছে৷ তাত জনতাই কোনোদিনে আপত্তি কৰা নাই৷ সেইদৰে গুৱাহাটীক দক্ষিণ এছিয়াৰ প্ৰৱেশদ্বাৰ কৰাৰ পৰিকল্পনাৰে বিজেপি চৰকাৰে বিভিন্ন কাম-কাজ হাতত লৈছে, য’তে-ত’তে নিৰ্মাণৰ উপৰি নিৰ্মাণ চলাই গৈছে৷ তাতো কোনেও ক’তো বিৰোধিতা কৰা নাই৷

কিন্তু ওজৰ-আপত্তি মূৰ দাঙি উঠিছে তেতিয়া, যেতিয়া বিজ্ঞান-প্ৰযুক্তিৰ অসমৰ্থতা ঢাকিবলৈ পুৰণি ঐতিহ্যৰ ওপৰত মাধমাৰ শোধোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ ৰাইজৰ প্ৰশ্ন– দীঘলীপুখুৰীৰ ঐতিহ্যৰ হানি-বিঘিনি নকৰাকৈ, ইয়াৰ পাৰত শ শ বছৰ ধৰি অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় হৈ থকা গছবোৰ নকটাকৈ বিকল্প পদ্ধতিৰে উৰণীয়া সেতুখন নিৰ্মাণ কৰিব নোৱাৰিনে? বিজ্ঞান-প্ৰযুক্তিয়ে অসাধাৰণ প্ৰগতি দিছে, অথচ এনে কৌশল দিব পৰা নাইনে, য’ত উন্নয়নো হ’ব আৰু ঐতিহ্যও ৰক্ষা পৰিব? চৰকাৰে নিৰ্মাণকাৰ্যত নিয়োজিত অভিযন্তা, কাৰুকাৰ্যকাৰীৰ প্ৰতি এনে আহবান কৰিব নোৱাৰেনে যে যি এনে চমৎকাৰিত্ব কৰ্মকুশলতা দেখুৱাব পাৰিব, তেওঁক যথোচিতভাৱে পুৰস্কৃত কৰিব? এইকেইদিন দিনে-নিশাই দীঘলীপুখুৰীৰ পাৰত ৰাইজ, প্ৰকৃতিপ্ৰেমীৰ প্ৰতিবাদ অব্যাহত আছে৷ এই প্ৰতিবাদে আমাক পূৰ্বৰ বহু ছবিও মনলৈ আনিছে৷ ভাৰতবৰ্ষত অতীতৰ পৰা চৰকাৰীভাৱে হোৱা প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে বহু ঐতিহাসিক প্ৰতিবাদ-আন্দোলন হৈ গৈছে৷ উত্তৰাখণ্ডৰ চিপকো আন্দোলনৰ [১৯৭৩] কথা কোনে পাহৰিব পাৰিছে, য’ত গছক সাবটি ধৰি মহিলা সমাজ উচুপি উঠিছিল, গছ কটাত চৰকাৰী বাহিনীক বাধা আৰোপ কৰিছিল?

সেইদৰে কেৰালাৰ চাইলেণ্ট ভেলী প্ৰজেক্ট [১৯৭৮]ৰ বিৰুদ্ধে জাগি উঠা প্ৰতিবাদ, বিহাৰৰ জংঘল বচাও আন্দোলন [১৯৮০], ১৯৮২ বৰ্ষৰ নভদয়ান আন্দোলন আদিৰ কথা? এই সকলোবোৰ যে উন্নয়নৰ নামত চলাই অহা ধ্বংসকাৰ্যৰ বিৰুদ্ধেই হৈছে আমি সকলোৱে জানো৷ চৰকাৰেও বাৰুকৈয়ে জানে– প্ৰকৃতি থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলেহে দেশ থাকিব৷ তাৰ পাছতো চলে-বলে-কৌশলে, আঁকোৰগোজভাৱে চৰকাৰে বিকল্প ব্যৱস্থাৰ পৰিৱৰ্তে প্ৰকৃতি ধ্বংসকে চলাই যোৱাৰ কথাও আমি দেখি আহিছোঁ৷ অসমতেই আমি যোৱা সময়ছোৱাত দেখি আহিছোঁ ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কেনেকৈ হাজাৰ হাজাৰ পৈণত গছ কাটি খাস্তাং কৰিছে৷ আমি দেখিছোঁ গোৱালপাৰাৰ দৰে ঠাইত চৰকাৰী বাহিনীয়ে কেনেকৈ হাজাৰ হাজাৰ শাল গছ কাটি বগৰাই পেলাইছে৷ এনেবোৰ কাৰণতেই হয়তো চলিত বছৰৰ বিশ্ব প্ৰকৃতি সংৰক্ষণ সূচকাংকত আমাৰ দেশৰ স্থান অতি নিম্নগামী হৈছে৷

অক্টোবৰ মাহতে ঘোষণা কৰা এই তালিকাত এশৰ ভিতৰত আধাতকৈ কম অৰ্থাৎ ৪৫.প্ত নম্বৰ লাভ কৰি ভাৰতে নিম্ন পাঁচখন দেশৰ ভিতৰত [১৭৬ সংখ্যক স্থানত] উপবিষ্ট হৈছে৷ অথচ আমি প্ৰকৃতি ধ্বংসৰ বিকল্পে উন্নয়নৰ কথা চিন্তা কৰিব পৰা নাই৷ প্ৰকৃতিবিদসকলৰ মতে এজোপা পৈণত গছ ধ্বংস মানে দুই শতাধিক উঠন পুলি ধ্বংসৰ সমান৷ অথচ আমাৰ দেশত এনে কাৰ্যই হৈ আছে৷ এইমুহূৰ্তত আমি চৰকাৰলৈ এই আহ্বানেই কৰিব পাৰোঁ– দীঘলীপুখুৰীৰ ঐতিহ্য ৰক্ষা কৰিব লাগে, ইয়াৰ পাৰত দিনে-নিশাই প্ৰতিবাদ অব্যাহত ৰখা গুৱাহাটীবাসীৰ প্ৰতিবাদক ন্যায় দিব লাগে৷ ইয়াৰ বাবে চৰকাৰে বিকল্প কৌশলৰ সন্ধান কৰক৷ প্ৰয়োজন হ’লে দেশী-বিদেশী পাৰদৰ্শী অভিযন্তা, বিজ্ঞানীৰ  পৰামৰ্শ লওক আৰু শ শ বছৰ বয়সিয়াল গছবোৰৰ সুৰক্ষাৰ ব্যৱস্থা কৰক৷ আমাক ধ্বংসৰে কৰা উন্নয়ন নহয়, ধ্বংসবিহীন উন্নয়নহে লাগে৷

Share This