হাতীৰ পোৱালিটো ঘৰত গৈ চমজাই দিবলৈ বাধ্য হয় বন বিভাগ

dainik janambhumi July 08, 2025

ডিজিটেল ডেস্কঃ বন্য জীৱক সুৰক্ষা দিব নোৱৰা তিনিচুকীয়া জিলাৰ বন বিভাগে এতিয়া ঘৰচীয়া জন্তুকো ৰেহাই দিয়া নাই। তেনে এক ঘটনা সংঘটিত হ'ল যোৱা ৮ জুনত। জানিব পৰা মতে, ডুমডুমা চামডাঙৰ ৰাইদাং গাঁৱৰ বাসিন্দা ক্ষীৰেশ্বৰ মৰাণৰ ঘৰুৱা হাতীৰ পোৱালি ধনচেঙক (মাইক্ৰ'চিপ নম্বৰ ০০০৮১৭৬৬০৩) ডুমডুমা বনাঞ্চলিক বিষয়াৰ কার্যালয়ে হাতীৰ পোৱালিটো অবৈধভাৱে ঘৰত বন্দী কৰি ৰখাৰ অজুহাতত যোৱা ৮ জুনত ঘৰৰ পৰা কোনো ধৰণৰ জাননী তথা উপযুক্ত অনুমতি-পত্র অবিহনে জোৰ-জুলুম কৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে।

পৰিয়ালবৰ্গই হাতীৰ পোৱালিটো যে তেওঁলোকৰ নিজা হাতীৰ পোৱালি তাৰ উপযুক্ত প্রমাণ দিয়াৰ পাছতো লৈ অনাত পিছদিনা পৰিয়ালে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত হাজিৰ হয়। কিন্তু বন বিভাগে হাতীৰ পোৱালিটো বৈধতা প্রমাণ কৰিবৰ বাবে বুলি অনা বুলি হাতীৰ মালিক ক্ষীৰেশ্বৰক জানিবলৈ দিয়ে। লগতে বন বিভাগে ক্ষীৰেশ্বৰক জানিবলৈ দিয়ে যে ভাৰতীয় বন্যজীৱ সংস্থাৰ পৰা যোৱা ৩ জুনত অহা ধনচেং আৰু তাৰ মাক বুলি কোৱা চেনিমলা (মাইক্ৰ'চিপনম্বৰ৯৬১০০১০০০০০৩২২৩)ৰ ডি এন এ পৰীক্ষাৰ ফলাফলত দুয়োৰে মাজত কোনো যোগসূত্র নাই বুলি দিয়া প্রতিবেদনৰ বাবে চীফ ৱাইল্ড লাইফ ৱার্ডেনে হাতীৰ পোৱালিটোক জব্দ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু ক্ষীৰেশ্বৰ মৰাণৰ লগত থকা পূৰ্বৰ চেনিমলা আৰু ধনচেঙৰ ডি এন এৰ প্ৰতিবেদনত মাক-পুতেক বুলি উল্লেখ থকা নথি প্ৰদৰ্শন কৰাৰ লগতে চেনিমলা গৰ্ভৱতী হৈ থকাৰ পৰা সকলো চৰকাৰী নথিও প্রদর্শন কৰে। কিন্তু বন বিভাগে এইবোৰলৈ গুৰুত্ব নিদি ওলোটাই ক্ষীৰেশ্বৰকে কাৰণ দৰ্শোৱাৰ জাননী দিয়ে যে কিয় তেওঁলোকৰ হাতীৰ পোৱালিটোক বন বিভাগে জব্দ নকৰিব। বন বিভাগৰ এই কাণ্ডত হতবাক হৈ পৰে ক্ষীৰেশ্বৰ। কাৰণ তেওঁলোকৰ পৈত্রিক সম্পত্তি হিচাপে ঘৰত হাতী পুহি আহিছে।

ঘৰত থকা চেনিমলা নামৰ হাতীজনী গৰ্ভৱতী হোৱাৰে পৰা বন বিভাগক অৱগত কৰি আহিছে। চৰকাৰী গাঁওবুঢ়ায়ো প্রমাণ-পত্র দিছে। যেতিয়া ধনচেঙৰ জন্ম হয় তেতিয়াও গাঁওবুঢ়াৰ লগতে চৰকাৰী পশু চিকিৎসকে জন্মৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিছে। উল্লেখযোগ্য যে ২০২২ চনত ডুমডুমা বন বিভাগে চেনিমলা আৰু ধনচেঙৰ নমুনা সংগ্রহ কৰি ডি এন এ পৰীক্ষাৰ বাবে ভাৰতীয় বন্যজীৱ সংস্থালৈ প্ৰেৰণ কৰে। ভাৰতীয় বন্যজীৱ সংস্থাই ডি এন এ পৰীক্ষা কৰি উল্লেখ কৰে যে চেনিমলা (নমুনা নং এফ-৪৭৩৩/৩-৪) আৰু ধনচেং (নমুনা নং এফ-৪৭৩৩/৪-৪) দুয়োটাই একে যোগসূত্ৰৰ। এই প্রতিবেদনৰ আধাৰতে চীফ ৱাইল্ড লাইফ ৱার্ডেনে ২০২৪ চনৰ ১৪ নৱেম্বৰত ধনচেঙৰ মালিকীস্বত্বৰ প্ৰমাণ-পত্ৰ (প্রমাণ পত্র নং- চি ডব্লিউ এল ডব্লিউ, অসম/অ'চি/০০১৭) প্রদান কৰে। আশ্চর্যজনক কথা যে ২০২৪ চনত ধনচেঙৰ মালিকীস্বত্ব স্বয়ং বন বিভাগে প্রদান কৰাৰ পাছতে একেটা কার্যালয়ে কেনেকৈ ধনচেঙৰ বৈধতাৰ প্ৰশ্ন তুলিব পাৰে। এই লৈ এক গভীৰ ৰহস্য সোমাই আছে। উল্লেখযোগ্য যে ৬ বছৰীয়া ধনচেং এটা দাঁতাল হাতীৰ পোৱালি। এই হাতীৰ পোৱালিটো পাকেপ্ৰকাৰে বন বিভাগে ক্ষীৰেশ্বৰ মৰাণৰ পৰা হস্তগত কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰাৰ গোন্ধ পোৱা গৈছে। আনহাতে, যিখন ডি এন এ পৰীক্ষাৰ ফলাফলৰ ওপৰত বন বিভাগে ধনচেঙৰ বৈধতাৰ প্ৰশ্ন তুলিছে। সেই ডি এন এৰ নমুনা সংগ্ৰহ কৰিছিল ২০২৩ চনৰ আগষ্ট মাহত। উক্ত নমুনা সংগ্ৰহ কৰোতে আন আন প্রায় ৩০টা হাতীও আছিল। ডি এন এ পৰীক্ষাৰ ফলাফলত আন কেইবাটাও হাতীৰ পৰা লোৱা নমুনাত খেলিমেলি পোৱাৰ বাবে সেইকেইটাৰ ফলাফল ওলোৱা নাছিল। কিন্তু ধনচেং আৰু চেনিমলাৰ মাজত কোনো যোগসূত্র নাই বুলি উল্লেখ কৰিছিল।

হয়তো দুয়োটাৰ নমুনাত খেলি-মেলি হোৱাৰো সন্দেহ কৰিব পাৰি। শেহতীয়াকৈ যোৱা ৮ জুনত ধনচেঙক বন বিভাগে জব্দ কৰি লৈ অহাৰ পাছত মালিকপক্ষই পুনৰ মাক-পোৱালিৰ ডি এন এ পৰীক্ষাৰ বাবে বন বিভাগক দাবী জনায়। বন বিভাগে পুনৰ দুয়োটাৰে নমুনা সংগ্ৰহ কৰি ভাৰতীয় বন্যজীৱ সংস্থালৈ প্ৰেৰণ কৰে। ডুমডুমা বন বিভাগৰ বনাঞ্চলিক বিষয়া মৈডী হাছানে যোৱা ৮ জুনত হাতীৰ পোৱালিটো উপযুক্ত নথিপত্র নথকাকৈ জোৰ-জুলুম কৰি লৈ অহাৰ পাছত ক্ষীৰেশ্বৰ মৰাণে তেওঁক সকলো নথি-পত্ৰ প্ৰদৰ্শন কৰাৰ পাছতো হাতীৰ পোৱালিটোক ঘূৰাই নিদিয়াত উপায়হীন হৈ বন বিভাগৰ বিৰুদ্ধে আদালতত গোচৰ তৰে। আদালতে যোৱা ৫ জুলাইত বন বিভাগক হাজিৰ হ'বলৈ নির্দেশ দিয়ে। আদালতত গোচৰ তৰাৰ পাছতে বন বিভাগত হুলস্থুল লাগে। যোৱা ৫ জুলাইত ডুমডুমা বনাঞ্চলিক বিষয়াই ক্ষীৰেশ্বৰ মৰাণলৈ পত্ৰ প্ৰেৰণ কৰে যে ডুমডুমা বন প্ৰাধিকাৰীৰ পৰা পোৱা পত্ৰমতে হাতীৰ পোৱালিটোক মোকলাই দিয়া হৈছে। যিহেতু শেহতীয়া ডি এন এ পৰীক্ষাৰ ফলাফলত দেখা গৈছে যে ধনচেং আৰু চেনিমলাৰ সম্পৰ্ক একেটাই। দুয়োটাই মাক আৰু পোৱালি।

গতিকে হাতীৰ পোৱালিটো ক্ষীৰেশ্বৰক বন প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ পৰা লৈ যাবলৈ নির্দেশ দিয়ে। বন বিভাগৰ এই অযথা হাৰাশাস্তিত ক্ষীৰেশ্বৰৰ পৰিয়ালবৰ্গই বন বিভাগক স্পষ্ট কৰি দিয়ে যে বন বিভাগে যিদৰে নিজেই ঘৰৰ পৰা হাতীৰ পোৱালিটোক আনিছিল, ঠিক তেনেদৰেই হাতীৰ পোৱালিটো ঘৰত চমজাই দি যাব লাগিব। উপায়হীন বন বিভাগে কালি হাতীৰ পোৱালিটোক
ঘৰত থৈ আহেগৈ। ঘৰত হাতীৰ পোৱালিটো চমজাই দিয়াৰ সময়ত এই কথা স্বীকাৰ কৰে যে বন বিভাগৰ এইক্ষেত্রত ভুল হৈছে। লগতে অযথা
হাৰাশাস্তিৰ বাবে ক্ষমা বিচাৰে। এই গোটেই ঘটনাৰ আঁৰত এটা ডাঙৰ ৰহস্য সোমাই থকা বুলি সন্দেহ কৰা হৈছে।

Share This