ডিজিটেল ডেস্ক : অনাদায় ২১ মাহৰ দৰমহা মোকলাই দিয়া, চাকৰি পদ স্থায়ীকৰণ কৰা আদি বিভিন্ন দাবীত আজি ধেমাজি পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ তলা বন্ধ আৰু কৰ্মবিৰতি পালন কৰে। উল্লেখযোগ্য যে ২০১৭ চনত অসমৰ বিভিন্ন ঠাইত স্থাপন কৰা ১১খন পলিটেকনিক কলেজ আৰু দুখন ইঞ্জিনিয়াৰিং কলেজত নিযুক্তি দিয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে লাভ কৰা নাই দহ মাহ বেতন। নতুনকৈ প্রতিষ্ঠা হোৱা এঘাৰখন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজত কৰ্মৰত ৩৪৭ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দহ মাহ ধৰি অনাদায় হৈ থকা বেতন মোকলাই দিয়া, মাহিলি দৰমহা নিয়মীয়াকৰণ কৰি দৰমহা বৃদ্ধি কৰা, চতুৰ্থ বৰ্গৰ পদসমূহ স্থায়ীকৰণ কৰাৰ দাবীত কালিৰে পৰা অৱস্থান ধৰ্মঘট পালনেৰে কৰ্মবিৰতি পালন কৰিছে।
উক্ত দাবীৰ সমৰ্থনত নতুনকৈ প্রতিষ্ঠিত পলিটেকনিক কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাই পাঁচদিনীয়াকৈ কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সন্থাৰ নিৰ্দেশনা অনুসৰি চিমেন চাপৰিস্থিত ধেমাজি পলিটেকনিক কলেজৰ কৰ্মৰত ২৩গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে সোমবাৰৰ পৰা ধেমাজি পলিটেকনিকৰ চৌহদত কৰ্মবিৰতি পালন কৰিছে। স্মৰণীয় যে যোৱা ৯ আগষ্টত অসম চৰকাৰৰ কেবিনেটে ৰাজ্যৰ দুখন ইঞ্জিনিয়াৰিং আৰু এঘাৰখন পলিটেকনিক কলেজৰ মুঠ ২২১ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি পদ নিযুক্তিৰ অনুমোদন জনোৱাৰ সিদ্ধান্ত লয় যদিও আজিও সেই সিদ্ধান্ত ৰূপায়ণ কৰা নাই।
ইতিমধ্যে ধেমাজি পলিটেকনিকৰ অধ্যক্ষৰ জৰিয়তে অসম চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকলৈ ধেমাজি পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে ২০ মাহৰ মাহেকীয়া বেতন মোকলাই দিয়া আৰু অন্যান্য দাবীৰে স্মাৰক-পত্ৰ প্ৰদান কৰাৰ লগতে অসমৰ শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুক সাক্ষাৎ কৰি বাৰম্বাৰ স্মাৰক-পত্ৰ প্ৰদান কৰি আহিছে। উক্ত স্মাৰক-পত্ৰত ধেমাজি পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ হৈ নৱজিৎ দিহিংগীয়া, নকুল টিপমীয়া, লিখন বৰা, সুশীল চমুৱা, গোপাল বৰাসহ ২৩গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে স্বাক্ষৰ কৰে। কিন্তু আজি দুদিন উকলি যোৱাৰ পাছতো সংশ্লিষ্ট কর্তৃপক্ষৰ তৰফৰ পৰা কোনো সঁহাৰি দিয়া পৰিলক্ষিত হোৱা নাই।