পৰকীয়া প্ৰেমৰ বাবেই ইটোৰ পাছত সিটো সংঘটিত হৈছে নৃশংস ঘটনা

dainik janambhumi May 15, 2025

ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো নৃশংস কাণ্ডই জোকাৰিছে ৰাজধানী মহানগৰ গুৱাহাটী। পৰকীয়া প্ৰেমৰ বাবেই গুৱাহাটীত সংঘটিত হৈছে কেইবাটাও চাঞ্চল্যকৰ ঘটনা।

মৃণ্ময়, মুগাংক কাণ্ডৰ পাছত এইবাৰ মহানগৰৰ ধীৰেনপাৰাৰ মানপাৰাত সংঘটিত হ'ল আন এটা চাঞ্চল্যকৰ ঘটনা। ধীৰেনপাৰাৰ মানপাৰাৰ অর্কিড হিলভিউ এপার্টমেন্টত আজি পুৱা সংঘটিত হয় এই ঘটনা। দিগন্ত গগৈ নামৰ এ পাৰ্টমেণ্টটোৰ সৰস্বতী সিং নামৰ নিৰাপত্তাৰক্ষীয়ে এগৰাকী বনকৰা মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে। সংকটজনক অৱস্থাত মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰা হয়। দিগন্ত গগৈৰ আক্ৰমণত হাত আৰু ডিঙিত মহিলাগৰাকীয়ে গুৰুতৰভাৱে আঘাত পাইছে। 

ইতিমধ্যে আৰক্ষীয়ে এপার্টমেন্টটোৰ নিৰাপত্তাৰক্ষী দিগন্ত গগৈক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত দিগন্ত গগৈৰ ঘৰ যোৰহাটৰ চেনীজানত বুলি জানিব পৰা গৈছে। 

ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। সেই অনুসৰি, পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা সংঘটিত হয়। বিগত দুবছৰ ধৰি অর্কিড হিলভিউ এপার্টমেন্টত নিৰাপত্তাৰক্ষী হিচাপে আছিল দিগন্ত গগৈ। একেটা এপার্টমেন্টতে কাম কৰিছিলবনকৰা মহিলাগৰাকীয়ে। দুমাহৰ পূৰ্বে চিনাকি হোৱা বনকৰা মহিলাগৰাকীৰ সৈতে দিগন্ত গগৈৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্তু শেহতীয়াকৈ দুয়োৰে মাজত হোৱা - সংঘাতৰ পাছত ভিডিঅ' কল স্ক্রীন ৰেকৰ্ড কৰি, ভিডিঅ' ভাইৰেল কৰি দিগন্ত গগৈৰ বিৰুদ্ধে এপার্টমেণ্টৰ আৱাসীক মহিলাগৰাকীয়ে অভিযোগ দিছিল। এই কথাতে ক্ষুণ্ণ হৈ দিগন্ত গগৈয়ে প্রতিশোধ ল'বলৈ মহিলাগৰাকীক আক্ৰমণ কৰাৰ বাবে কটাহবাৰীৰ মঙলবৰীয়া বজাৰৰ পৰা এখন দাক্ৰয় কৰি আনিছিল। 

বুধবাৰে মহিলাগৰাকী পুৱা এপার্টমেন্টলৈ কাম কৰিবলৈ অহাৰ সময়তে দাৰে ঘপিয়াই দিগন্ত গগৈয়ে হত্যাৰ চেষ্টা চলায়। উল্লেখযোগ্য যে বনকৰা মহিলাগৰাকী আৰু দিগন্ত গগৈ দুয়ো বিবাহিত বুলি জানিব পৰা গৈছে। অৱশ্যে আৰক্ষীৰ সঠিক অনুসন্ধানত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। কিন্তু) গুৱাহাটী মহানগৰত পৰকীয়া প্ৰেমৰ বাবেই। সঘনাই সংঘটিত হৈ থকা এনে নৃশংস ঘটনাই সকলোকে একপ্ৰকাৰ উদ্বিগ্ন কৰি তুলিছে।

Share This