ধুবুৰীৰ বীৰসিং জৰুৱা সমষ্টিত বিধ্বস্ত যাতায়াত ব্যৱস্থা

dainik janambhumi March 10, 2026

ডিজিটেল ডেস্ক : নিৰ্বাচনৰ বৈতৰণী আহিছে আৰু গৈছে, কিন্তু সমষ্টি উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে পিঠি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ধুবুৰীৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ গাঁও অঞ্চলৰ জনসাধাৰণে। সমষ্টিটোৰ গ্ৰাম্য বাট-পথৰ ৰেহ-ৰূপে বাৰুকৈয়ে জলাকলা খুৱাইছে সাধাৰণ বাসিন্দাসকলক। স্মর্তব্য যে পূর্বে দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অন্তর্ভুক্ত তথা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বীৰসিং জৰুৱা বিধানসভা সমষ্টিত সোমাই পৰা ডিংডিঙা আৰু হাৰুৱাফুটা অঞ্চলৰ ৰাইজ আজিও অৱহেলিত হৈ থকা বুলি অভিযোগ উত্থাপন হৈছে। 

গাঁও দুখনৰ মাজত এটা জিঞ্জিৰাম নৈৰ সুঁতি আছে আৰু সুঁতিটোৰ ওপৰত আজিকোপতি এখন যাতায়াতৰ বাবে পকী দলঙৰ ব্যৱস্থা নোহোৱাত গাঁও দুখনৰ সাধাৰণ বাসিন্দাসকলে সুঁতিটোৰ ওপৰত বাঁহৰ দলং সাজি বছৰ বছৰ ধৰি যাতায়াত কৰি আহিছে। মন কৰিবলগীয়া যে প্রতিবাৰে সংসদীয় কিম্বা বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত অঞ্চলটোৰ জনসাধাৰণৰ যাতায়াতৰ ঘাই সমস্যাস্বৰূপ উক্ত বাঁহৰ দলংখনৰ সলনি পকী দলং নিৰ্মাণ কৰি দিব বুলি একাংশ নির্বাচিত জনপ্রতিনিধিয়ে ভুৱা প্রতিশ্রুতি দি আহিছে যদিও নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সেই প্রতিনিধিজনেই কিন্তু প্ৰকাৰান্তৰেই অঞ্চলটোৰ জনসাধাৰণৰ এই সমস্যাক উলাই কৰি আহিছে। 

ইয়াৰ উপৰি, বাৰিষাকাল আহিলে অধিক দুর্বিষহ হৈ পৰে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা। দুর্গম এলেকাটোত কাল বাৰিষাই যেতিয়া বাঁহৰ দলং বুৰাই পেলায়, তেতিয়া টুলুঙা নাৱকে সাৰথি কৰি আহিছে স্থানীয় বাসিন্দাসকলৰ লগতে স্কুল-কলেজৰ শিক্ষাৰ্থীসকলে। অঞ্চলটোত বিশুদ্ধ খোৱা পানী আৰু গ্ৰাম্য বৈদ্যুতিকীকৰণৰ সমস্যাও দীর্ঘদিনীয়া বুলি জানিব পৰা গৈছে। নিজৰ সমষ্টিৰ উন্নয়ন হোৱা বুলি দাবী কৰা কংগ্ৰেছী বিধায়ক বাজেদ আলী চৌধুৰীৰ বিগত দুটা কার্যকালত গাঁও দুখনৰ কোনো উন্নয়নেই নোহোৱা বুলি স্থানীয় ভোটাৰসকলে আক্ষেপ প্ৰকাশ কৰিছে।

Share This