ডিজিটেল ডেস্কঃ ডিমৌৰ ৰাইচাই গ্রাম্য ক্রীড়াংগনত দেওবাৰে প্রায় ১০ হাজাৰ মহিলাই বিয়ানাম পৰিৱেশন কৰে। অসম বুক অব্ ৰেকৰ্ডছত নাম অন্তর্ভুক্তিৰ লক্ষ্যৰে এই বিয়ানাম পৰিৱেশন কৰা হয়।
সুৰুযমুখী সম্মিলিত মহিলা সমাজৰ উদ্যোগত, ডিমৌ সম্মিলিত নাৰী সমাজ আৰু সমগ্ৰ শিৱসাগৰবাসীৰ সহযোগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আয়তীসকল আহি বিয়ানাম অনুষ্ঠানত অংশগ্রহণ কৰে।
দহ হাজাৰ মহিলাই একেলগে হেৰাবলৈ ধৰা বিয়ানাম উদ্ধাৰৰ লগতে অসম বুকছ অব্ ৰেকৰ্ডৰ বাবে বিয়ানাম গোৱাৰ পৰিকল্পনা কৰিছিল আৰু দেওবাৰে পুৱা ন বজাত ৰেকৰ্ডছৰ বিষয়ববীয়াৰ সন্মুখত তেওঁলোকে একত্রিছ মিনিট বিয়ানাম পৰিৱেশন কৰে। ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে অনুষ্ঠান মুকলি কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে গীনিজ বুক অব্ ৰেকৰ্ডছৰ বাবে পৰিকল্পনা কৰিব বুলি ডিমৌৰ সাংবাদিকক উদ্যোক্তা সমিতিয়ে অৱগত কৰে।