ক'লাজেনৰ কথা জানেনে?

Dainik Janambhumi August 13, 2024

মধুমিতাৰ একলম ......     
  ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ 


ডিজিটেল ডেস্কঃ ক'লাজেনৰ কথা প্ৰায় শুনে চাগে। বৰ্তমান বিভিন্ন মাধ্যমত এই কথা উৰি ফুৰিছে যে ক'লাজেনৰ বাবেই সকলো হয়। বহু সময়ত ইয়াক মাৰ্কেটিংৰ মূল লক্ষ্য কৰি প্ৰসাধন সামগ্ৰী বিক্ৰী কৰিবলৈ  লোৱা দেখা গৈছে। ফলত সাধাৰণ লোকৰ ধাৰণা হৈছে যে  ক'লাজেন কেৱল ছালৰ বাবে প্ৰয়োজন। ই অৰ্ধ সত্য। ক'লাজেন কেৱল ছালত নেথাকে হাড়ৰ গাঠি আদিৰ মাজতো থাকে। 
ক'লাজেন হৈছে আমাৰ চৰ্ম কোষৰ তৰপৰ মাজত বিয়পি থকা লেকেটা, স্বচ্ছ,অৰ্দ্ধ পনীয়া,এঠাজাতীয় দ্ৰব্য । ইয়াক দেখাত ছালকুঁৱৰীৰ  জেলৰ দৰে লাগে। ই প্ৰায় ৮০% পানীৰে গঠিত। লগত প্ৰ'টিন, খাদ্য প্ৰাণ,  খনিজ আদি থাকে। ইয়াৰ বাবে আমাৰ শৰীৰৰ ফ্লেক্সিবিলিটি অৰ্থাৎ চলাচল কৰা ক্ষমতা থাকে আৰু সময়ৰ লগত ই বাঢ়ে। ই ২০ বছৰ বয়সলৈ কাৰ্যক্ষম হৈ থাকে। তাৰ পিছত লাহে লাহে কমি আহে। সেই বাবে এই সময়ত বেয়া খাদ্য কম আৰু ভাল খাদ্য বঢ়াই খাব লাগে। 
ক'লাজেন  বহু ক্ষেত্ৰত গ্ৰহণ লগা হয়। যেনে আঠুৰ বিষ, হাড়ৰ বা মাংসপেশীৰ শিথিলতা নোহোৱা হলে ক'লাজেন অতিৰিক্ত ভাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিব লাগে। বহুতে ক'লাজেনে ছাল ভাল কৰে বুলি অনলাইনত ক্ৰয় কৰি  খায়। চিকিৎসক সকলৰ মতে  এয়া অতি মাৰাত্মক ট্ৰেণ্ডৰ প্ৰচলন হৈছে। ইয়াৰ বাবে বহুত বেমাৰৰ উৎপত্তি হ’ৱ পাৰে। 
ছালৰ বাবে ক'লাজেনৰ প্ৰয়োজন। ইয়াৰ এটা সময়ত উৎপাদন হ্ৰাস হৈ  ন কৈ উৎপাদন নোহোৱা  হয়গৈ। তেতিয়া ছাল ওলমে, বলিৰেখা পৰে, ছালৰ উজ্বলতা নোহোৱা হয়। ইয়াৰ বাবে উচিত খাদ্য খাব লাগে। সেউজীয়া বনৌষধি শাক পাচলি, থলুৱা ফল মূল, চাউল আৰু গাখীৰ তথা গাখীৰৰ পৰা তৈয়াৰী খাদ্য খাব লাগে। মাছ, শামুক, সাগৰীয় শেলুৱৈ, এভোকেড’, লিচু, মাছৰ কলিজা , বড়া চাউল, চাগু, ওটচ, ফ্লেক্স ছিদ আদি খালে ভাল । 
লগতে মাজে সময়ে গাখীৰৰ সৰ, ঘীউ, মৌ আদি খাব লাগে আৰু ছালত লগাব লাগে। আহা থেৰাপী, শ্বীউইদ থেৰাপী, হাইফু থেৰাপী কৰাব। থুতৰি আৰু তলৰ ওঁঠৰ মাজত থকা অলপ ভিতৰলৈ সোমোৱা অংশত আকুপ্ৰেছাৰ দিব লাগে। মৎস্যাসন, সিংহগৰ্জন, ত্ৰিকোনাসন কৰিলে 
ক'লাজেনৰ উৎপাদন নিয়মিত হৈ থাকে। চাউল বা চাউলৰ পৰা উৎপাদন কৰা দ্ৰব্যহে ব্যৱহাৰ কৰিব লাগে। ছিগনেশ্বাৰৰ সকলো প্ৰকাৰৰ সামগ্ৰীৰ মূল উপাদান পাহাৰীয়া চাউল । থলুৱা সামগ্ৰী বুলি হেয় জ্ঞান নকৰি ব্যৱহাৰ কৰি চাবচোন। আপোনাৰ অলপ সহযোগত বহুত থলুৱা লোকে জীৱিকা লাভ কৰে।

Share This