জুবিন গাৰ্গলৈ ২০২৫ বৰ্ষৰ বেলতলা বিহু সমিতিৰ সৰ্বোচ্চ সন্মান ড॰ ভূপেন হাজৰিকা বঁটা

Kakali Deka April 06, 2025

ডিজিটেল ডেস্ক : অন্য বছৰৰ দৰে এইবাৰো বেলতলা বিহু উদযাপন সমিতিয়ে অনুষ্ঠিত কৰিছে পাটমাদৈ প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা ৷এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে ২৪, ২৫ আৰু ২৬ এপ্ৰিলত উদযাপন কৰা হ'ব ৪৮সংখ্যক বেলতলা বহাগী উৎসৱ ৷

প্ৰথম নিশা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু প্ৰাঞ্জিত হালৈয়ে ৷ দ্বিতীয় নিশা সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা আৰু ৰূপালী কাশ্যপে৷ লগতে থাকিব ১০ গৰাকী জ্যেষ্ঠ বৰেণ্য শিল্পীৰ সংগীতানুষ্ঠান ৷

২৬ এপ্ৰিলত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান৷ পাটমাদৈ বঁটা,হুঁচৰি,ঢুলীয়া,পেঁপুৱৈ বিজয়ীসকলক অন্তিম নিশা প্ৰদান কৰা হব বঁটাসমূহ ৷ উল্লেখ্য যে বেলতলা বিহু মঞ্চত কেৱল জুবিন গাৰ্গেহে হিন্দী গীত গাব পাৰিব বুলি মন্তব্য উদযাপন সমিতিৰ৷

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব  জুবিন গাৰ্গলৈ এইবাৰ ২০২৫ বৰ্ষৰ বেলতলা বিহু সমিতিৰ সৰ্বোচ্চ সন্মান ড॰ ভূপেন হাজৰিকা বঁটা ৷ ২৫ এপ্ৰিলত জুবিন গাৰ্গক বিহু উদযাপন সমিতিয়ে প্ৰদান কৰিব এই বঁটা ৷ শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰিব ড॰ ভূপেন হাজৰিকাৰ ভগ্নী কবিতা বৰুৱাই ৷ 

এই বঁটাত থাকিব ২ লাখ টকা নগদ ধনৰ লগতে ড॰ ভূপেন হাজৰিকা স্মাৰক, মানপত্ৰ, চেলেং। বেলতলা বিহুৰ আন এক সন্মানজনক বঁটা পাটমাদৈ বঁটা ৷

Share This