ডিজিটেল ডেস্ক : অসম কন্যা লাভলীনা বৰগোহাঁয়ে কালি কমনৱেলথ গেমছৰ বক্সিঙৰ মহিলাৰ ৭৫ কেজি শাখাত এক কঠিন যুঁজত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। অষ্ট্ৰেলিয়াৰ এম্মা ছুই গ্রিনিটিয়ে তেওঁক বিচাৰক বিভাজিত সিদ্ধান্ত অনুসৰি ৪-১ ব্যৱধানত পৰাজিত কৰে। দুয়োৰে মাজত হোৱা কালিৰ যুঁজখন যথেষ্ট ৰোমাঞ্চকৰ আছিল। দুয়ো এটাকৈ ৰাউণ্ডত জয়ী হৈ তৃতীয় ৰাউণ্ডত পৰস্পৰৰ বিৰুদ্ধে প্রচণ্ড যুঁজ দিয়ে। মূৰকত যুঁজৰ ফল এম্মাৰ পক্ষে যায়।
উল্লেখযোগ্য যে লাভলীনা ফাইনেলৰ প্ৰথম ৰাউণ্ডত অষ্ট্ৰেলিয়াৰ এম্মা ছুই গ্রিনিটিৰ হাতত ৪-১ ব্যৱধানত পৰাজিত হয়। অৱশ্যে, দ্বিতীয় ৰাউণ্ডত তেওঁ ছন্দ ঘূৰাই পায় আৰু এম্মাক ৪-১ ব্যৱধানত পৰাজিত কৰে। ইয়াৰ আগতে লাভলীনাই মহিলাৰ ৭৫ কেজি শাখাত প্রতিযোগীৰ সংখ্যা কম হোৱাত পোনে পোনে ছেমি ফাইনেলত স্থান লাভ কৰে। ছেমি ফাইনেলত তেওঁ শুকুৰবাৰে তুৱালুৰ তাৰোনা তাফাফীক ৫-০ ব্যৱধানত পৰাজিত কৰি প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ ফাইনেলত উপনীত হয়।
লাভলীনাই ২০১৮ চনৰ কমনৱেলথ গেমছত অংশগ্রহণ কৰিছিল যদিও পদক জয় কৰাত ব্যর্থ হৈছিল। সেই বছৰেই দিল্লীত অনুষ্ঠিত ইণ্ডিয়া অ'পেনত স্বর্ণপদক, ২০১৭চনত ভিয়েটনামত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জ, আষ্টানাত অনুষ্ঠিত প্রেছিডেন্ট কাপত ব্ৰঞ্জৰ পদক জয় কৰে। ২০১৮ চনত মংগোলিয়াৰ উলানবাটৰত অনুষ্ঠিত উলানবাটৰ কাপত ৰূপৰ পদক, পোলেণ্ডত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল ছিলেছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে।
আনহাতে, একে বছৰতে নতুন দিল্লীত অনুষ্ঠিত এ আই বি এ মাহলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত প্রথমবাৰৰ বাবে অংশগ্ৰহণ কৰি ৱেল্টাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক জয় কৰে। ২০১৯ চনত ৰাছিয়াত অনুষ্ঠিত প্রতিযোগিতাখনত তেওঁ পুনৰ ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২০ চনত তেওঁ এছিয়া ওচেনিয়া বক্সিং অলিম্পিক কোৱালিফিকেশ্যন টুর্নামেন্টত উজবেকিস্তানৰ প্ৰতিযোগীক পৰাজিত কৰি মহিলাৰ ৬৯ কেজি শাখাত তেওঁ অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰে। অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰা তেওঁ প্রথমগৰাকী অসমীয়া মহিলা বক্সাৰ। তেওঁ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে। অলিম্পিকত পদক জয় কৰা তেওঁ অসমৰ প্ৰথমগৰাকী খেলুৱৈ। আনহাতে ২০২৩ চনৰ বিশ্ব মহিলা বক্সিঙত ৭৫ কেজি শাখাত প্রতিদ্বন্দ্বিতা কৰি তেওঁ সোণৰ পদক জয় কৰে। লাভলীনাই ২০২৪ চনৰ পেৰিছ অলিম্পিকতো অংশগ্ৰহণ কৰিছিল, কিন্তু পদক জয়ত ব্যর্থ হয়।
ভাৰতে এতিয়ালৈকে বক্সিঙত পাঁচটা সোণৰ আৰু দুটা ৰূপৰ পদক জয় কৰে। ইফালে, মহিলাৰ ৫১ কেজি শাখাত সাক্ষী চৌধৰীয়ে ইংলেণ্ডৰ ৰুবী হোৱাইটক ৫-০ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক জয় কৰে। তেওঁ তিনিওটা ৰাউণ্ডত আধিপত্য বিস্তাৰ কৰে। ৬০ কেজি শাখাৰ ফাইনেলত কানাডাৰ মেৰী বাথেল আল আহমেদীক ৪-১ ব্যৱধানত পৰাজিত কৰি স্বৰ্ণ পদক হস্তগত কৰে। ইফালে মহিলাৰ ৭০ কেজি শাখাৰ ফাইনেলত অৰুন্ধতী চৌধৰীয়ে ইংলেণ্ডৰ চেন্টেল ৰীডক ৫-০ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক লাভ কৰে। ইফালে জুডোকা উন্নতি শর্মাই ৬৩ কেজি শাখাত দক্ষিণ আফ্ৰিকাৰ স্কাই কনোষ্টৰক পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।