আজিৰ সম্পাদকীয় ন্যায়-অন্যায়

Dainik Janambhumi December 27, 2024

চৰকাৰ আৰু ন্যায়পালিকা ভাৰতীয় গণতন্ত্ৰৰ মূল স্তম্ভ৷ গণতন্ত্ৰ সুস্থভাৱে বৰ্তি থাকিবলৈ হ’লে এই দুয়োটা স্তম্ভ শক্তিশালী হ’বই লাগিব, লগতে প্ৰতিটো স্তম্ভই নিজস্ব শক্তি অটুট ৰখাৰ বাবে পৰস্পৰৰ বৈশিষ্ট্যক সন্মান জনাই সমৰ্থন আগবঢ়াই যাব লাগিব৷ কিন্তু যোৱা কিছুদিনত আমাৰ চৰকাৰ আৰু ন্যায়পালিকাৰ মাজত পৰস্পৰৰ প্ৰতি সদ্ভাৱ প্ৰকট হোৱা নাই, বৰঞ্চ কিছুমান বিষয়ক লৈ দুয়োপক্ষৰ মাজত সংঘাতৰ ছবি এখনহে দেখিবলৈ পোৱা গৈছে৷

দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই যোৱা বুধবাৰে গুৱাহাটীৰ সমীপৰ আজাৰাত সাংবাদিকৰ এটা অনুষ্ঠানত চৰকাৰৰ কিছুমান কাম-কাজক মুকলিকৈ সমালোচনা কৰে৷ এনে এটা সময়ত ন্যায়াধীশ ভূঞাই চৰকাৰৰ কিছুমান নীতিক সমালোচনা কৰিছে, যি সময়ত ‘কলেজিয়াম’ ব্যৱস্থাৰে ন্যায়াধীশৰ নিযুক্তিৰ বৰ্তমানৰ ব্যৱস্থাটোত চৰকাৰৰ আপত্তি, দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত, নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হোৱা দেশবাসীয়ে দেখিবলৈ পাইছে৷ ন্যায়াধীশ ভূঞাই ‘এনকাউণ্টাৰ’, ‘বুলড’জাৰ ন্যায়’ৰ দৰে সাম্প্ৰতিক সময়ৰ অতি স্পৰ্শকাতৰ বিষয় কিছুমানৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক মুকলিকৈ সমালোচনা কৰে আৰু ইয়াৰ দ্বাৰা একাংশ লোকৰ অধিকাৰক খৰ্ব কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে৷ উল্লেখযোগ্য যে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়েৰে ন্যায়াধীশ ভূঞাই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ ই ডি, চি বি আয়ে ৰাজনৈতিক নেতাক কৰা গ্ৰেপ্তাৰ আৰু তেওঁলোকৰ বিৰুদ্ধে অবৈধ লেনদেনৰ অভিযোগৰ ক্ষেত্ৰত ন্যায়াধীশ উজ্জ্বল ভূঞা অন্যতম সদস্য হিচাপে থকা পীঠে দিয়া শক্তিশালী ৰায়ে চৰকাৰক শ’লঠেকত পেলাইছে৷

সেইগৰাকী উজ্জ্বল ভূঞাই চৰকাৰৰ কেতবোৰ নীতিক সমালোচনা কৰাটো সাম্প্ৰতিক সময়ত এক উল্লেখযোগ্য ঘটনা৷ ন্যায় সন্দৰ্ভত মাৰ্টিন লুথাৰ কিং জুনিয়ৰে কৰা এটা মন্তব্য এনেধৰণৰ– Injustice everywhere is a threat to justice everywhere৷ আমেৰিকাৰ ১৯৬০-৭০ৰ দশকৰ কৃষ্ণাংগসকলৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ প্ৰবাদপ্ৰতিম নেতা মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ ন্যায়-অন্যায়ৰ সংঘাতক লৈ উল্লিখিত মন্তব্য দেশে দেশে আজিও প্ৰাসংগিক বিবেচিত হৈ আহিছে৷ ৰাজতন্ত্ৰত নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব হোৱাটোত বিশেষ অস্বাভাৱিকতা নাথাকে৷ কমিউনিষ্ট পাৰ্টি শাসিত দেশতো পাৰ্টিৰ নীতিৰেহে দেশৰ শাসন চলে, নাগৰিকৰ মতামতৰ গুৰুত্ব বিশেষ নাথাকে৷ কিন্তু গণতান্ত্ৰিক দেশত নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণৰ গুৰুত্ব দিয়া হয়, সংবিধানৰ মতে দেশ পৰিচালনা হ’ব লাগে আৰু গণতান্ত্ৰিক দেশত ন্যায়পালিকাক সংবিধানৰ অভিভাৱক আখ্যা দিয়া হয়৷ সেইবাবে গণতান্ত্ৰিক শাসনত বিধানপালিকা, ন্যায়পালিকা আৰু জনসাধাৰণৰ পোনপটীয়া সম্পৰ্ক থাকে৷

বিধানপালিকাই কাৰ্যপালিকাক লগত লৈ শাসন পৰিচালনা কৰোঁতে জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব হ’লে বা সাংবিধানিক বিধি-ব্যৱস্থাৰ উলংঘন হ’লে ন্যায়পালিকাই তাত হস্তক্ষেপ কৰে৷ জীৱন-যাত্ৰা সৰল হৈ থাকোঁতে বা ৰাজনৈতিক পৰিৱেশ জটিলতাহীন হৈ থকা অৱস্থাত আমাৰ দেশত বিধানপালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা নিজা নিজা পৰিসৰত সৰল ৰৈখিক গতিৰে  আগবাঢ়িছিল, কিন্তু সময়ৰ পৰিৱৰ্তন আৰু জীৱন-যাত্ৰাৰ পৰিৱৰ্তনৰ লগে লগে সাংবিধানিক অনুষ্ঠানবিলাকৰো ভূমিকাৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিছে৷ ফলত সংঘাতো বৃদ্ধি পাইছে৷ এতিয়া চৰকাৰ-ন্যায়পালিকাৰ সংঘাত পদে পদে বিদ্যমান৷ ন্যায়াধীশ ভূঞাৰ মন্তব্যত তাৰেই এটা ৰূপ প্ৰতিফলিত হোৱা বুলি ক’ব পাৰি৷ সম্প্ৰতি দেশৰ প্ৰান্তে প্ৰান্তে ঘটি থকা তথাকথিত ‘এনকাউণ্টাৰ’ কিছুমানক সমালোচনা কৰি ন্যায়াধীশগৰাকীয়ে স্পষ্টভাৱে কয় যে চৰকাৰ চলাই থকাসকলে উগ্ৰপন্থীৰ দৰে আচৰণ কৰিব নোৱাৰে৷ বৰ্তমানৰ ‘এনকাউণ্টাৰ’বোৰক এসময়ত অসমত হোৱা ‘গুপ্ত হত্যা’ৰ সৈতে তুলনা কৰি ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন কৰে– ‘পুৱতি নিশা অভিযুক্ত এজনক ঘটনাস্থলীলৈ নিয়াৰ যুক্তি কি?’ ‘বুলড’জাৰ ন্যায়’ সন্দৰ্ভত ন্যায়াধীশগৰাকীয়ে কয় যে ব্যক্তি এজনে কৰা দোষণীয় কামৰ বাবে তেওঁৰ ঘৰটো ভাঙি পেলোৱাটো উচিত নহয়৷ দোষী হয় নে নহয় তাৰ নিৰ্ণয় ন্যায়পালিকাইহে কৰিব৷ কাৰ্যপালিকাই সেই কাম কৰা উচিত নহয়৷

ভাষণটোত ন্যায়াধীশ ভূঞাই সাম্প্ৰতিক সময়ৰ আৰু বহু বিষয়ৰ অৱতাৰণা কৰে, কিন্তু উল্লিখিত যিকেইটা বিষয় তাত সাম্প্ৰতিক চৰকাৰৰ শাসনৰ ‘নীতি’ নিহিত হৈ আছে৷ ‘এনকাউণ্টাৰ’ বা ‘বুলড’জাৰ ন্যায়’ বিক্ষিপ্ত ঘটনা নহয়, শাসনাধিষ্ঠিত চৰকাৰে গ্ৰহণ কৰা কিছুমান পৰিকল্পিত পদক্ষেপ৷ উচ্ছতম ন্যায়ালয়ে বিচাৰপীঠত এনেকুৱা কাৰ্যৰ বিৰুদ্ধে ৰায় দিয়া, ন্যায়াধীশে মুকলিকৈ ইয়াৰ সমালোচনা কৰাৰ পাছত চৰকাৰৰ ভূমিকা কি হ’ব? চৰকাৰে পৰিকল্পিতভাৱে কৰি থকা এনেকুৱা ‘অবৈধ’ কামবোৰ বন্ধ কৰিব জানো? এনেকৈ কিছুমান ‘নীতিগত’ বিষয়ক লৈ চৰকাৰ আৰু ন্যায়পালিকাৰ মাজত  মতভেদ ঘটিছে৷ অদূৰ ভৱিষ্যতে হয়তো এনেকুৱা অন্য কিছুমান বিষয়া ইয়াত সাঙোৰ খাব, সংঘাত বাঢ়ি যাব৷ ন্যায়াধীশ ভূঞাৰ ভাষণটোৱে তাৰেই ৰেঙনি দেখুৱাইছে৷ কাৰ্যপালিকা-ন্যায়পালিকাৰ সংঘাত বৃদ্ধি পোৱাটো দেশৰ গণতন্ত্ৰৰ বাবে শুভলক্ষণ নহয়৷

Share This