সম্পাদকীয়,সাহিত্য সভা...

Dainik Janambhumi November 07, 2024

ডিজিটেল ডেস্কঃ  অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছত অসমীয়া ভাষাৰ হকে কাম কৰি থকা অনুষ্ঠান, সংস্থা, ব্যক্তিৰ প্ৰতি জনতাৰ দৃষ্টি স্বাভাৱিকতেই পৃথক হ’ব বুলি ভবা হৈছিল৷ সেইদৰে ভবা হৈছিল ভাষা বা সাহিত্যৰ সংগঠন-অনুষ্ঠানসমূহৰ চাল-চলনবোৰ পূৰ্বতকৈ অধিক সুস্থিৰ আৰু গম্ভীৰ হ’ব, নতুন ৰূপত-নতুন চিন্তাৰে জনতাক লগত লৈ তেওঁলোক আগবাঢ়ি যাব৷ কিন্তু বাস্তৱত তেনে একো দেখা নগ’ল৷ দেশৰ ভিতৰতে অন্যতম পুৰণি আৰু বৃহৎ সাহিত্যানুষ্ঠান ‘অসম সাহিত্য সভা’ৰ মজিয়াতে পুনৰবাৰ চাৰ্কাছ-নৃত্য পৰিলক্ষিত হ’ল৷ সভাপতিৰ নিৰ্বাচনক লৈ কুটিল ৰাজনীতি, খোৱা-কামোৰা, পাশাখেল আদিয়ে জাতীয় অনুষ্ঠানটোৰ প্ৰতিয়েই জনগণৰ আনুগত্য নোহোৱা কৰি পেলালে৷

কেৱল এইবাৰেই নহয়, যোৱা কিছু বছৰৰ আগৰে পৰা সাহিত্য সভাৰ নিৰ্বাচন বুলিলেই বিতৰ্কৰ সূচনা হৈ আহিছে৷ এনে বিতৰ্ক, অসন্তুষ্টিৰ পটভূমিতেই সাহিত্য সভাৰ সমান্তৰাল আন এক অনুষ্ঠান ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ জন্ম হৈছিল৷ সি যি নহওক, প্ৰশ্ন হয়– সাহিত্য সভাৰ নিৰ্বাচনক লৈ প্ৰতিবাৰেই কিয় বিতৰ্কৰ সূচনা হয় ? উত্তৰটো সকলোৰে নখ দৰ্পণত৷ তথাপি ক’ব পাৰি– যেতিয়াৰে পৰা সাহিত্য সভাত ৰাজনীতিয়ে বৰপীৰা পাৰি বহিল, চৰকাৰৰে সনাপোটোকা বেছি হ’ল, সেই তেতিয়াৰে পৰা ই প্ৰকৃত সাহিত্যৰ অনুষ্ঠান হৈ থকা নাই৷ ৰাজনীতিৰ বাবেই সভাৰ মজিয়াত ক্ষমতা দখলৰ যুঁজখনো তীব্ৰ হৈ উঠিল৷ একাংশই দুবাৰ-তিনিবাৰ ক্ষমতা দখল কৰাটো কৃতিত্ব বুলি ভাবিবলৈ ল’লে৷ ক্ষমতাশালী একাংশই আকৌ ক্ষমতা খটুৱাই কেৱল সংবিধানেই নহয়, সভাৰ সমগ্ৰ পৰিৱেশকেই সলনি কৰি পেলালে৷ ৰাইজে নিবিচৰা সত্ত্বেও, অধিকাংশ শাখাই নিবিচৰা সত্ত্বেও ৰাতিৰ ভিতৰতে নতুন নতুন শাখাক সক্ৰিয় কৰি কৌশলেৰে ক্ষমতা দখলৰ নজিৰো দেধাৰ ওলাল৷ ইয়াৰ ফলত কাৰ কি লাভ হ’ল ? চাবলৈ গ’লে একাংশ নামত সভাপতি হ’ল ঠিকেই, কিন্তু সভাৰ মৰ্যাদা কাললৈকে অৱনমিত কৰি পেলালে৷ আনকি তেওঁলোকে ভোগ কৰি যোৱা ‘সভাপতি’ পদটোৰ প্ৰতি থকা জনতাৰ সম্ভ্ৰমকণো নোহোৱা কৰি পেলালে৷ আজি সাহিত্য সভাৰ অনুষ্ঠান বুলিলেই ৰাইজে সন্দেহৰ দৃষ্টিৰে চোৱা হ’ল কিয় ?

আচলতে সাহিত্য সভাৰ সভাপতিৰ দৰে পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাটোৱেই আটাইতকৈ ডাঙৰ বিতৰ্কৰ বিষয়৷ কাৰোবাক নিৰ্বাচনত হৰুৱাই সাহিত্যৰ এটা অনুষ্ঠানৰ সভাপতি হোৱাটো কোনেও বাঞ্ছা নকৰে৷ আন কথাত সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানত প্ৰতিযোগিতাৰ বিষয়টোৱেই কিবা অখজা ধৰণৰ, যাৰ বাবে মামণি ৰয়ছম গোস্বামীৰ দৰে প্ৰথিতযশা ব্যক্তিয়ে সভাপতিৰ পদ প্ৰত্যাখ্যান কৰিছিল৷ তেওঁ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ সাহিত্য সভাৰ সভাপতি হ’বলৈ অনিচ্চুক আছিল৷ অৱশ্যে ইয়াৰ আন কাৰণো নোহোৱা নহয়৷ সাহিত্য সভাৰ নিৰ্বাচনত সাধাৰণ সাহিত্যসেৱীৰ মত লোৱা নহয়৷ মত লোৱা হয় শাখা সাহিত্য সভাসমূহৰ৷ কিন্তু অসমৰ অধিকাংশ লেখক-সাহিত্যিকেই সাহিত্য সভাৰ সদস্য নহয়৷ সেয়ে শাখা সাহিত্য সভাৰ দায়িত্বত থকা বহু অ-সাহিত্যিক সভাপতি-সম্পাদকেই মূল সভাপতি আৰু আন বিষয়ববীয়া নিৰ্বাচন কৰাৰ পৰম্পৰা চলি আহিছে৷ যাৰ বাবে দৃষ্টিকটু হ’লেও সাধাৰণ নিৰ্বাচনৰ দৰে ‘কেম্পেইনিং’ কৰা হয়, প্ৰচাৰ চলোৱা হয়, ভোট দিবলৈ আহ্বান জনোৱা হয়৷ তাতে ভিতৰুৱাকৈ ‘ফিটিং’, ‘বুকিং’ আদিবোৰ থাকেই৷ এনেবোৰ কাৰবাৰৰ বাবেই যোৱাবাৰ অসংখ্য সাহিত্যসেৱীয়ে বিচৰাৰ পাছতো সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংচিয়ে মাত্ৰ কেইটামান ভোটত পৰাজিত হ’বলগীয়া হৈছিল৷ এইবাৰ আৰু এখোপ চৰা৷ পূৰ্বৰে পৰা বহুকেইগৰাকী সাহিত্যিকৰ নাম সভাপতিৰ পদৰ বাবে চৰ্চাত আছিল৷

কিন্তু মিডিয়াত ভাইৰেল হোৱা তালিকাত তেওঁলোকৰ নাম হঠাতে নোহোৱা হ’ল৷ তাৰ পৰিৱৰ্তে বাছনী সমিতিৰ একাংশ সদস্যৰ লগতে আন একাংশ অতি জ্যেষ্ঠ, অসুস্থ ব্যক্তিৰ নাম সন্নিৱিষ্ট হ’ল৷ এই তালিকাৰ জৰিয়তে ন্যস্ত স্বাৰ্থলোভীয়ে খেলখন খুব সুন্দৰকৈয়ে খেলিছিল৷ কিয়নো সংবিধান অনুসৰি বাছনী সমিতিৰ সদস্য, অসুস্থ ব্যক্তিৰ নাম চূড়ান্ত বাছনিত এনেয়েও বাতিল হ’লহেঁতেন৷ তেতিয়া হয়তো এগৰাকী বা দুগৰাকী মাত্ৰ ব্যক্তিৰ নাম ৰৈ গ’লহেঁতেন, যি অসাহিত্যিক হ’লেও সাহিত্য সভাৰ সভাপতি হৈ থাকিলহেঁতেন৷ কিন্তু মিডিয়াযোগে ভাইৰেল হোৱা এই তালিকাক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্ক হোৱাত বৰ্তমানৰ সভাপতিয়ে এইখন প্ৰকৃত তালিকা নহয় বুলি ঘোষণা কৰিবলৈ বাধ্য হয়৷ সভাপতিৰ মতে, অচিৰেই প্ৰকৃত তালিকাখন ঘোষণা কৰা হ’ব, তাৰ পাছতহে নিৰ্বাচন হ’ব৷ অৱশ্যে সভাৰ সৈতে জড়িত একাংশ লোকেই সভাপতিয়ে উপায়বিহীন হৈয়ে এনে ঘোষণা কৰা বুলি ব্যক্ত কৰিছে৷ তেওঁলোকৰ মতে সভাপতিয়ে তালিকাখনত আৰু চাৰিগৰাকীমান সাহিত্যিকৰ নাম সন্নিৱিষ্ট কৰি ক্ষোভ মৰিষণৰ ব্যৱস্থা কৰিব৷ কিন্তু কথা হ’ল– সভাপতিয়ে কাৰ-কিমান ক্ষোভ কিদৰে মৰিষণ কৰিব ? অসমৰ সাহিত্যসেৱী সমাজে সাহিত্য সভাৰ পৰা অসাহিত্যিকৰ দপদপনি নোহোৱা হোৱাটো বিচাৰে৷ সাহিত্য সভাৰ পৰা ৰাজনীতি নোহোৱা হোৱাটো বিচাৰে৷ সভাৰ হৃত মৰ্যাদা ঘূৰি অহাটো বিচাৰে৷

তাৰ বাবে যুগান্তকাৰী ব্যৱস্থাৰ পৰিৱৰ্তে কেৱল তালিকাৰ নাম সলনি কৰিলেই ক্ষোভৰ মৰিষণ হ’বনে ? তেনেহ’লে কি হ’ব পাৰে সেই যুগান্তকাৰী ব্যৱস্থা ? এই কথা ঠিক, অসম সাহিত্য সভাৰ দৰে শতবৰ্ষীয় অনুষ্ঠান এটাৰ হৃত মৰ্যাদা উদ্ধাৰৰ প্ৰশ্ন যেতিয়াৰ পৰা উত্থাপন হৈছে, তেতিয়াৰে পৰা অসমৰ ৰাইজে সভাপতিৰ পদটোত নিৰ্বাচন পৰিহাৰৰ আহ্বান জনাই আহিছে৷ ইয়াৰ পৰিৱৰ্তে জনতাৰ মত, সাহিত্যসেৱীৰ মতৰ ভিত্তিত সভাপতিগৰাকীক মনোনীত কৰাৰ পোষকতা কৰি আহিছে৷ অৰ্থাৎ সভাপতিৰ নিযুক্তিৰ দায়িত্ব জনতাক দিবলৈ কোৱা হৈছে৷ জনতাই যাক ভাল পাব তাকে সভাপতি পাতিব আৰু বেয়া পোৱাজনক আঁতৰাই ৰাখিব৷ সেইদৰে সাহিত্য সভাৰ পৰা মেলামুখিতা পৰিহাৰৰ দাবীও পুৰণি৷ গণ্ডাই গণ্ডাই অসাহিত্যিকক লৈ ডাঙৰ সমাৱেশৰ পৰিৱৰ্তে সংখ্যাৰ লেখেৰে এমুঠিমান হ’লেও কেৱল লেখক-সাহিত্যিকক লৈয়ে অনুষ্ঠান কৰাৰ আহ্বানো আছে৷ আহ্বান আছে– অধিৱেশনত কেৱল গ্ৰন্থমেলাই থকাৰ, ৰাজনৈতিক পৃষ্ঠপোষকতা ল’লেও শংকৰদেৱ সংঘৰ দৰে স্বতন্ত্ৰ হোৱাৰ৷ অৰ্থাৎ সভাই চৰকাৰৰ আঙুলিৰ ঠাঁৰত নচা বন্ধ কৰিব লাগিব, অসমৰ ৰাইজে সাহিত্য সভা বুলি ক’লে মনত যিখন ছবি কল্পনা কৰে, সেইখন ছবিৰ বাস্তৱতা তুলি ধৰিবলৈ বিষয়ববীয়াসকল সচেষ্ট হ’ব লাগিব৷ এইখিনি কৰিবলৈ বৰ বিশেষ কঠিনো নহ’ব চাগৈ৷

পদবী অক্ষত ৰাখিবলৈ যিদৰে সভাৰ সংবিধান পৰ্যন্ত সলনি কৰিব পাৰে, গোপন বুজাপৰা কৰিব পাৰে, সেইদৰে জনতাৰ সদিচ্চা ঘূৰাই আনিবলৈ প্ৰয়োজনীয় সংশোধনীখিনি কৰিব নি(য় পৰা যাব৷ আৰু যিদিনালৈ এইখিনিকে কৰা নহ’ব, সেইদিনালৈকে সাহিত্য সভা বিতৰ্কৰ সাগৰতে উটি-বুৰি থাকিব আৰু জনতাৰ আগ্ৰহ-অনুকম্পাৰ পৰাও আঁতৰি গৈয়ে থাকিব৷

Share This