নিৰ্বাচনবিহীন নিৰ্বাচন.....
Kakali Deka
November 14, 2024
ডিজিটেল ডেস্কঃ ১৯৯৩ চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই সভাপতিৰ অভিভাষণত কৈছিল– ‘সুলিখিত ৰচনা মাত্ৰেই সাহিত্য নহয়৷ যেনেকৈ সুলেখক মাত্ৰেই সাহিত্যিক নহয়৷ সুলেখকৰ আত্মদৰ্শন নঘটিলেও হয়, কিন্তু সাহিত্যিকৰ বাবে ই অপৰিহাৰ্য৷ সাহিত্যিকে স্ব-কালৰ সত্যক অন্বেষণ কৰি চিৰকালৰ সত্যক স্পৰ্শ কৰে৷’ সুদীৰ্ঘ ৩০ বছৰৰ পাছত সেই একাষাৰ কথাকে পুনৰাবৃত্তি কৰিলে প্ৰথিতযশা সাহিত্যিক, পণ্ডিত ড০ নগেন শইকীয়াই৷
অৱশ্যে দুয়োগৰাকীৰে প্ৰসংগ পৃথক৷ বৰ্তমানৰ সাহিত্য সভাৰ সভাপতিকেন্দ্ৰিক বিতৰ্কৰ প্ৰসংগতে ড০ শইকীয়াই উনুকিয়ায় যে সাহিত্য সভাৰ দৰে এটা কেৱল সাহিত্যৰ গৰিমামণ্ডিত অনুষ্ঠানৰ সভাপতি হ’বলৈ হ’লে সেই ব্যক্তিগৰাকী প্ৰকৃত সাহিত্যিক হ’ব লাগিব৷ অৰ্থাৎ সুধাকণ্ঠই কোৱাৰ দৰে প্ৰকৃত সাহিত্যিকৰ গুণৰাজিৰে গুণী ব্যক্তিহে সাহিত্য সভাৰ সভাপতি হোৱা উচিত৷ অ-সাহিত্যিক এজনক ইয়াৰ দায়িত্ব দিলে সেইখন সাহিত্য সভা হৈ নাথাকে৷ বৰ্তমানৰ সাহিত্য সভাত যেন সেয়াই হৈ আহিছে৷ যাৰ বাবে ড০ শইকীয়াই নিজকে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি পৰিচয় দিবলৈকে লজ্জাবোধ কৰা বুলিও ব্যক্ত কৰিছে৷ সেইদৰে সাহিত্য সভাৰ সম্পাদক সন্দৰ্ভতো তেওঁ কৈছে– সম্পাদক পদটোৰ বাবে সেইজন ব্যক্তি উপযুক্ত হ’ব, যিজন ত্যাগী আৰু উছৰ্গা মনোভাবৰ৷ নিজৰ ব্যক্তি স্বাৰ্থ ত্যাগ কৰিব পৰা মানুহেহে সাহিত্য সভাৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰিব৷ সি যি নহওক, এতিয়াৰ আটাইতকৈ আলোচিত দুটা বিষয় হ’ল– প্ৰকৃত সাহিত্যিকৰ গুণেৰে সমৃদ্ধ এগৰাকী নমস্য ব্যক্তি প্ৰতিযোগিতাৰ মাজেৰে সাহিত্য সভাৰ সভাপতি হোৱা উচিতনে ? আৰু কেৱল সাহিত্যৰ সভাত অ-সাহিত্যিকৰ পয়োভৰ কিমান সমীচীন?
যোৱা ভালেমান বছৰ ধৰি এই প্ৰসংগতেই বিতৰ্ক সূচনা হৈ আহিছে৷ পূৰ্বে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হোৱাৰ বাবেই সাহিত্য সভাৰ সভাপতি হ’বলৈ অস্বীকাৰ কৰিছিল ড০ ভবেন্দ্ৰ নাথ শইকীয়া, মামণি ৰয়ছম গোস্বামীৰ দৰে বহু বিশিষ্ট সাহিত্যিকে৷ পৰৱৰ্তী সময়তো বহু সাহিত্যিকে আগতীয়াকৈ সভাপতিৰ পেনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰি আহিছে৷ এইবাৰো অনুৰাধা শৰ্মা পূজাৰী, ড০ ভীমকান্ত বৰুৱাৰ দৰে বহুকেইগৰাকীয়ে সভাপতিৰ পেনেলৰ পৰা নাম উঠাই লৈছে৷ নাম উঠাই লৈছে নাহেন্দ্ৰ পাদুন, ড০ অনিল শইকীয়াই৷ অৱশ্যে ড০ অনিল শইকীয়াৰ নাম উপ-সভাপতিৰ বাবেহে উঠিছিল৷ যদিও ইয়াৰ কাৰণ তেওঁলোকে ব্যক্তিগত বুলি উল্লেখ কৰিছে, কিন্তু প্ৰকৃত সত্যটো হ’ল সভাক লৈ হোৱা বিতৰ্ক৷
নিৰ্বাচনত হৰা-জিকা, মানসিক আঘাত আদিবোৰ বহুতৰে বাবে তেনেই সহজ ঘটনা নহয়৷ যোৱাবাৰ মাত্ৰ ৫৭টা ভোটত পৰাজিত হোৱা য়েছে দৰজে ঠংচিয়ে এইবাৰ সভাপতি হোৱাৰ নামেই লোৱা নাই৷ অপ্ৰিয় সত্যটো হ’ল– সভাপতিৰ বাছনিৰ নামত হোৱা নিৰ্বাচনী কাৰচাজিবোৰে তেওঁৰ উৎসাহী মনটোকে ভাঙি পেলালে৷ সেয়ে হয়তো সাহিত্য সভাৰ প্ৰতিয়েই তেওঁ মোহভংগ হৈ পৰিছে৷ তেওঁ সাংবাদিকৰ আগত কৈছে যে সাহিত্য সভাক লৈ তেওঁৰ ক’বলগীয়াও একো নাই, শুনিবলগীয়াও নাই৷ চাবলৈ গ’লে এইষাৰ এনেয়ে কোৱা কথা নহয়৷ মনত গভীৰ আঘাতবোধে ক্ৰিয়া কৰাৰ বাবেই হয়তো নিঃসৰিত এনে মন্তব্য৷ এয়া এটা উদাহৰণহে মাত্ৰ৷
এনেবোৰ কাৰণতেই সাহিত্য সভাৰ পৰা প্ৰতিযোগিতা-প্ৰতিদ্বন্দ্বিতাক আঁতৰাই পেলাবলৈ সদায়ে সৰৱ হৈ আহিছে সমীৰ তাঁতিৰ দৰে বিশিষ্ট কবি-সাহিত্যিক৷ এইবাৰো তেওঁ কৈছে– ‘সাহিত্য সভাত নিৰ্বাচনৰ প্ৰশ্ন নাহে৷ কিয়নো সাহিত্য সভা জাতীয় অনুষ্ঠান, ৰাজনৈতিক দল নহয়৷’ তেওঁ একাংশ মতলববাজ মানুহে সাহিত্য সভা নষ্ট কৰি পেলোৱা বুলিও ক্ষোভ প্ৰকাশ কৰিছে৷ তেওঁৰ মতে, সাহিত্য সভাক এতিয়া ইমান লেতেৰা কৰি পেলোৱা হৈছে যে ইয়াত সাহিত্যিক থকাৰ পৰিৱেশেই নোহোৱা হৈ পৰিছে৷ এইক্ষেত্ৰত চৰকাৰেও উচটাই থকা বুলি তেওঁ অভিযোগ কৰে৷ আনহাতে, সাহিত্য সভা ধ্বংসৰ মূলতে হোমেন বৰগোহাঞি, লক্ষ্মীনন্দন বৰাৰ দৰে সাহিত্যিক বুলিও তেওঁ সৰৱ হৈ পৰিছে আৰু কৈছে– এইসকল সাহিত্যিকে সাহিত্য সভাত নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰি সাহিত্য সভাখনকে নষ্ট কৰি পেলালে৷ অৱশ্যে তাঁতিয়ে সাহিত্য সভাৰ প্ৰতি এক সুন্দৰ পৰামৰ্শ আগবঢ়াইছে৷ তেওঁ কৈছে– ৰাজ্যত যিসকল মুৰব্বী সাহিত্যিক আছে, যিসকলে ১৫খনতকৈ অধিক গ্ৰন্থ লিখিছে, যাৰ সাহিত্য-সংস্কৃতি-ৰাজনীতিৰ ওপৰত প্ৰভূত জ্ঞান আছে তেনে ব্যক্তিক স-সন্মানেৰে মাতি সভাপতিৰ পদটো দিব লাগে৷ আন এগৰাকী জনপ্ৰিয় কবি নীলিম কুমাৰেও সভাপতিকেন্দ্ৰিক বিতৰ্কই সাহিত্য সভাৰ স্খলনৰ স্বৰূপ উদঙোৱা বুলি ব্যক্ত কৰিছে৷
এইখিনিতে প্ৰশ্ন হয়– যি সাহিত্য সভাই অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ-প্ৰসাৰ সাধি আজি শ বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰিলে, যি সাহিত্য সভাক পদ্মনাথ গোহাঞিবৰুৱা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, মফিজুদ্দিন আহমদ হাজৰিকাৰ দৰে গুণগ্ৰাহী ব্যক্তিয়ে নেতৃত্ব দি গৈছে, সেই সাহিত্য সভাক লৈ এনেধৰণৰ মন্তব্যই শোভা পায়নে? এনে মন্তব্যৰ বাবে সাহেসই বা পাইছে কিয়? ক’বলৈ গ’লে ১৯১৭ চনত জন্ম লাভ কৰা অসম সাহিত্য সভাৰ গতি একে (সমান্তৰাল) হৈ থকা নাই৷ এতিয়া পূৰ্বৰ দৰে মৰ্যাদাপূৰ্ণ, কৌশলী চালকো নাই, হেণ্ডিমেনো নাই৷ মাজতে ৰাজনৈতিক হাতোৰাই এনে একাংশক পৃষ্ঠপোষকতা কৰিলে, যাৰ চালক-হেণ্ডিমেনৰ যোগ্যতা নায়েই, সাধাৰণ যাত্ৰী হোৱাৰো অৰ্হতা নাই৷
যাৰ বাবেই আজি সাহিত্য সভা অসমবাসীৰ গৌৰৱ হৈ থকা নাই, সভাপতিৰ আসনখনৰো সম্ভ্ৰম নাই৷ হেৰাইছে শ্ৰদ্ধা, হেৰাইছে মৰ্যাদা৷ এনে পৰিপ্ৰেক্ষিতত সকলোৰে এটাই চিন্তা– এতিয়া কি কৰা উচিত হ’ব? বহুতে কৈছে যে য়েছে দৰজে ঠংচি নাইবা নাহেন্দ্ৰ পাদুনৰ দৰে ব্যক্তিক স-সন্মানেৰে সাহিত্য সভালৈ অনা উচিত৷ তেতিয়া অন্ততঃ পূৰ্বৰ গৰিমা কিছু ঘূৰি আহিব৷ আজিৰ তাৰিখত কথাষাৰ পূৰাদমে সমৰ্থন কৰিও ক’ব পাৰি– এই কাৰ্য তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া সাহিত্য সভাৰ পৰা নিৰ্বাচন প্ৰক্ৰিয়াৰ বিলুপ্তি ঘটোৱা হ’ব৷
বিশেষকৈ সভাপতিৰ নিৰ্বাচনত৷ সাহিত্য সভাৰ দীঘলীয়া ইতিহাসত অধিকতম সময়তে কিন্তু নিৰ্বাচন প্ৰক্ৰিয়া নাছিল আৰু বিতৰ্কও নাছিল৷ যেতিয়াৰে পৰা নতুন নীতিৰ প্ৰচলন হ’ল, তেতিয়াৰে পৰা সভাইও কলংকিত অভিধা পালে৷ অৰ্থাৎ নিৰ্বাচন প্ৰক্ৰিয়াৰ সুযোগ লৈ একাংশই অনীতিৰ আশ্ৰয় লোৱা, ৰাজনৈতিক ‘ফৰ্মূলা’ প্ৰয়োগৰো সুযোগ পালে৷ সি যি নহওক, পূৰ্বৰ সোণালী ইতিহাস সুঁৱৰিয়েই এতিয়া সাহিত্য সভাৰ মজিয়াত গভীৰ সংস্কাৰৰ প্ৰয়োজনীয়তা আহিছে৷ ইয়াৰ বাবে প্ৰয়োজনত সংবিধান পৰ্যন্ত সংশোধন কৰাটো সময়ৰে দাবী হৈ পৰিছে৷
Share This