মহঙা প্ৰশ্ন
Dainik Janambhumi
September 05, 2024
ডিজিটেল ডেস্কঃ অৰুণাচল পাহাৰৰ পানীয়ে অসমৰ নামনি অঞ্চলত কিদৰে সংহাৰ চলায় আমি দেখি আহিছোঁ৷ কেইদিনমান ধাৰাসাৰ বৰষুণ দিলেই পাহাৰৰ পৰা হোৰাহোৰে বৈ আহে পানী আৰু ৰঙানদী, ব্ৰহ্মপুত্ৰ উফন্দি উঠি প্ৰথমে লখিমপুৰ, ধেমাজি, মাজুলীৰ একাংশ নদীপৰীয়া ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে৷ পৰৱৰ্তী সময়ত ইয়াৰ প্ৰভাৱ আন আন জিলালৈও বিয়পে৷ সেইদৰে ভূটান পাহাৰত হোৱা বৰষুণে নামনি অসমত, কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীয়ে হোজাই, কামপুৰ, যমুনামুখ আনকি নগাঁৱলৈকে হাহাকাৰ লগায়৷
ইয়াৰ পৰা এইকথা প্ৰতীয়মাণ হয় যে য’তেই পাহাৰ আছে তাতেই এইধৰণৰ সমস্যা আছে৷ সেয়ে হয়তো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে গুৱাহাটীৰ বানৰ বাবে মেঘালয়ৰ পাহাৰক দোষাৰোপ কৰি আহিছে৷ অৱশ্যে দেখাই ভালকৈয়ে বুজিব যে কিদৰে মেঘালয়ৰ পাহাৰৰ পৰা তীব্ৰ গতিত নামি অহা পানীয়ে নিমিষতে বুৰাই পেলায় যোৰাবাট, খানাপাৰা আদি অঞ্চল৷ এই পানী বাধাহীনভাৱে বাগৰি অহাৰ দৃশ্য অতি ভয়ংকৰ, যেন এতিয়াই উটুৱাই লৈ যাব মানুহ, উটুৱাই লৈ যাব ঘৰ-দুৱাৰ আদি৷ এনেয়েও গুৱাহাটী মহানগৰখন সৰু-বৰ বহু পাহাৰেৰে আগুৰি আছে৷ যাৰবাবে এজাক মাত্ৰ বৰষুণতে মহানগৰবাসীৰ অৱস্থা হাহাকাৰময় হৈ উঠে৷
বিশেষকৈ মহানগৰীৰ অতি পুৰণি ঠাই অনিল নগৰ, নবীন নগৰ, ৰুক্মীণিগাওঁ, বেলতলা ছাৰ্ভে, হাতীগাঁও আদি অঞ্চলসমূহৰ দুৰ্দশা ত্ৰাহি মধুসুদন সুঁৱৰিবলগা অৱস্থাৰ৷ এইক্ষেত্ৰত সমাধানসূত্ৰ কি হ’ব তাৰো কোনো উৱাদিহ নোপোৱা অৱস্থা৷ আজিকালি চৰকাৰেও যেন কেৱল মেঘালয়ক গালি পাৰিয়েই দায়িত্ব সামৰিবলৈ লৈছে৷ একাৰ্থত গুৱাহাটীৰ কৃত্ৰিম বানৰ ক্ষেত্ৰত চৰকাৰে হাত দাঙিয়েই দিছে৷ মুখ্যমন্ত্ৰীয়ে বান ৰোধৰ ব্যৱস্থাৰ পৰিৱৰ্তে পানীৰ সময়ত যান-জঁট প্ৰতিৰোধৰ বাবে ৰুক্মীণিগাঁৱত ছুপাৰমাৰ্কেটৰ পৰা ছয়মাইললৈ দুয়োখন উৰণীয়া সেতুক সংলগ্ন কৰি এখন নতুন সেতু নিৰ্মাণৰহে পদক্ষেপ গ্ৰহণ কৰিছে৷ অৱশ্যে স্থানীয় ৰাইজ এই কাৰ্যত ক্ষুব্ধ৷ সেয়ে ৰুক্মীণিগাঁৱৰ ৰাইজে কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধান নকৰাকৈ উৰণীয়া সেতু নিৰ্মাণ কৰিবলৈ নিদিয়াৰো হুংকাৰ দিছে৷ প্ৰশ্ন হয়– সঁচায়ে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান সুদূৰপৰাহত নেকি? উত্তৰৰ বাবে আমি পুৰণি গুৱাহাটী আৰু এতিয়াৰ গুৱাহাটীৰ কিছু ৰেহ-ৰূপ চাই লোৱা উচিত হ’ব৷
আগৰ তথ্য মতে, চানমাৰিৰ পৰা গণেশগুৰিলৈ চিৰিয়াখানা আৰু বৰফ বনোৱা ফেক্টৰীটোৰ বাহিৰে দুয়োফালে কেৱল জলাশয় আছিল৷ সেইদৰে এফালে গনেশগুৰিৰ পৰা হাতীগাঁও, জটিয়া, কাহিিলপাৰা, সৰুসজাই, বেতকুছি, গড়চুকলৈ আৰু আনফালে নাৰেংগীৰ পৰা বৰবাৰী, চচল, ছয়মাইললৈ কেৱল ধানখেতিৰ পথাৰ আৰু পিতনি আছিল৷ ভি আই পি পথটো পাছতহে নিৰ্মাণ কৰা৷ ইয়াৰ পৰিৱৰ্তে বৰবাৰীৰ পৰা হেঙেৰাবাৰীলৈ শিল-মাটিৰ লুংলুঙীয়া কেঁচা পথ আছিল৷ পাহাৰৰ কাষে কাষে কাৰ্বি, বড়ো জনগোষ্ঠীয় লোকসকলে বসবাস কৰিছিল৷ ডাউন টাউনৰ পিছফালে, হেঙেৰাবাৰীৰ পৰা গণেশগুৰিলৈ আৰু নুনমাটি, মঠঘৰীয়াৰ পৰা গীতানগৰ, জুৰোড তিনিআলিলৈকে বিস্তীৰ্ণ অঞ্চল জলাশয় আৰু খেতি পথাৰ আছিল৷ ৰাজগড় ৰোড, চানমাৰিৰ পৰা ভঙাগড়লৈ দ অঞ্চল আছিল৷ খ্ৰীষ্টান বস্তিৰ পৰা ভঙাগড়লৈ পানী মেটেকাৰে ভৰি আছিল৷
ভঙাগড় চাৰিআলিৰ পৰা পাহাৰৰ ওপৰত থকা চিকিৎসা মহাবিদ্যালয়খনলৈ দুয়োফালে বিল আৰু মেটেকাৰে ভৰা পিটনিৰ মাজেৰে ঠেক ৰাস্তা গৈছিল৷ সেইদৰে শ্ৰীনগৰ, তৰুণ নগৰ, চানমাৰিৰ পৰা গান্ধীবস্তি, শান্তিপুৰৰ পৰা ভূতনাথ, দুৰ্গাসৰোবৰ, কামাখ্যা গে’টৰ ৰে’ল লাইনৰ কাষে কাষে কেন্দ্ৰীয় বিদ্যালয়ৰ পিছফাললৈকে আৰু মালিগাঁৱৰ বড়িপাৰা আদি অঞ্চলত বিল আৰু দ জলাশয় আছিল৷ বেলতলাত ৰাণীৰ ঘৰৰ কাষত মাত্ৰ কেইঘৰমানহে মানুহ আছিল৷ বাকী সমগ্ৰ বেলতলা, মালিগাঁৱৰ গোটানগৰ, পদুমবড়ী, তেতেলিয়া, দিপৰ বিলৰ পাৰ বিস্তীৰ্ণ খেতিপথাৰ আছিল৷ বৰ্তমানৰ আদাবাৰী বাছ আস্থানৰ ঠাইখিনিতো বৃহৎ বিল আছিল৷ জালুকবাৰী থানাখন আছিল অসম আৰ্হিৰ এটা ঘৰত৷ পিছফালে গোটেইখন খেতিপথাৰ৷ শৰাইঘাট দলঙলৈ যোৱা পথটোৰ কাষত বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ ঘৰটোৰ লগতে দুই এঘৰ মানুহৰ বাহিৰে বাকী জনশূণ্য অঞ্চল আছিল৷ পশ্চিম দিশত এখন আশ্ৰম আৰু এখন শ্মশান আছিল৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ সমীপতো বোলে দুটা বিশাল আকাৰৰ পুখুৰী আছিল৷ এইবোৰ এতিয়া হেৰুৱা অতীত৷ দ্ৰুত গতিত সলনি হৈ পৰিল গুৱাহাটীখন৷ ওখ ওখ বিল্ডিং, শ্বপিং মল, হোটেল-ৰেস্তোৰাঁ, শিক্ষানুষ্ঠান, উৰণীয়া সেতু আদিৰে ভৰি পৰিল৷ বিলবোৰ, জলাশয়-পিটনিবোৰ পুতি পেলোৱা হ’ল৷ পুৰণি অসম আৰ্হিৰ ঘৰবোৰ নোহোৱা হ’ল, ঘৰৰ লগত থকা পুখুৰীবোৰো পোত গ’ল৷ মানুহেৰে ঠাহ খাই পৰিল, নগৰ গুচি মহানগৰ হ’ল৷ সঠিক পৰিকল্পনা অবিহনেই পৌৰ নিগমে ইটোৰ পাছত সিটো নিৰ্মাণৰ অনুমতি দি গ’ল৷ এতিয়া গুৱাহাটী মহানগৰৰ অন্তৰ্ভাগৰ পানী ওলাই যাবলৈ ৰাস্তাই নোহোৱা হ’ল৷ এসময়ৰ বোৱতী নদী ভৰলু এতিয়া নলাত পৰিণত হ’ল যদিও তাতো আৱৰ্জনাৰ দ’ম৷ এনেক্ষেত্ৰত চৰকাৰৰ ওপৰত গভীৰ প্ৰত্যাহ্বান আহি পৰিল৷
যাৰ বাবে ইখনৰ পাছত সিখন চৰকাৰ সলনি হ’ল, কিন্তু গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান সম্ভৱ হৈ নুঠিল৷ বৰঞ্চ সমস্যাটো দিনক দিনে গভীৰ হৈহে গৈ থাকিল৷ অৱশ্যে চৰকাৰীভাৱে ইয়াৰ সমাধানৰ বাবে প্ৰচেষ্টা গ্ৰহণ নকৰাকৈ থকা বুলি ক’ব নোৱাৰি৷ কিয়নো ইতিমধ্যে প্ৰতিখন চৰকাৰেই কেতবোৰ ব্যৱস্থাৰ দ্বাৰা গুৱাহাটীক বানমুক্ত কৰাৰ প্ৰচেষ্টা লৈছে ঠিকেই কিন্তু ফলৱৰ্তীহে হোৱা নাই৷ বিগত সময়ছোৱাতো বিজেপি চৰকাৰে ‘ফ্লাড ফ্ৰী গুৱাহাটী’ প্ৰকল্পৰ বাবে যথেষ্ট পৰিমাণে ধন ধাৰ্য কৰিছিল৷ শিলসাকোঁ বিলক দখলমুক্ত কৰাৰ কাৰণো ইয়েই আছিল৷ আনহাতে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পতো গুৱাহাটীৰ বিলসমূহৰ উন্নয়ন সাধি ইয়াক বানমুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল৷ তথ্য মতে, বৰছলা বিলৰ বাবে ২১৫ কোটি, ভৰলুৰ বাবে ৪৪৪ কোটি, মৰা ভৰলুৰ বাবে ৪৮৮ কোটি, দিপৰ বিলৰ বাবে ২৫০ কোটি টকা ধাৰ্য কৰি ইয়াৰ উন্নয়নৰ লগতে গুৱাহাটীৰ পানীক যাতে এই বিল-জলাশয়সমূহলৈ স্থানান্তৰ কৰিব পাৰি তাৰো পদক্ষেপ লোৱা হৈছিল৷ কিন্তু কাৰ্যক্ষেত্ৰত সেয়া আজিও সম্ভৱ হৈ নুঠিল৷ চাবলৈ গ’লে গুৱাহাটী স্মাৰ্ট চিটিৰ সামগ্ৰিক প্ৰকল্পটোৱেই সম্প্ৰতি গেথেলা মাৰি ৰোৱাৰ দৰে৷
এনেক্ষেত্ৰত গুৱাহাটীবাসীৰ মুক্তি কেতিয়া সেয়া এতিয়া আটাইতকৈ মহঙা প্ৰশ্ন হৈ পৰিছে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ নেডাৰলেণ্ডৰ বিশেষজ্ঞৰ দ্বাৰা গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধানৰ পোষকতা কৰিছে আৰু অচিৰেই এখন চুক্তি সম্পাদিত হোৱাৰ কথাও ঘোষণা কৰিছে৷ এনেবোৰ প্ৰকল্পৰ বাস্তৱ মূল্য কি সেয়া সময়তহে দেখা যাৱ৷ তাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে গুৱাহাটীৰ প্ৰায় ১৪ লাখ জনতাই৷
Share This