ডিজিটেল ডেস্ক: বৰিখৰ লঠঙা ডালেৰে সেউজীয়াক অন্বেষণ কৰা মুহূৰ্তবোৰত প্ৰকৃতিৰ বুকুলৈ ঢপলিয়াই আহে ফাগুন৷ ধূলিয়ৰি বাটেৰে আহি মদাৰৰ তেজৰঙী আৱেশে নীলিমক নিচুকোওৱাৰ সময়বোৰ জীপাল কৰি তোলা প্ৰকৃতিৰ আলহী ফাগুন৷ ফাগুনৰ সৌন্দৰ্যত জীপাল হয় প্ৰেমিক কবিৰ হৃদয়ৰ চোতাল৷ শুকান শুকান উৰুঙা উৰুঙা হ’লেও কোনোবা নাৱৰীয়াৰ প্ৰিয় এই সময়– ফাগুন৷ নৈয়েদি ভটিয়াই প্ৰেয়সীক সুহুৰিয়াই থৈ যোৱা নাৱৰীয়াৰ প্ৰিয় ফাগুনৰ নদী৷ ৰূপৱতী হৈ পৰা নদীৰ বালিচৰবোৰ উতলা গাভৰুৰ কাচোনমতী খোজেৰে নীৰৱ হৈ ৰয়৷
কবিৰ কবিতাতো প্ৰাণ পায় ফাগুনৰ অনুভৱ এনেদৰে৷ ‘মোকতো পোৱাই চিনি... মই ফাগুন... অঁকৰা কবিৰ সৈতে চুপতি মৰাৰ বাবে মোৰতো অনেক বদনাম...৷’
কবি হীৰেন ভট্টাচাৰ্যৰ শব্দত ফাগুনৰ বৰ্ণনা এইদৰে– শুকান বতাহজাকে পাতবোৰ উৰুৱাই নিয়ে, ৰাংঢালী চৰাইবোৰ গছৰ ডালত পৰি নাচে, জুনুকাৰ ঝুনঝুননিত সাৰ পায় কুঁহিপাতে৷
ফাগুনে সৰাপাত বিলায়৷ সৰাপাতৰ বিৰহত উচুপি উঠা বিৰিখক ফাগুনে পুনৰ সেউজীয়া হোৱাৰ কথা কয়৷ সেউজীয়াৰ অন্বেষণত লঠঙা গছে পুনৰ কুঁহিপাতৰ সাজোনৰ কথা ভাবে৷ কুঁহিপাত সহজতে নসৰে, সেউজীয়াৰ প্ৰতিশ্ৰুতি বুকুত সাবটি ভৰুণ হোৱাৰ কথা ভাবে৷ কিন্তু সৰাপাতে পাতে ফাগুন নামে...৷
অসমীয়া বৰ্ষপঞ্জীৰ বাৰটা মাহৰ একাদশ মাহ ফাগুন৷ ফাগুন মাহটো শ্ৰীকৃষ্ণৰ প্ৰিয় মাহ বুলি কোৱা হয়৷ প্ৰেম আৰু বিবাহৰ বাবেও ফাগুন মাহটো শুভ বুলি গণ্য কৰা হয়৷ ফাগুনে ৰং বিলায়৷ মদাৰ আৰু পলাশেৰে ৰঙীন হোৱা সময়বোৰতে উদ্যাপন কৰা হয় ৰঙৰ উৎসৱ ফাকুৱা৷ ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদ্যাপন কৰা হয় ৰঙৰ উৎসৱ ফাকুৱা৷ ফাকুগুৰিৰ ৰঙেৰে বিলাই দিয়া হয় প্ৰেম আৰু ভাতৃত্ববোধৰ বতৰা৷ এনেকৈয়ে ফাগুনৰ ৰঙে জীপাল কৰি তোলে ৰংহীন জীৱনৰ আপুৰুগীয়া সময়৷
সৰাপাতৰ বাটেৰে প্ৰকৃতিৰ বুকুলৈ অহা ফাগুনে কঢ়িয়ায় বসন্তৰ বতৰা৷ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয় অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ বসন্ত উৎসৱ আলি-আয়ে-লৃগাং৷ আলি- আয়ে-লৃগাঙক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়৷ মিচিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ, ‘আয়ে’ মানে ফল আৰু ‘লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ ‘আলি-আয়ে-লৃগাং’ মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন৷ আলি- আয়ে-লৃগাঙত মিচিং জনগোষ্ঠীৰ লোকসকলে ঢোলৰ ছেৱে ছেৱে এবিধ বিশেষ নৃত্য কৰে৷ বৃত্তাকাৰে ঘূৰি ঘূৰি নচা এই নৃত্যক [গুমৰাগ] বুলি কোৱা হয়৷ লোকবিশ্বাস মতে এই নৃত্যই শস্যৰ শ্ৰীবৃদ্ধিত বিশেষ অৰিহণা যোগায়৷
এইদৰেই ৰং আৰু উৎসৱেৰে জীপাল ফাগুন৷ প্ৰকৃতিৰ সমান্তৰালভাৱে মানৱ জীৱনতো আবিৰ সানি যায় ফাগুনে৷ সৰাপাতৰ খচমচনিত ফাগুনৰ বাটেৰেই বসন্ত আহে৷ ফাগুনৰ বুকুতেই সাৰ পায় এখন ৰঙীন পৃথিৱী, য’ত প্ৰৱাহিত হয় ভালপোৱাৰ গান৷