বিদেশী পর্যটকক লৈ প্ৰাণৱন্ত খুনচা, নক্টেসকলৰ শস্য চপোৱাৰ উৎসৱ চল' ল'ক'

dainik janambhumi November 27, 2025

ডিজিটেল ডেস্ক : নক্টেসকলৰ অন্যতম শস্য চপোৱাৰ চল' ল'ক' উৎসৱে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ মনোমোহা খুনচা নগৰখন জীৱন্ত কৰি তুলিছে। প্ৰকৃতিৰ ৰম্যভূমি খুনচাৰ পাহাৰৰ মনোৰম ল'ক' ক্ষেত্ৰত মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা চল' ল'ক' উৎসৱ উলহ-মালহেৰে পালন কৰিছে। এই উৎসৱে শস্য চপোৱাৰ সমাপ্তি আৰু নতুন ঝুম খেতিৰ আৰম্ভণি
সূচায়।কালি উৎসৱস্থলীত খেতি, হুকান আৰু চাচা গাঁৱৰ জনজাতীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি পৰিৱেশ জীপাল কৰি তোলে। তেওঁলোকে উজ্জ্বল পৰম্পৰাগত পোছাকেৰে সজ্জিত হৈ, নিজ কলা-সংস্কৃতিৰে নক্টে সম্প্ৰদায়ৰ সাংস্কৃতিক ৰীতি-নীতি, পৰম্পৰা আৰু জীৱন্ত লোক নৃত্যৰে শ্রোতা-দর্শকক মন্ত্রমুগ্ধ কৰে। 

ৰাজ্যৰ সীমা অতিক্ৰম কৰি ১০০তকৈও অধিক বিদেশী পর্যটক উপস্থিত থাকি উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ কলা-সংস্কৃতি উপভোগ কৰে।কলি উৎসৱত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিন আৰু বৰদুৰিয়া-বগাপানী সমষ্টিৰ বিধায়ক ৱাংলিন লোৱাংডং। উল্লেখ্য যে চল' ল'ক' উৎসৱটো তিনিটা নক্টে শব্দৰ পৰা সংমিশ্রণ। 'চ' অর্থাৎ ধান, ল' অর্থাৎ ঋতু আৰু ল'ক' অর্থাৎ উৎসৱ। তিনিদিন ধৰি পালন কৰা এই উৎসৱ কেৱল কৃষিভিত্তিক সংজ্ঞাই নহয়, বৰঞ্চ সমৃদ্ধিশালী শস্যৰ বাবে প্ৰকৃতি আৰু ঐশ্বৰিক শক্তিক কৃতজ্ঞতা জ্ঞাপনৰ এক গভীৰ অভিব্যক্তি। 

এই উৎসৱে প্রজন্ম পাছত প্ৰজন্মৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগৰ কাম কৰে, যিয়ে প্রাচীন কৃষি পদ্ধতি, আধ্যাত্মিক বিশ্বাস আৰু সামাজিক পৰম্পৰাসমূহ বৰ্তমান সময়ত জীৱন্ত ৰখাটো নিশ্চিত কৰে। নগৰীকৰণ আৰু সলনি হৈ থকা জীৱনশৈলীয়ে পৰম্পৰাগত জীৱন-ধাৰণক বাধাগ্রস্ত কৰাৰ লগে লগে, চল' ল'ক'ৰ দৰে উৎসৱসমূহে সাংস্কৃতিক প্ৰেৰণা আৰু সম্প্ৰদায়ৰ বান্ধোন গঢ়াৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে।

Share This