ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত এক দশকৰো অধিক কাল অসমৰ পাট কাপোৰ-মুগা বস্তু সম্ভাৰক অভিনৱ তথা নিজস্ব শৈলীৰে উজলাই অহা এগৰাকী গৌৰৱী অসম কন্যা হ'ল সংযুক্তা দত্ত। অসমীয়া পৰম্পৰাগত বস্ত্ৰ শৈলীক আধুনিক উপস্থাপনেৰে বিশ্ব দৰবাৰত দাঙি ধৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংযুক্তা দত্তই এইবাৰ জন্মভূমি অসমৰ বস্ত্ৰ ফেশ্বনৰ শিপা বিচাৰি আৰম্ভ কৰিছে অসম যাত্রা। লগতে অসমত নিজে সৃষ্টি কৰা ফেশ্বনৰ বস্ত্ৰ আৰু সৃষ্টিৰাজি প্রদর্শনীৰে স্থানীয় ফেশ্বনপ্রেমী আৰু পৰম্পৰাগত বস্ত্ৰ উদ্যোগীৰে মত বিনিময় কৰিব এই যাত্ৰাত। এই উপলক্ষে আজি যোৰহাটত সংযুক্তা দত্তৰ হস্ততাঁত শিল্পৰ প্ৰদৰ্শনী আৰু মত-বিনিময় অনুষ্ঠানৰ শুভাৰম্ভ হয়। ৩০ আৰু ৩১ জানুৱাৰী দুটা দিনৰ বাবে চন্দন নগৰৰ ক্লাব ৰ'ডৰ ক্লাবৱে' গ্ৰেণ্ডত সংযুক্তা দত্তৰ বস্ত্ৰসম্ভাৰ আৰু বাছকবনীয়া বস্ত্ৰৰ প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে। দুয়োটা দিনতেই স্থানীয় বস্ত্র উদ্যোগী তথা ফেশ্বনপ্রেমী ৰাইজৰ সৈতে তেওঁ মত বিনিময় কৰিব।
প্ৰথমটো দিনত ভালেসংখ্যকেৰে মত বিনিময়ত কৰি পৰম্পৰাগত বস্ত্র বয়ন শৈলী, চানেকি আৰু ঐতিহ্যৰ সম্পর্কে আলোচনাত ভাগ লয় সংযুক্তা দত্তই। প্রসংগক্রমে নৱ প্ৰজন্মৰ ফেশ্বনৰ প্ৰতি আগ্ৰহ আৰু ধাৰাৰ বিষয়েও আলোচনা কৰে। লগতে বিশ্বৰ বিভিন্ন ফেশ্বন শ্ব'ত অংশগ্রহণ কৰি লাভ কৰা সফলতা আৰু নিজৰ অভিজ্ঞতাৰ কথা সদৰী কৰে। যোৰহাটৰ আগতে কিছু দিনৰ পূর্বে ওপজা ঠাই নগাঁৱতো সংযুক্তা দত্তই নিজৰ হস্ততাঁতৰ বস্ত্ৰ সম্ভাৰৰ লগতে অসমীয়া সমাজৰ লগতে খাপ খোৱাকৈ সৃষ্টি কৰা নতুন ফেশ্বনৰ বস্ত্ৰ প্ৰদৰ্শন আৰু চহকী অসমীয়া বস্ত্ৰ ঐতিহ্যৰ সন্ধানত সাধাৰণ ৰাইজৰে মত বিনিময় কৰে। যোৰহাটত এই প্রদর্শনীৰ বাবে সংযুক্তা দত্তক নিমন্ত্রণ কৰিছে অখিল ভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চ, যোৰহাট প্রগতি শাখাই। উল্লেখযোগ্য যে গুৱাহাটী ইঞ্জিনীয়াৰিং কলেজৰ পৰা শিক্ষা লাভ কৰি সন্মুখত এক অনিশ্চিত প্রত্যাহ্বানপূর্ণ ভৱিষ্যৎ আগত লৈ চৰকাৰী অভিযন্তাৰ চাকৰি বাদ দি এদিন ফেশ্বন জগতত সংযুক্তা দত্তই আৰম্ভ কৰিছিল নিজৰ যাত্রা। সংযুক্তা দত্ত হ'ল ইতিপূর্বে লেকমে' ফেশ্বন শ্ব'ত নিজৰ ডিজাইন প্ৰদৰ্শন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। লেকমে' ফেশ্বন শ্ব'ত অংশগ্ৰহণৰ পাছত আৰু পাছলৈ উভতি চাব লগীয়া হোৱা নাই ফেশ্বন ডিজাইনাৰ সংযুক্তাই। ভাৰতৰ বিখ্যাত ফেশ্বন শ্ব'বোৰৰ উপৰি লেকমে' ফেশ্বন উইক, FDCI, লণ্ডন ফেশ্বন শ্ব' আদি বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব'ত অংশগ্রহণেৰে নিজৰ সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই। ২০২২ বর্ষতো অসম গৌৰৱ ফেশ্বন ডিজাইনাৰ গৰাকীয়ে ফেশন ডিজাইনাৰসকলৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ফেশ্বন প্লেটফর্ম বুলি বিবেচিত নিউয়র্ক ফেশ্বন উইকতো নিজৰ সৃষ্ট পোচাকৰ সমাদৰ লভিবলৈ সক্ষম হৈছিল। বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশন উইক, ২০২৩ তো ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তৰ পাট-মুগা বিশেষ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব' 'চিকি-মিকি'য়ে।
সংযুক্তা দত্তৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব'সমূহ, বিশেষকৈ লেকমে' ফেশন উইক, নিউয়র্ক ফেশ্বন উইক, পেৰিছ ফেশ্বন উইক আদিত বিভিন্ন ভাৰতীয় ছুপাৰ মডেল আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মডেল আৰু শ্ব'ষ্টপাৰ ৰেম্পত অসমীয়া পাট-মুগা আৰু আধুনিক ফেশ্বনৰ সংমিশ্ৰণৰে সৃষ্ট বস্ত্ৰ পৰিধান কৰি আহিছে। তেওঁৰ ডিজাইনসমূহত প্রধানকৈ বলিউড অভিনেত্রীসকলে শ্ব'ষ্টপাৰ হিচাপে অংশগ্রহণ কৰি অসমীয়া পৰম্পৰাগত বস্ত্ৰ পাট-মুগা ৰেচমৰ মেখেলা-চাদৰক আধুনিক ৰূপত উপস্থাপন কৰি আহিছে ৰাষ্ট্ৰীয় প্রেক্ষাপটত। সংযুক্তা দত্তৰ অসমীয়া পৰশ থকা বস্ত্ৰ পৰিধান কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয়, বলিউডৰ মডেল আৰু শ্বষ্টপাৰসকলে ৰেম্পত খোজ দি আহিছে। তেওঁলোকৰ ভিতৰত লেকমে' ফেশ্বন উইকত নীলম কোঠাৰীয়ে 'গধূলি” নামৰ বস্ত্ৰ সংগ্ৰহৰ শ্ব'ত শ্ব'ষ্টপাৰ হিচাপে ৰেম্পত খোজ দিছিল। আনহাতে, লাৰা দত্তয়ো লেকমে' ফেশ্বন উইকত 'শুকুলা' সংগ্রহত মেখেলা চাদৰ পিন্ধি শ্ব'ষ্টপাৰ হিচাপে সংযুক্তা দত্তৰ অসমীয়া সাজ-পোচাকৰ সমাহাৰ উজলাই তুলিছিল। ইয়াৰ উপৰি ছুপাৰ মডেল সংগীতা বিজলানী, প্রীতি জিন্টা আদিয়েও তেওঁৰ মেখেলা-চাদৰ সংগ্ৰহত শ্ব'ষ্টপাৰ হিচাপে অংশগ্রহণ কৰিছিল। বিভিন্ন লেকমে' আৰু অন্যান্য ভাৰতীয় ফেশ্বন শ্ব'ত শ্ব'ষ্টপাৰ বা ৰেম্প ৱাক কৰিছে সংযুক্তা দত্তৰ হাতৰ পৰশত উজ্জীবিত হৈ উঠা মেখেলা-চাদৰ, পাট-মুগা আৰু আধুনিকতাৰ লগত সময়ৰ সৈতে ফেৰ মাৰি নতুন ফেশ্বনৰ বস্ত্ৰসম্ভাৰ পৰিধান কৰা এইসকল মডেল, বলিউড অভিনেত্ৰীৰ তালিকাই দাঙি ধৰে সংযুক্তা দত্তৰ বিশ্বমুখী যাত্ৰাৰ আভাস, যি যাত্রাই গৌৰৱ বৃদ্ধি কৰে অসম আৰু অসমীয়াৰ। কেৱল সেয়ে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমেৰিকাৰ মোহময়ী মডেল মিৰকা হৱাৰ্ডে বিশ্ববিখ্যাত কাঁ ফিল্ম ফেষ্টিভেলৰ ৰে'ড কার্পেটত ক'লা মেখেলা-চাদৰ পিন্ধি অসমীয়া বস্ত্ৰৰ সুষমা বদ্ধি কৰিছিল।
ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় মডেল ইন্ডা ইলজিনেয়েও কেইবা বাৰো 'কাঁ ফিল্ম মহোৎসৱ'ত সেউজীয়া নুনী-পাটৰ গাউন পিন্ধি ৰে'ড কার্পেটত খোজ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সংযুক্তা দত্তই অহা ১৪ ফেব্ৰুৱাৰীত কুঁৱলী নামকৰণৰ এক বস্তু সম্ভাৰেৰে বিশ্বখ্যাত নিউয়র্ক ফেশ্বন উইকত অংশ গ্রহণ কৰিব। সংযুক্তা দত্তই এই প্রদর্শন আৰু শ্ব'সমূহত প্রায়ে অসমীয়া বস্ত্ৰৰ চহকী ঐতিহ্যক বিশ্বমঞ্চত মূল ৰূপত, কেতিয়াবা আধুনিকতাৰ পৰশেৰে সংমিশ্ৰিত কৰি তুলি ধৰিছে।