ডিজিটেল ডেস্ক: দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি হ’ল এটি বস্ত্ৰ বেংক। জিলাখনৰ দুনী ভেৰুৱাত মুকলি কৰা হয় এই বেংকটো।
মূলতঃ অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুকলি কৰা হয় এই বেংক।
ডঁৰিয়লি প্লাছ বস্ত্ৰ বেংক নামেৰে স্থাপিত এই বিশেষ বেংকটোৰ দ্বাৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী নিপন নাথে।
সামাজিক প্লেটফৰ্ম ডঁৰিয়লি প্পাছৰ ব্যৱস্থাপনাৰে আৰম্ভ হোৱা এই বস্ত্ৰ বেংকটো সপ্তাহৰ সাত দিনেই খোলা থাকিব। সদাশয় লোকে ব্যৱহাৰৰ বাবে ন-পুৰণি কাপোৰ ইয়াত জমা দিব পাৰিব।
আনহাতে, বস্ত্ৰৰ অভাৱত থকা আগ্ৰহী লোকে ইয়াৰ পৰা আৱশ্যকীয় কাপোৰ বিনামূল্যে লৈ যাব পাৰিব।
যোগাযোগৰ বাবে 9854783083 নম্বৰত ফ'ন কৰিব পাৰিব।
প্ৰাগ নিউজ ডিজিটেল