ডিজিটেল ডেস্ক : সমগ্ৰ অসম জোকাৰি যোৱা ডিমা হাছাও জিলাৰ উমৰাংছ'ত সংঘটিত হোৱা অবৈধ কয়লা খনিৰ দুর্ঘটনাত ৯ জনকৈ নিৰীহ শ্রমিক নিহত হোৱা ঘটনাৰ পাঁচ মাহৰ পাছত অৱশেষত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাৰ পত্নী কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ডিমা হাছাও চি জি এম আদালতে। শনিবাৰে ডিমা হাছাও চি জি এম আদালতত কণিকা হোজাই আৰু অন্যান্যৰ বিৰুদ্ধে গোচৰ চলোৱাৰ নিৰ্দেশ প্রদান কৰা হয়। সম্পূৰ্ণ ৰাজনৈতিক পৃষ্ঠপোষকতাত উমৰাংছ'ত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ চলি থকাৰ অভিযোগ উত্থাপিত হৈছিল।
এই অবৈধ কয়লাৰ বেহাত দেৱলাল গার্লোছাৰ পত্নী কণিকা হোজাইৰ প্ৰত্যক্ষ অংশীদাৰিত্ব থকাৰ কথা তথ্যসহ পোহৰলৈ আহিছিল যদিও আৰক্ষীয়ে কণিকা হোজাইৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্রহণ কৰা নাছিল। ৬ জানুৱাৰীত সংঘটিত কয়লা খনিৰ দুৰ্ঘটনাৰ পাছতেই ডিমা হাছাও জিলাৰ পিটুছ লাংথাছা আৰু কামে কিমপু নামৰ ব্যক্তি দুজনে ২০২৫ চনৰ ১০ জানুৱাৰীত উমৰাংছ' থানাত কণিকা হোজাই আৰু দেৱলাল গার্লোছাৰ বিৰুদ্ধে ৰেট হোল মাইনিঙত জড়িত আৰু অবৈধভাৱে ৰেট হোল মাইনিং চলাই থকা বুলি এজাহাৰ দাখিল কৰিছিল। এজাহাৰত উমৰাংছ'ৰ তিনিকিলো নামৰ অঞ্চলত অবৈধ ৰেট হোল মাইনিঙেৰে কয়লাৰ খনন চলি থকাৰ অভিযোগ দাখিল কৰা হৈছিল। এজাহাৰত দেৱলালৰ পত্নী কণিকা আৰু দেৱলাল হোজাইৰ বিৰুদ্ধে এই অবৈধ ব্যৱসায়ত প্রত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছিল।
আছাম মিনাৰেল ডেভেলপমেন্ট ক'-অপাৰেশ্যন লিমিটেডে কণিকা হোজাইৰ নামত কয়লাৰ সৰবৰাহৰ অনুমতি-পত্ৰ প্ৰদান কৰাৰ তথ্য এজাহাৰত সন্নিৱিষ্ট কৰা হৈছিল। এই অবৈধ খননৰ ফলতে কয়লা খনিত দুর্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি উচিত তদন্তৰ দাবী কৰিছিল। কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা নল'লে। সম্প্ৰতি পাহৰণিৰ গর্ভলৈ যোৱা এই কয়লা খনিৰ দুৰ্ঘটনাৰ পাঁচ মাহৰ পাছত ৰুজু হোৱা গোচৰে দেৱলাল আৰু পত্নী কণিকা হোজাইক শাস্তি দিয়াবলৈ সক্ষম হ'ব নে নহয় তাক লৈ প্রশ্ন উত্থাপন হৈছে।