ডিজিটেল ডেস্ক : গহপুৰ সম জিলাৰ ব্ৰহ্মাজান আৰু ছত্ৰং নৈৰ বাঢ়নী পানীয়ে কালি নিশাৰে পৰা বুৰাই পেলাই বিস্তীর্ণ অঞ্চল। ধাৰাসাৰ বৰষুণৰ ফলত বাঢ়নী পানীয়ে হেলেম ৰাজহ চক্ৰৰ ব্ৰহ্মাজান আৰু ছত্রং নৈৰ মথাউৰি ছিঙি কেইবাখনো গাঁও জলমগ্ন কৰি তোলাৰ লগতে খেতি পথাৰৰ যথেষ্ট ক্ষতিসাধন কৰে। ব্ৰহ্মাজান নৈৰ মথাউৰি কালি পুৱতি নিশা দৰিয়াখাটৰ ওচৰত ছিঙি নিয়ে। ফলত ছিগা অংশৰে তীব্র গতিৰে সোমাই অহা খৰস্রোতা বাঢ়নী পানীয়ে মুহূৰ্তৰ ভিতৰতে বুৰাই পেলায় দৰিয়াখাট, মহেন্দ্ৰপুৰ, কঠাইচুক, খাটৰবাৰীকে ধৰি একাধিক গাঁও। ৰাস্তা-ঘাট, ঘৰ-বাৰী আদি বাঢ়নী পানীৰে একাকাৰ হৈ পৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। উক্ত গাঁওসমূহৰ মাজেৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাৰ পৰা কালি বিৰত থাকিবলগীয়া হয়।
শেহতীয়া বাঢ়নী পানীয়ে খেতি পথাৰৰ যথেষ্ট ক্ষতিসাধন কৰাৰ ফলত কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তৰাঞ্চলৰ ভোলাগুৰি চাহ বাগিচা আৰু বালিজান ফৰেষ্টৰ বিভিন্ন গাঁও বুৰাই পেলায় বাঢ়নী পানীয়ে। বহু পৰিয়ালৰ ঘৰৰ ভিতৰত পানী সোমাই যথেষ্ট অনিষ্ট সাধন কৰিছে। ইপিনে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত মধ্য ছত্রঙতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। গহপুৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ মধ্য ছত্ৰঙত ছত্ৰং নৈৰ মথাউৰিৰ বহু অংশ আজি পুৱা প্রায় ৪-৩০ বজাত ছিঙি নিয়ে ছত্ৰং নৈৰ খৰস্রোতা বাঢ়নী পানীয়ে।
ফলত মথাউৰিৰ ছিগা অংশৰে তীব্র গতিৰে পানী সোমাই জলমগ্ন কৰি তোলে মধ্য ছত্ৰঙৰ বিস্তীর্ণ অঞ্চল। শেহতীয়া বাঢ়নী পানীয়ে মধ্য ছত্ৰঙৰ শতাধিক পৰিয়ালৰ ঘৰ- বাৰী পানীৰে একাকাৰ কৰি তোলা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে গহপুৰ সমজিলাৰ ব্রহ্মাজান আৰু ছত্রং নৈৰ মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ বাবে জলসম্পদ বিভাগে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰি আহিছে যদিও ভুক্তভোগী ৰাইজে জলসম্পদ বিভাগৰ কোটিটকীয়া বান প্ৰতিৰোধ আঁচনিসমূহৰ পৰা কোনো ধৰণৰ সকাহ পোৱা নাই।