এছ আই টিক ভাষ্য প্রদান গৰিমা গাৰ্গৰ 

dainik janambhumi October 25, 2025

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা এছ আই টিৰ সন্মুখত কালি থিয় হয় জুবিন পত্নী গৰিমা গার্গ। গৰিমা গাৰ্গ আৰু জুবিনৰ ভগ্নী পামী বৰঠাকুৰ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈ ভাষ্য দিয়ে। পুৱাৰ ভাগতে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱা গৰিমাই দীর্ঘ সময় এছ আই টিক ভাষ্য প্রদান কৰে। 

এই সম্পৰ্কত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গৰিমা গাৰ্গৰ পৰা কিছুমান তথ্য এছ আই টিয়ে জানিব লগীয়া আছিল আৰু গৰিমা গাৰ্গৰ ঘৰলৈ গৈ এছ আই টিয়ে তেওঁৰ ভাষ্য গ্রহণ কৰাৰ কথা আছিল। কিন্তু গৰিমা গাৰ্গে নিজেই চি আই ডিৰ কাৰ্যালয়লৈ আহি ভাষ্য দিবলৈ ইচ্ছা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীজনে কয় যে পামী বৰঠাকুৰক ভাষ্যৰ বাবে মতা হোৱা নাছিল, তেওঁ গৰিমাৰ লগতহে গৈছিল। 


ইফালে, কালি এছ আই টিয়ে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ দুই ব্যাৱসায়িক সহযোগী ক্রমে বিকাশ আগৰৱালা আৰু প্ৰতীক খৈতানক আজি পুনৰ জেৰা চলায়। এই দুই সহযোগীৰ সৈতে বাউন্সাৰ সিদ্ধার্থই দীর্ঘদিনৰ পৰা বিভিন্ন ব্যৱসায় চলাই আছিল।

Share This