গৰিমা গাৰ্গৰ আজি সংবাদমেল, প্রসংগ 'চার্জশ্বীট'

dainik janambhumi January 02, 2026

ডিজিটেল ডেস্ক : জুবিনৰ হত্যাৰ চার্জশ্বীটৰ প্ৰসংগত আজি জুবিনৰ পত্নী গৰিমা গার্গে এখন সংবাদমেল সম্বোধন কৰিব। বিয়লি ৫-৩০ বজাত কাহিলিপাৰাৰ বাসগৃহত গৰিমা গাৰ্গ আৰু জুবিনৰ ভগ্নী পামী বৰঠাকুৰে এই সংবাদমেলখন সম্বোধন কৰিব। 

এই প্রসংগতে উল্লেখযোগ্য যে শেহতীয়াকৈ চার্জশ্বীটৰ প্ৰত্যায়িত প্রতিলিপি লাভ কৰাৰ পাছত সামাজিক মাধ্যমত গৰিমা গার্গে এক বিস্ফোৰক প'ষ্ট দিছিল। 

তেওঁ শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ কেতবোৰ কাৰ্যকলাপত সন্দেহ প্ৰকাশ কৰাই নহয়, ছিংগাপুৰৰ ১১জন প্ৰৱাসী অসমীয়াৰ ভূমিকাতো তীব্র অসন্তুষ্টি প্রকাশ কৰিছিল। এনে পৰিস্থিতিত গৰিমাই আজি অনুষ্ঠিত কৰিবলৈ লোৱা সংবাদমেলখনলৈ সমগ্র ৰাজ্যবাসীয়ে অতি উৎসুকতাৰে বাট চাইছে।

Share This