ডিজিটেল ডেস্ক : গৌৰৱ গগৈয়ে তৰুণ গগৈৰ ৰাজনীতিহে কৰিব পাৰিব, হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি কেতিয়াও কৰিব নোৱাৰে। কাৰণ, গৌৰৱ গগৈৰ ৰাজনীতি তুষ্টিকৰণৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি সন্তুষ্টিকৰণৰ। গৌৰৱ গগৈৰ ৰাজনীতি বংশবাদ আৰু সাম্প্রদায়িকতাৰ, হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি বিকাশ আৰু সমন্বয়ৰ।'- এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ।
গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নহয়, তৰুণ গগৈৰ ৰাজনীতিহে কৰিব বক্তব্যৰ প্ৰত্যুত্তৰ দি আজি অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই গৌৰৱ গগৈক কটাক্ষ কৰি কয় যে গৌৰৱ গগৈয়ে সঠিকভাৱেই এই কথা কৈছে যে তেওঁৰ ৰাজনীতি তৰুণ গগৈৰ ৰাজনীতিৰ দৰেই হ'ব। তৰুণ গগৈৰ দিনৰ সেই অভিশপ্ত দিনবোৰকেই পুনৰায় আমন্ত্রণ কৰি আনিব খুজিছে গৌৰৱ গগৈয়ে। যি সময়ত অসমৰ তেজাল ডেকাই চাকৰি, ব্যৱসায় কৰি প্ৰতিষ্ঠিত হোৱাৰ পৰিৱৰ্তে বহিঃৰাজ্যত গৈ ছিকিউৰিটি গার্ড হ'বলগীয়া হৈছিল। অসমৰ আটাইতকৈ মেধাৱী ল'ৰাজনেও এ এপি এছ চিৰ পৰীক্ষা দিবলৈ ভয় খাইছিল। কাৰণ সেই সময়ত অসমত চাকৰিৰ বজাৰ বহিছিল। আৰু সেই বজাৰৰ কুখ্যাত খলনায়ক ৰাকেশ পালক বিজেপি চৰকাৰেহে জে'ললৈ নিক্ষেপ কৰিছিল।
এতিয়া অসমৰ নতুন প্ৰজন্মই মুকলি মন এটা লৈ চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰিব পাৰে। আজি কাজিৰঙাৰ গঁড়বোৰো শান্তিত থাকিব পাৰিছে। তৰুণ গগৈৰ দিনত চোৰাং চিকাৰীৰ দপদপনি চলিছিল। গঁড় হত্যাই অভিলেখ গঢ়িছিল। 'হু ইজ বদৰুদ্দিন' বুলি কৈ খিলঞ্জীয়া মানুহৰ চেন্টিমেন্টক লৈ ৰাজনীতি কৰা তৰুণ গগৈৰ দিনতে সাম্প্রদায়িক ৰাজনীতি তুংগত উঠিছিল। আজিও গৌৰৱ গগৈয়ে বদৰুদ্দিনৰ সেই বংশধৰসকলক লৈয়ে ৰাজনীতি চলাই গৈছে। এনে পৰিস্থিতিত ৰাইজে নিজেই উপলব্ধি কৰিব যে তৰুণ গগৈৰ ৰাজনীতি নে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিয়ে অসমক বচাব।
আনহাতে গৌৰৱ গগৈয়ে কেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি কৰিব নোৱাৰে বুলি জনাই তেওঁ লগতে কয় যে তৰুণ গগৈৰ দিনৰ ছখন মেডিকেল কলেজৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দিনত তেৰখন মেডিকেল কলেজ প্রতিষ্ঠা হ'ল। এই ৰাজনীতি ইমান সহজ নহয় বুলি মত প্রকাশ কৰি সভাপতি শইকীয়াই শ্লেষাত্মকভাৱে উল্লেখ কৰি আৰু কয় যে গৌৰৱ গগৈয়ে তৰুণ গগৈৰ ৰাজনীতিকে কৰা উচিত। হিমন্ত বিশ্ব শৰ্মাৰ দৰে কৰাৰ সক্ষমতা তেওঁৰ নাই।