পাগলাদিয়া নৈৰ পাৰত ১৫০ বিঘা মাটিত সৰিয়হ, মাকৈ খেতিৰে কৃষিবিপ্লৱ, কৃষি-কৰ্মৰে স্বাৱলম্বী নলবাৰীৰ গোকুল হালৈ

dainik janambhumi January 02, 2026

ডিজিটেল ডেস্ক: নতুন বছৰৰ নতুন প্রত্যাশা লৈ নলবাৰীৰ পাগলাদিয়া নৈৰ পাৰৰ মৈৰাদংগাত ১৫০ বিঘা মাটিত কৃষিবিপ্লৱৰ সূচনা কৰিছে কৃষি-কর্মত নিয়োজিত শিক্ষিত নিবনুৱা গোকুল হালৈয়ে। এতিয়া পাগলাদিয়া নৈৰ পাৰৰ চৌদিশে মেলিছে সৰিয়হৰ হালধীয়া ফুলৰ দলিচা। 

৩০ বিঘা মাটিত সৰিয়হৰ খেতিৰ লগতে ১০০ বিঘা মাটিত কৰিছে মাকৈ খেতি। ইয়াৰ উপৰি ৰবি শস্যৰ বতৰৰ আলু, বেঙেনা, অমিতাকে ধৰি বিধে বিধে শাক-পাচলি আৰু ফল-মূলৰ খেতি তেওঁ কৰিছে। শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মৰ নেতৃত্ব বহন কৰা কৰ্মস্পৃহা যুৱক গোকুল হালৈৰ তত্ত্বাৱধানত এতিয়া মৈৰাদংগাৰ পাগলাদিয়া নৈৰ পাৰত আত্মনিৰ্ভৰশীল অসমৰ উন্নয়নৰ বাট মুকলি হৈছে। উল্লেখযোগ্য যে ২০১২ চনতে কৃষি-কৰ্মৰ প্ৰতি আকৃষ্ট হৈ গোকুল হালৈয়ে মৈৰাদংগাৰ পাগলাদিয়া নৈৰ পাৰত ১৫০ বিঘা ভূমি অধিগ্রহণ কৰি খাৰিফ আৰু ৰবি শস্যৰ খেতি কৰিবলৈ আৰম্ভ কৰে। প্ৰথমতে এই বৃহৎ কৃষি ভূমিত তেওঁলোকে ৰঙালাওৰ খেতি কৰিছিল। যোৱাবেলি ৰঙালাওৰ খেতি কৰি আৰু বিক্ৰী কৰি উপাৰ্জন কৰিছিল ১৮ লাখ টকা। 

উল্লেখযোগ্য যে এই ৰঙালাওসমূহ ৰাজ্যখনৰ লগতে চুবুৰীয়া পশ্চিম বংগ, অৰুণাচল প্রদেশ আৰু নগালেণ্ডলৈও সৰবৰাহ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি আলু, বেঙেনা, অমিতা, বিলাহী, জলকীয়া, কচু আদি খেতি কৰিও অর্থনৈতিকভাৱে লাভান্বিত হৈছে। ইয়াৰ পিছতে তেওঁ চাৰিজন সংগী লগত লৈ কৃষি খণ্ডত উৎপাদনমুখী খেতি কৰাৰ ওপৰত গুৰুত্ব দিয়ে। এইবেলি তেওঁলোকে ৩০ বিঘা মাটিত সৰিয়হ খেতি কৰাৰ লগতে ১০০ বিঘা মাটিত আৰম্ভ কৰিছে মাকৈ খেতি। আনহাতে, এই বৃহৎ কৃষি ভূমিত এখন উদ্যান শস্যও গঢ়ি তোলা হৈছে। এনেধৰণে কৃষি-কর্মত নিয়োজিত হৈ তেওঁলোকে বছৰি ৩০/৪০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মনকৰিবলগা যে এই কৃষি-কৰ্মৰ পৰা উপার্জিত ধনেৰে তেওঁলোকে ২০২০ চনত নিৰ্মাণ কৰি তোলে 'পাগলাদিয়া ৰিজ'ৰ্ট'। এই ৰিজ'ৰ্টত এতিয়া থলুৱা খাদ্যৰপৰা বিভিন্ন সুস্বাদু ব্যঞ্জন যোগান ধৰা হয়। ৰিজ'ৰ্টখনলৈ এতিয়া দৈনিক মানুহৰ সোঁত বয়। এই ৰিজ'ৰ্টখনৰ লগতে নৈৰ পাৰৰ বিবিধ খেতি আৰু পাগলাদিয়া নৈৰ নৈসর্গিক দৃশ্যৰ প্ৰতি আকর্ষিত হৈ এতিয়া ইয়ালৈ দৈনিক নলবাৰীৰ লগতে বৰপেটা, বাক্‌সা, ৰঙিয়া, গুৱাহাটী, মঙলদৈ আদিৰ পৰা বনভোজকাৰী দলৰ আগমন ঘটিছে। ইয়াৰ পৰাও তেওঁলোকে আর্থিকভাৱে লাভান্বিত হ'ব পাৰিছে। চৰকাৰী চাকৰি অবিহনেও আৰু চাকৰিৰ পাছে পাছে ঘূৰি নাথাকি কৃষি-কৰ্মৰ জৰিয়তেও যে অৰ্থ উপাৰ্জন কৰিব পাৰি, তাৰেই বাট দেখুৱাইছে গোকুল হালৈ আৰু তেওঁৰ সংগীসকলে। এই সন্দর্ভত গোকুল হালৈয়ে 'দৈনিক জনমভূমি'ৰ সাংবাদিকৰ আগত কয় যে আমি চৰকাৰী চাকৰিৰ আশা এৰি কৃষি-কৰ্মত নিয়োজিত হৈছোঁ। ইয়াৰ যোগেদি আমি সম্প্রতি এজন চাকৰিয়ালতকৈ বেছিকৈ অর্থ উপার্জন কৰোঁ। নিজৰ পৰিয়ালৰ লগতে আন ২০/২৫টা পৰিয়ালকো আত্মসংস্থাপন দিবলৈ সক্ষম হৈছোঁ। ভবিষ্যতে আমি কৃষি-কৰ্মৰ পৰিসৰ আৰু বৃদ্ধি কৰিম। আমি যাতে অনাগত দিনত এশটা পৰিয়ালক আত্মসংস্থাপন দিব পাৰোঁ, তাৰ বাবে সংকল্প লৈছোঁ। 

উল্লেখযোগ্য যে তেওঁলোকে এই ফাৰ্মখনৰ নাম দিছে 'শংকৰদেৱ জৈৱিক কৃষি ফার্ম'। ইয়াত সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰ কৰি কৃষি-কাৰ্য কৰা হয়। ইপিনে গোকুল হালৈয়ে সম্প্রতি নিজাকৈ আৰু দহ বিঘা কৃষি ভূমি ক্ৰয় কৰি ৰঙালাও আৰু বিভিন্ন খেতি কৰি কৃষি অর্থনীতিত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। প্রণিধানযোগ্য যে অসমৰ গ্রাম্য কৃষি অর্থনীতিত উৎপাদিত ফচল আৰু সামগ্ৰীসমূহ বিক্ৰী কৰি নিজৰ লগতে আন ২৫টা পৰিয়ালকো আত্মসংস্থাপন দিবলৈ সক্ষম হৈছে গোকুল হালৈয়ে।

Share This