ডিজিটেল ডেস্ক : নেৰানেপেৰা বৰষুণৰ বাবে মিজোৰামৰ কেইবাখনো জিলাত বান আৰু ভূমিস্খলন হৈছে আৰু ইয়াৰ ফলত লালডুহোমা চৰকাৰে ৰাজহুৱা সুৰক্ষাৰ বিষয়ত চিন্তিত হৈ পর্যটকসকলক তেওঁলোকৰ ৰাজ্যখন ভ্রমণ স্থগিত ৰাখিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে খাৱথলাংটুইপুই নদীৰ পানী পাৰ বাগৰি যোৱা বাবে বাংলাদেশ সীমান্তৰ লুংলেই জিলাৰ টলাবুং নগৰৰ পৰা ১০০টা পৰিয়ালক আন ঠাইলৈ স্থানান্তিৰত কৰা হৈছে।
লাংট্ৰাই আৰু ছিয়াহা জিলা সংযোগ কৰা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভয়ংকৰ ভূমিস্খলনৰ বাবে লুংলেইৰ বুৱাল্টে গাঁৱত প্রায় ২০০জন ভ্রমণকাৰী আবদ্ধ হৈ আছে। যদিও বোকা-মাটি আঁতৰাবলৈ মেচিন ব্যৱহাৰ কৰা হৈছে, ধাৰাসাৰ বৰষুণৰ বাবে পুনৰ নতুনকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আছে। পর্যটন বিভাগৰ নিৰ্দেশনাত ৰাজ্যখনৰ বাহিৰৰ ভ্ৰমণকাৰীক বতৰৰ অৱস্থা উন্নত নোহোৱালৈকে মিজোৰাম ভ্ৰমণ এৰাই চলিবলৈ পৰামৰ্শ দিয়া হৈছে। আনহাতে যিসকলে ইতিমধ্যে ভ্রমণসূচী তৈয়াৰ কৰিলে তেওঁলোকক ভ্ৰমণৰ সময় সলনি কৰিবলৈ অনুৰোধ জনাইছে।
নির্দেশনাত সতর্ক কৰি দিয়া হৈছে যে অবিৰত প্ৰতিকূল বতৰে অধিক বিঘিনি ঘটাব পাৰে আৰু ভ্ৰমণকাৰীৰ বাবে গুৰুতৰ বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে। ধাৰাসাৰ বৰষুণৰ বাবে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত নদীৰ পানী উপচি পৰা, ভূমিস্খলন হোৱা আৰু আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ পাছতে মিজোৰাম চৰকাৰে এই নির্দেশনা জাৰি কৰে।