চাপৰ হোৱা বাবেই উলিয়াই দিলে নৱবিবাহিতা পত্নীক

dainik janambhumi June 10, 2025

ডিজিটেল ডেস্কঃ মহানগৰৰ ওদালবাক্রাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। চাপৰ হোৱা বাবেই স্বামীগৃহৰ পৰা উলিয়াই । দিলে নৱবিবাহিতা পত্নীক। এই ঘটনাৰ পাছতেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দর্ভত জানিব পৰা অনুসৰি ওদালবাক্ৰা নিজৰা পথত এই ঘটনা সংঘটিত হৈছে। 

স্বপ্না দাস আৰু ৰাণা দাসৰ দ্বিতীয় পুত্ৰ ৰাজকুমাৰ ১৩ পিঠিলৈ দাসে ২ জুনত মায়ঙৰ পৰা এগৰাকী যুৱতীক ৰাজহুৱাকৈ বিয়া পাতি আনিছিল। দেওবাৰে আঠমঙলা আছিল যদিও দৰাঘৰৰ পৰিয়াল কইনাঘৰলৈ নোযোৱাৰ লগতে নৱবিবাহিত যুৱতীগৰাকী চাপৰ হোৱাৰ বাবেই ঘৰৰ পৰা উলিয়াই দিয়ে। আনহাতে ৰাজকুমাৰ দাসৰ চকু নৱবিবাহিত পত্নীৰ ভনীয়েকৰ ওপৰত বুলি জানিব পৰাৰ লগতে নৱবিবাহিত পত্নীক ৰাজকুমাৰ দাসে নিজ ককায়েকৰ সৈতে থাকিবলৈ অশ্রাব্য প্রস্তাৱ দিছে। এই ঘটনাৰ পাছতে পত্নীগৃহৰ পৰিয়াল আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে বোৱাৰীগৰাকীক ঘৰত ৰাখিবলৈ কোৱাত পৰিয়ালটোৱে আৰক্ষীৰ প্ৰস্তাৱো নাকচ কৰে। 

স্থানীয় লোকৰ অভিযোগ মতে, ৰাজকুমাৰ দাসৰ ডাঙৰ ককাইয়েক ৰাজেন দাসে পূর্বে দুবাৰ বিয়া কৰাইছিল আৰু দুয়োগৰাকী পত্নীকেই খেদি পঠিয়াইছে। ইপিনে শেহতীয়াকৈ বিবাহ কৰোৱা কনিষ্ঠ ভাতৃ ৰাজকুমাৰ দাস অসম চৰকাৰৰ আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত বুলি জানিব পৰা গৈছে। গতিকে এতিয়া ভুক্তভোগী বোৱাৰীগৰাকীৰ মাতৃগৃহৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰিব সেইটো লক্ষ্যণীয় হ'ব যদিও ঘটনাক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Share This