অহা ৪ দিনত উত্তৰ-পূৰ্বাঞ্চলত হ'ব প্ৰবল বৰষুণ

dainik janambhumi July 19, 2026

ডিজিটেল ডেস্ক : অহা ৪ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত প্রবল বৰষুণ অহাৰ পূৰ্বানুমান কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে। গুৱাহাটীস্থিত আঞ্চলিক বতৰ পূর্বানুমান কেন্দ্রই আগজাননী দিয়ে যে অহা চাৰি দিনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ হ'ব আৰু অৰুণাচল প্রদেশত সর্বাধিক বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। 

১৭জুলাইৰ পৰা ১৮ জুলাইলৈকে ইতিমধ্যে অসম, অৰুণাচল প্রদেশ, মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৃষ্টিপাত হৈয়ে আছে। ২১ জুলাইলৈকে বৰষুণ তীব্ৰ হোৱাৰ সম্ভাৱনা আছে। 

অৰুণাচল প্রদেশত প্রবল বৃষ্টিপাতৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। অৰুণাচল প্ৰদেশৰ পাপুমপাৰে আৰু কুৰুং কুমে জিলাত সর্বাধিক বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

Share This