ঐতিহ্য আৰু উন্নয়ন

Dainik Janambhumi October 25, 2024

ডিজিটেল ডেস্কঃ ইংৰাজীত এষাৰ কথা আছে– Rome was not built in a day. একেদিনাই ৰোম চহৰ নিৰ্মাণ হোৱা নাছিল৷ এখন নগৰ বা এখন দেশে বৰ্তমানৰ ৰূপ পাবলৈ বহুদিনৰ আৰু বহুজনৰ শ্ৰম তথা ত্যাগৰ প্ৰয়োজন হয়৷ ঠিক তেনেদৰে এখন দেশ বা এটা জাতিৰ ভাষা-সাহিত্য শক্তিশালী হৈ উঠাৰ পথতো থাকে অনেক প্ৰতিবন্ধক৷ সেই সকলো বাধা অতিক্ৰম কৰিহে এটা উন্নততৰ অৱস্থা পাবহি পাৰি৷ আমাৰ দেশ ভাৰতবৰ্ষৰ কথাই ধৰা যাওক৷

বহু যুগ অতিক্ৰমী ব্ৰিটিছ ঔপনিৱেশিক শাসন কালতহে সৰু-সুৰা ৰাজ্যখণ্ড, বিভিন্ন জাতি-উপজাতি, ভাষা-ভাষী, ধৰ্ম-বৰ্ণৰ লোক একত্ৰিত হৈ বৰ্তমানৰ ভাৰতবৰ্ষ গঠন হৈছে৷ ইয়াৰ কেন্দ্ৰীয় কাৰক হ’ল ভাৰতৰ স্বাধীনতা আন্দোলন৷ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই ভাৰতীয়ৰ মনত সৃষ্টি হোৱা স্বাধীনতা স্পৃহাই অৱশেষত মহাত্মা গান্ধীৰ নেতৃত্বত বিশেষ ৰূপ ধাৰণ কৰে৷ ভাৰত উপ-মহাদেশৰ লোকক স্বাধীনতাৰ বাবে উদ্বুদ্ধ কৰে৷ ব্ৰিটিছ শাসকৰ প্ৰৰোচনা, পৃষ্ঠপোষকতাত লাহে লাহে ঠন ধৰি উঠা সাম্প্ৰদায়িক বিষবাষ্প আৰু সংঘাতৰ পৰিণামত ব্ৰিটিছ-ভাৰত বিভাজিত হৈ ভাৰত-পাকিস্তান সৃষ্টি হ’ল৷ স্বাধীনতা আন্দোলনৰ ভাবাদৰ্শৰে ঐক্যবদ্ধ আৰু অনুপ্ৰাণিত হৈ এখন সংবিধান ৰচনাৰে ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাষ্ট্ৰ ঘোষণা কৰা হ’ল৷ আজি আমি সেই দেশৰে বাসিন্দা তথা নাগৰিক৷ আমি পাহৰি গ’লে নহ’ব যে বৰ্তমান আমি শান্তিৰে বাস কৰি থকা এই দেশখন গঠন কৰিবলৈ আমাৰ উপৰিপুৰুষে বহু দুখ-কষ্ট স্বীকাৰ কৰিব লগা হৈছিল৷

তেওঁলোকৰ তেজ আৰু ঘামৰ বিনিময়তহে আমি আজি সুখে-শান্তিৰে বাস কৰা দেশখন নিৰ্মাণ সম্ভৱ হৈছিল৷ দেশ নিৰ্মাতা, দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন দিয়া, অত্যাচাৰ-নিপীড়ন সহ্য কৰাসকল আমাৰ বাবে প্ৰাতঃস্মৰণীয় ব্যক্তি৷ তেওঁলোক আমাৰ মহান ঐতিহ্যৰ অংশ৷ সেইসকলৰ প্ৰতি শ্ৰদ্ধা-সন্মান প্ৰদৰ্শন কৰাটো আমাৰ এটা প্ৰধান দায়িত্ব৷ যিসকল ইতিমধ্যে ইতিহাস হৈ গৈছে, আমাৰ মহান ঐতিহ্যৰ অংশ হৈ পৰিছে সেইসকলক স্মৰণ কৰি, সেইসকলৰ কাম-কাজ আৰু দৃষ্টান্তৰ পৰা আমি সাহস আৰু প্ৰেৰণা আহৰণ কৰোঁ৷ সেইসকলৰ নামত কোনো অঞ্চল, অনুষ্ঠান আদিৰ নামকৰণ কৰোঁ৷ স্মাৰক স্তম্ভ-প্ৰতিমূৰ্তি আদি নিৰ্মাণ কৰি সেই অমৰ ব্যক্তিসকলৰ নাম আৰু অৱদান যাতে পৰৱত¹ প্ৰজন্মৰ শিশু-কিশোৰ-কিশোৰীয়ে জানিব পাৰে তাৰ ব্যৱস্থা কৰোঁ৷ একোজন যশস্বী ব্যক্তি, ক্ষণজন্মা পুৰুষক যথাৰ্থ সন্মান দিব পৰাটো সভ্য জাতিৰ লক্ষণ৷
কেইমাহমান আগতে ডুমডুমা চহৰৰ এঠাইৰ পৰা মহাত্মা গান্ধীৰ মূৰ্তি স্থানান্তৰ কৰাৰ নামত মূৰ্তিটো যেনেদৰে খহাই চোঁচৰাই আঁতৰাই নিয়া হৈছিল, সংবাদ-পত্ৰযোগে সেই বিষয়ে জানিব পাৰি ক্ষোভ প্ৰকাশ কৰিছিল গান্ধীৰ আজোনাতি তুষাৰ গান্ধীয়ে৷ এই কাম সঁচাকৈয়ে অত্যন্ত দুখদায়ক আছিল৷ বৰেণ্য ব্যক্তি, মহাপুৰুষ আদিক কোনোবা দুই-এজনে অৱমাননা কৰিলেও তেওঁলোকৰ গুৰুত্ব হ্ৰাস নাপায়৷ লোকদৃষ্টিত অৱমাননাকাৰীসকলহে হেয় প্ৰতিপন্ন হয়৷ শেহতীয়াকৈ জানিব পৰা মতে, গুৱাহাটীৰ আমবাৰীত থকা বি বৰুৱা পথ, উজান বজাৰ আৰু গোপীনাথ বৰদলৈ পথ সংযোগী চক্ৰটোৰ মাজত থকা সুউচ্ছ, সুদৃশ্য-সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো সেই স্থানৰ পৰা আঁতৰাই নিয়াৰ এটা চৰকাৰী সিদ্ধান্তই সচেতন নাগৰিকক বিচলিত কৰিছে৷ জনা মতে, এখন ‘ফ্লাই অ’ভাৰ’ নিৰ্মাণৰ বাবেই সেই ঠাইৰ পৰা বেজবৰুৱাৰ সেই সুউচ্ছ মূৰ্তিৰ লগতে ক্ষুদ্ৰ আয়তনৰ উদ্যানখন স্থানান্তৰ হ’ব৷ আমবাৰীৰ বেজবৰুৱা চক্ৰ সমগ্ৰ গুৱাহাটীৰ ভিতৰতে এটা অতি সুন্দৰ আৰু আকৰ্ষণীয় চক্ৰ আছিল৷ দিনতে কেৱল নহয়, ৰাতিও তাৰ সৌন্দৰ্য চালে চকুত লগা৷ এতিয়া উন্নয়ন তথা যান-বাহন ব্যৱস্থা সুচলতাৰ নামত সেই স্থান নিশ্চিহ্ন কৰাৰ যো-জা চলিছে৷ লক্ষ্মীনাথ বেজবৰুৱা হ’ল অসমৰ জাতীয় জীৱনৰ এক আলোকস্তম্ভ৷

বেজবৰুৱাৰ অৱদান আৰু মহত্ত্বৰ কথা বেলেগে আলোচনাৰ প্ৰয়োজন নাই৷ আমবাৰীৰ বেজবৰুৱা স্মাৰক ইতিমধ্যে সমগ্ৰ অসমৰ ৰাইজে গ্ৰহণ কৰা, মানি লোৱা এটা ঐতিহ্য স্মাৰক৷ উন্নয়নৰ বাবে যদিহে এখন ফ্লাই অ’ভাৰ একান্ত নহ’লেই নহয়, তেন্তে তাৰ বাবে আৰ্হি প্ৰস্তুত কৰোঁতাই সেই মূৰ্তি আৰু স্মাৰক উদ্যানৰ কোনো ক্ষতি নোহোৱাকৈ এটা ব্যৱস্থাৰেহে আৰ্হি প্ৰস্তুত কৰিব লাগিছিল৷

যিকোনো ফ্লাই অ’ভাৰতকৈ অসমৰ ৰাইজৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাৰ গুৰুত্ব আৰু মূল্য অধিক৷ আজিৰ অসমত জাতীয় জীৱনক সমৃদ্ধ কৰা বৰেণ্য ব্যক্তিসকলৰ নামত চৰকাৰীভাৱে জন্ম-মৃত্যু তিথিত কাকতত একোটা বিজ্ঞাপন দিয়া হয়৷ এয়া এক ধৰণৰ যান্ত্ৰিক আনুষ্ঠানিকতাহে৷ ইয়াত আন্তৰিকতা নাই৷ অন্যথা বেজবৰুৱাৰ মূৰ্তি স্থানান্তৰৰ দৰে এনে হঠকাৰী চিন্তাই ঠাই নাপায়৷ ঐতিহ্যক অৱমাননা কৰি উন্নয়নৰ আৰ্হি প্ৰস্তুত কৰাটো সভ্য জাতিৰ লক্ষণ হ’ব নোৱাৰে৷

Share This