ডিজিটেল ডেস্ক : ইৰানৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ শক্তিখণ্ডত ব্যাপক প্রভাৱ পৰিছে। এনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা চিলিণ্ডাৰৰ নাটনি হোৱা নাই বুলি দাবী কৰাৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যজুৰি ৰন্ধন গেছৰ তীব্র সংকটে দেখা দিছে। বাণিজ্যিক চিলিণ্ডাৰৰ অভাৱত বন্ধ হোৱাৰ দিশে উপক্ৰম হৈছে ৰাজ্যৰ ৰেস্তোঁৰা আৰু হোটেল। মহানগৰীৰ সৰু-ডাঙৰ বহু হোটেলে ইতিমধ্যে খৰিৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ৰন্ধন গেছৰ নাটনি আৰু যোগান সুচল নোহোৱাৰ সন্দৰ্ভত সদৌ অসম ৰেস্তোৰাঁ সন্থাইও উদ্বেগ প্রকাশ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম ৰেস্তোৰাঁ সন্থাৰ কাৰ্যকৰী সদস্য অতুল লহকৰে কয় যে ৰন্ধন গেছ নোহোৱাকৈ আমি হোটেল-ৰেস্তোৰাঁ চলাব নোৱাৰোঁ। বাণিজ্যিক চিলিণ্ডাৰ বন্ধ হোৱাৰ আজি এসপ্তাহ হ'ল। বেংগালুৰুত হোটেল-ৰেস্তোৰাঁ ইতিমধ্যে বন্ধ হৈছে। বাণিজ্যিক চিলিণ্ডাৰৰ যোগান বন্ধ কৰি ৰখাৰ বাবে আমাৰ হাহাকাৰ অৱস্থা হৈছে। ইতিমধ্যে খৰি ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰাৰ লগতে অনলাইন অর্ডাৰো বন্ধ ৰাখিবলগীয়া হৈছে।
চিলিণ্ডাৰ যোগান নধৰিলে দুই-এদিনৰ ভিতৰত ৰেস্তোৰাঁ বন্ধ কৰিবলগীয়া হ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় 'বাণিজ্যিক চিলিণ্ডাৰৰ দাম যোৱা দুমাহত তিনিবাৰ ২৬০ টকা বৃদ্ধি হৈছে। বিগত দুটা বছৰত সামগ্ৰীৰ দাম ৩০ শতাংশ বাঢ়িছে। তামিলনাডুৰ চৰকাৰে হোটেল ৰেস্তোৰাঁত ইণ্ডাকশ্যন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। বিদ্যুতৰ বিলত ৫০ শতাংশ ৰেহাই দিছে। আমাৰ ডাঙৰ ৰেস্তোৰাঁত মাহত ৩০-৩২ টা আৰু সৰুবোৰক ১০-১৫ টা চিলিণ্ডাৰৰ প্ৰয়োজন হয়। এই বিপদৰ সময়ত আমাক চৰকাৰে যদি অন্তত ১৫ টা চিলিণ্ডাৰ যোগান ধৰে ৰেস্তোৰাঁখন চলাই থাকিব পাৰিম।'
সংবাদমেলত সন্থাৰ সভাপতি তপন বৰুৱাই কয় যে যোৱা সোমবাৰৰ পৰা চিলিণ্ডাৰ পোৱা নাই। যিখিনি মজুত আছে সেইখিনিৰে চলাই আছোঁ। মোৰ তিনিখন ৰেস্তোৰাঁৰ দুখনেই বন্ধ ৰাখিছোঁ। যিখিনি চিলিণ্ডাৰ আছে সেইখিনিৰে এখন ৰেস্তোৰাঁ চলাই আছোঁ। ইতিমধ্যে অনলাইন অৰ্ডাৰ বন্ধ ৰাখিছোঁ। মজুত থকা চিলিণ্ডাৰেৰে খুব বেছি এই সপ্তাহ চলাব পাৰিম। গতিকে এইক্ষেত্ৰত তেওঁ চৰকাৰে কিবা এটা পদক্ষেপ ল'ব বুলি আশা প্রকাশ কৰে।