ছানস্ক্ৰীন আমাৰ ছালৰ বাবে কিমান উপকাৰী ?
Dainik Janambhumi
August 20, 2024
মধুমিতাৰ একলম ......
ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ
ডিজিটেল ডেস্কঃ প্ৰায়ে মোক সোধে- কি ছানস্ক্ৰীন লগাব বুলি। মই কওঁ- ছানস্ক্ৰীনৰ কি প্ৰয়োজন ? তেন্তে ৰ’দত কেনেকৈ ওলাম? প্ৰশ্ন উঠৈ । এতিয়া কথা হৈছে মানুহে কিমান ৰ'দত কটায় ? ৰ'দ নোপোৱা বাবে বহুলোকৰ Vitamin D deficiency হৈছে। চিকিৎসকৰ পৰামৰ্শত খাদ্যপ্ৰাণ 'ঘ' পৃথকে খাব লাগে।
ৰাতি পুৱা সূৰ্যৰ পোহৰ কংক্ৰিটৰ জংগলৰ মাজেৰে আমাৰ গাত নপৰোতেই কামলৈ ওলাই যাব লাগে। আনহাতে কৰ্মস্থান এৰা সময়লৈ সূৰ্য অস্ত যায়। ৰ'দ নাপায়েই৷ আনহাতে ৰাতিপুৱা আৰু আবেলিৰ কোমল ৰ'দ গাত পৰিলে আমাৰ বাবে ভাল। খাদ্যপ্ৰাণ ’ঘ’ পায়, কেলছিয়াম আৰু আইৰণৰ উৎপাদন হয়, হাড়, দাঁত, শৰীৰ মজবুত হয়। ৰ’দৰ পোহৰত মন ফৰকাল হয় ।
আনহাতে ছানস্ক্ৰীন পশ্চিমীয়া বগা ছালৰ লোকে লগায় যাতে তেওঁ লোকে সাগৰৰ বীচ্চত ৰ’দত ছানবাথ কৰোঁতে Erythema মানে ছাল জ্বলি জ্বোলা নুফুটে যাতে। তেওঁলোকে গাৰ ৰং ইমান বগা নিবিচাৰে, আমাৰ দৰে bronze বা copper হোৱাটো বিচাৰে। ছানস্ক্ৰীন লগালে ছালৰ ৰং tanned মানে তাম বৰণীয়া হয় । আমি তেনে বিচাৰোঁ নেকি?
দুপৰীয়া ১১ বজাৰ পৰা ৩ বজালৈ ৰ’দৰ পৰা UVB ৰশ্মি ওলায়, ই আমাৰ বাবে হানিকাৰক। ইয়াক ছানস্ক্ৰীনৰ দ্বাৰা প্ৰতিৰক্ষা পোৱা নাযায়। ছাঁৰ প্ৰয়োজন। ছাতি ল’ব, টুপী পিন্ধিব বা কাপোৰেৰে ঢাকি ৰাখিব।
ছালৰ মাজৰ তৰপত Pigment Melaninবোৰ থাকে। তাপ পালে ছালৰ ওপৰৰ ভাগলৈ ছালখনক তাপৰ পৰা বচাবলৈ উঠি আহে। পুনৰ চেঁচা হ’লে মাজৰ তৰপলৈ নামি যায় নিজে। ছালত যদি পানী আৰু পুষ্টিৰ অভাৱ থাকে তেন্তে এই কাৰ্যত ব্যাঘাত জন্মে। তেতিয়া কিছুমান পিগমেণ্ট মেলানীন ওপৰৰ তৰপত থাকি যায়। ইয়ে melasma, Hyperpigmentation, freckles আদিৰ ৰূপ লয়। সেই বাবেই ছালখনত পানী - পুষ্টি যাতে পৰ্যাপ্ত পৰিমাণৰ থাকে তালৈ মন কৰিব লাগে।
এতিয়া কথা হ’ল- ছানস্ক্ৰীন কিয় লগাব মানা কৰোঁ? কাৰণ ছালে কাঢ়া ৰাসায়ন সহ্য কৰিব নোৱাৰে।ছানস্ক্ৰীনত oxybenzone, octinoxate, octisalate, avobenzone., aminobenzoic acid আৰু trolamine salicylate আদি ৰাসায়ন দি ছানস্ক্ৰীন বনায়। পশ্চিমৰ বহু কেইখন বিশ্ববিদ্যালয়ত গৱেষণা চলাই গৱেষকসকলে জনায় যে - " studies by the agency that show these ingredients can be absorbed through the skin. In recent years, studies have also raised concerns about endocrine-disrupting effects of three ingredients: homosalate, avobenzone and oxybenzone. " এই কথা প্ৰকাশ কৰি গৱেষণাপত্ৰ প্ৰকাশ কৰিছে FDA ৰ ফালৰ পৰা। আপোনালোকৰ ফালৰ পৰাও অলপ নেট খুঁচৰিলে গম পাব।
সেয়ে যদি পাৰে ছানস্ক্ৰীন নলগোৱাকৈ থাকিব। যদি উপায় নাই তেন্তে নিজেই চাই মেলি লগাব।
Share This