নাম সলনিৰে কিমান দিন?

Dainik Janambhumi November 30, 2024


ডিজিটেল ডেস্কঃ পুৰণিকালৰ পৰা প্ৰচলিত হৈ অহা বহু ভাৰতীয় নাম পৰৱৰ্তী সময়ত ব্ৰিটিছ ঔপনিৱেশিক শাসকৰ মুখত সলনি হৈছিল৷ ভাৰতীয় শব্দৰ উচ্ছাৰণ ইউৰোপীয়সকলৰ মুখত আনধৰণৰ হৈ পৰিছিল৷ দেশ স্বাধীন হোৱাৰ পাছত কিছুমান অঞ্চল, প্ৰদেশ আদিৰ নাম ভাৰতীয় ভাষাৰ উচ্ছাৰণ আৰু বানান অনুসৰি নতুন কৰা হৈছিল৷ তেনে ধৰণে ‘কেলকাটা’ গৈ কোলকাতা আৰু বোম্বাই বা বম্বেৰ পৰা মুম্বাই হ’ল৷ ঠিক তেনেদৰে আমাৰ ‘গৌহাটী’ সলনি হৈ গুৱাহাটী হ’ল৷ একোখন গাঁও বা নগৰ নাইবা প্ৰদেশৰ পুৰণি নামৰ লগত সেই অঞ্চলৰ ঐতিহ্য আৰু ইতিহাসৰ সম্পৰ্ক থাকে৷ কিন্তু সকলো নামেই পৰিৱৰ্তন সাপেক্ষে নহয়৷ যেনে পাশ্চাত্য আৰু মধ্যপ্ৰাচ্যৰ লোকে সিন্ধু নদীক  ইণ্ডাছ বুলি উচ্ছাৰণ কৰিছিল৷ সেই ইণ্ডাছ শব্দৰে পৰাই ইণ্ডিয়া আৰু সিন্ধু শব্দৰ পৰা আহি হিন্দু আৰু হিন্দুস্তান শব্দৰ উদ্ভৱ আৰু প্ৰচলন৷ ইণ্ডিয়া আৰু হিন্দুস্তান শব্দৰ ব্যাপক প্ৰচলন আৰু লোক সমাজত গৃহীত হৈ যোৱাৰ পাছত তাৰ গুৰুত্ব সৰ্বমান্য হৈ পৰে৷ আজি আৰু ইণ্ডিয়া বা হিন্দুস্তান শব্দৰ প্ৰয়োগ আৰু প্ৰচলন বন্ধ কৰাটো সম্ভৱ নহয়, ৰাইজেও মানি নলয়৷ কোনো এটা অঞ্চলৰ নাম নতুনকৈ যদি  ওপৰৰ পৰা জাপি দিয়া হয় তেন্তে বাধ্যবাধকতা বশত ঃ কোনো লোকে মানি ল’লেও, পুৰণা নামটি মানুহৰ মনত ৰৈ যায়৷ এতিয়াও প্ৰয়াগৰাজ বুলিলে হিন্দী বলয়ৰ দুই-একে হয়তো চিনি পায়, কিন্তু এলাহাবাদ বুলিলে দেশ-বিদেশৰ সকলোৱেই সহজে বুজি পাব৷ কেৱল পৰিৱৰ্তনতে সকলো শেষ নহয়৷ পৰিৱৰ্তনে পুৰণি নামৰ তাৎপৰ্য বৃদ্ধিহে কৰে৷
২০১৪ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কাৰ্যভাৰ লোৱাৰ পাছৰে পৰা দেশত ঠাই, বাটপথ আদিৰ নাম সলনিৰ এটা নতুন ধাৰাৰ সৃষ্টি হৈছে৷ এই ধাৰা ক্ৰমে তীব্ৰ হৈ আহিছে৷ শেহতীয়াকৈ এই নতুন পৰম্পৰা অনুসৰি কৰিমগ?ৰ নাম শ্ৰীভূমি কৰা হৈছে৷ এই নতুন নামকৰণৰ অৱশ্যে এটা ৰাজনৈতিক নেপথ্য আছে৷ কৰিমগ? নামটোত এটা মুছলিম গোন্ধ পাই হয়তো হিন্দু শব্দ ‘শ্ৰীভূমি’ প্ৰয়োগ কৰিব খোজা হৈছে৷ এনে কাৰ্য ভাৰতবৰ্ষৰ বহু স্থানত ইতিমধ্যে হৈ গৈছে৷ একে সময়তে হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ ঠাইৰ নতুন নামকৰণ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ নগৰ৷ এই সলনি সামান্য যদিও ‘শ্ৰীমন্ত’ শব্দৰ সংযোগ জিলাসদৰখনক গুৰুজনাৰ সৈতে পোনপটীয়াভাৱে জড়িত কৰিব৷ এনেকুৱা কিছুমান সলনিক লৈ ক’বলগা একো নাই৷ কিন্তু মানুহে হৃদয়েৰে এই সলনিক গ্ৰহণ নকৰিলে এনেকুৱা সলনিবোৰ আদালতত ব্যক্তিৰ নাম সলনিৰ নিচিনা গন্য হয়৷ একোটানামে এটা অঞ্চলৰ ইতিহাস আৰু সংস্কৃতিৰো পৰিচয় বহন কৰে৷ ৰাজনীতিতকৈ সাংস্কৃতিক আৰু নৃগোষ্ঠীয় বিষয়ৰ গুৰুত্ব অধিক, এইকথা আমি পাহৰিব নালাগিব৷
এতিয়াৰ পৰা প্ৰায় এবছৰমান আগতে দেশৰ নাম ইণ্ডিয়াৰ সলনি ভাৰত কৰিব খোজা হৈছিল৷ কিন্তু ইণ্ডিয়াটো নতুন নাম নহয়৷ খ্ৰীঃপূঃ তৃতীয়-চতুৰ্থ শতিকাতো ইয়াৰ প্ৰচলন আছিল৷ প্ৰাচীন গ্ৰীছৰ মানুহে এই দেশৰ নাম ইণ্ডিয়া দিছিল৷ ইয়াৰ বিপৰীতে ‘ভাৰত শব্দৰ প্ৰচলন তুলনামূলকভাৱে নতুন৷ তদুপৰি ভাৰত শব্দই কোনো এখন নিৰ্দিষ্ট ৰাজ্য বুজোৱা নাছিল৷ ইতিহাসে গৰকা নামবোৰ ইমান সহজে সলনি কৰা নাযায়৷
ভাৰতবৰ্ষত নতুন নগৰ-চহৰ গঢ় লৈ উঠা, নতুন পথ নিৰ্মাণ, নতুন ভৱন আৰু অট্টালিকা নিৰ্মাণ মধ্যযুগত তুলনামূলকভাৱে নতুন আৰু কলাসন্মত প্ৰযুক্তিৰ প্ৰয়োগত মোগল যুগৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব৷
ভাস্কৰ্য, স্থাপত্য, চিত্ৰশিল্পৰ বৈপ্লৱিক ৰূপান্তৰসাধন হৈছিল৷ ফটেহপুৰ ছিক্ৰী, আগ্ৰাদুৰ্গ, লালকিল্লা, তাজমহল আদিত ধৰ্মৰ চাব-মোহৰ নাই৷ এয়া হ’ল বিশ্বপ্ৰসিদ্ধ আৰু বিশ্ববিশ্ৰুত মহৎ শিল্পকৰ্ম৷ দেশে-বিদেশে ইয়াৰ প্ৰসিদ্ধি৷ বহু আগতেই বিশ্ব ঐতিহ্যকেন্দ্ৰ ৰূপে স্বীকৃত৷ মোগল যুগৰ হোৱাৰ বাবেই তাৰ গুৰুত্ব অস্বীকাৰ কৰা নাযায়৷ আমি স্বীকাৰ কৰা-নকৰা বা ভাল পোৱা বা নোপোৱাৰ ওপৰত এই শিল্প সম্ভাৰৰ মূল্য-তাৎপৰ্য নিৰ্ভৰশীল নহয়৷ শিল্পৰ মূল্য আৰু সৌন্দৰ্য সকলো সংকীৰ্ণতাৰ ঊধবৰ্ত৷ ই সাৰ্বজনীন৷ সৌন্দৰ্য আৰু আৱেদনৰ সাৰ্বজনীনতা শিল্পৰ মৰ্মবস্তু৷ কেতিয়াবা যদি তাৰ নাম সলনি কৰাৰ দুষ্ট বুদ্ধিয়ে কাৰোবাৰ মূৰত বাহ লয়, তাৰ পৰা আমি সমস্ত বিশ্ববাসীৰ আগত লজ্জিত হ’ব লাগিব৷ অথচ এচাম লোকে তাজমহলৰ নাম সলনিৰো আৱাজ মাজে মাজে দিয়ে৷
আজিৰ বিশ্ব বি:ান প্ৰযুক্তি আৰু মানৱীয় উন্নয়নৰ এটা নতুন যুগত উপনীত হৈছেহি৷ বিশ্বৰ অগ্ৰগণ্য দেশসমূহৰ চিন্তা-চৰ্চাৰ ন ন বিষয়ৰ সৃষ্টি হৈছে৷ নতুন অধ্যয়ন ক্ষেত্ৰ মুকলি হৈছে৷ জীৱন ধাৰণৰ মান উন্নত হৈছে৷ ইয়াৰ বিপৰীতে ভাৰতবৰ্ষত চিন্তা-চৰ্চাৰ জগত দখল কৰিছেহি ধৰ্মীয় সংকীৰ্ণতা, সাম্প্ৰদায়িকতা, মৌলবাদ, ঠাইৰ নাম সলনিৰ ৰাজনীতি আদিয়ে৷ এই পথেৰে হয়তো ক্ষমতাৰ ৰাজনীতি কিছুদিন চলিব৷ কিন্তু দেশৰ সামগ্ৰিক বিকাশ বাধাগ্ৰস্ত হোৱাৰ আশংকা থাকিব৷ নতুন যুগৰ উপযোগী প্ৰগতিশীল চিন্তাচৰ্চাৰ ক্ষেত্ৰ প্ৰসাৰিত কৰিলেহে আমি উন্নত দেশ বুলি পৰিচয় দিব পাৰিম৷

Share This