ঘৰতে কি পদ্ধতিৰে ছাল আৰু চুলিৰ যত্ন ল'ব

Kakali Deka August 05, 2024

ডিজিটেল ডেস্কঃ ঘৰতে কিছুমান সুবিধাজনক দ্ৰব্য আছে যি সমূহ ব্যৱহাৰ কৰি ছাল আৰু  চুলিৰ যত্ন লব পৰা যায়। এইবোৰৰ  ব্যৱহাৰ কৰাৰ পদ্ধতি মন কৰিবলগা। ব্যৱহাৰ কৰা পদ্ধতি যদি ভালদৰে পালন কৰা নহয় তেনে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে। এই দ্ৰব্য সমূহ হৈছে নেমুটেঙা, হালধি, গাখীৰ, ছালকুঁৱৰী, পদিনা , থেকেৰা, তিয়হ ইত্যাদি। 

১. নেমু টেঙা হৈছে নিভাঁজ ascorbic এচিদ। ইয়াত খাদ্যপ্ৰাণ গ বা ভিটামিন C প্ৰচুৰ পৰিমাণে থাকে। আমি নেমুটেঙা সহজে পাওঁ বাবে বৰ এটা চিন্তা নকৰি চিধাই ছাল,চুলিত লগাওঁ। দৰাচলতে তেনে কৰিব নালাগে। এক ভাগ নেমুৰ ৰস  কমেও তিনিভাগ পানীৰ লগত মিহলাই লগাব লাগে। অন্যথা লগোৱাৰ লগে লগে চাফা, বগা, কোমল লাগে যদিও পাছলৈ ক'লা চামনি এখন পৰে আৰু খহটা হয়। আদ্ৰতা নোহোৱা হৈ  হৈ ছাল আৰু চুলি ৰুক্ষ হয় ।

২. তিয়হ দুডোখৰ চকুৰ ওপৰত লগাই   বাকী অংশত ফেচপেক লগাই শুই থাকি ফেচিয়েল কৰা বুজায় চিনেমা, বিজ্ঞাপন  ইত্যাদিত। দৰাচলতে তিয়হত প্ৰচুৰ পৰিমাণে astringent  পোৱা যায়। আনহাতে চকুৰ ছাল আমাৰ শৰীৰৰ আটাইতকৈ স্পৰ্শকাতৰ তথা পাতল অংশ। ফলত তিয়হ লগালে প্ৰথমে শাত পৰে আৰু বগা দেখে যদিও পাছলৈ ক'লা পৰে, ছাল ৰুক্ষ হয়৷ আৰু পিছলৈ ডাঠকৈ চকুৰ চাৰিওফালে ডাৰ্ক চাৰ্কল পৰে।

৩. ছালকুঁৱৰী আদ্ৰতা, শীতল আৰু এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। ইয়াত sugars, lignin, saponins, salicylic acids, amino acids. vitamins A (beta-carotene), C ,  E, vitamin B12, folic acid, choline. পোৱা যায়। ই বহুত শক্তিশালী ৷ ইয়াক ছাল আৰু চুলিত লগালে dilute আৰু refine কৰি অৰ্থাৎ কিছু পৰিশ্ৰুত আৰু পনীয়া কৰি লব লাগে। নহলে খজুৱাব, ছাল ডাকি নিব, ফুলি উঠিব পাৰে৷ আজিকালি বেছিভাগ DIY reel বোৰত দেখায় ইয়াক পোণচাটেই ছালত লগোৱা৷ কিন্তু লগাই বহুতেই নানা সমস্যাৰ সন্মুখীন হৈছে। 
আজিলৈ ইমানেই, পৰবৰ্তী খণ্ডত বাকি কেইটা দ্ৰব্যৰ গুণাগুণ আলোচনা কৰিম।

Share This