বাতিল কৰা হ'ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষা

Rashmi April 04, 2025

ডিজিটেল ডেস্ক : বাতিল হ’ল একাদশ শ্ৰেণীৰ বাকী থকা পৰীক্ষাসমূহ। বাকী থকা পৰীক্ষাসমূহ আৰু অনুষ্ঠিত নহয়। 

উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিলৰ পিছতে স্থগিত কৰা হৈছিল পৰীক্ষা।স্থগিত ৰখা পৰীক্ষাসমূহ ভৱিষ্যতে আৰু অনুষ্ঠিত নহয় বুলি জানিব পৰা গৈছে। 

কিন্তু কেনেদৰে দিয়া হ'ব বাকী থকা পৰীক্ষাসমূহৰ নম্বৰ। ইউনিট টেষ্ট পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়ন কৰা হ’ব বাতিল হোৱা বিষয়সমূহৰ নম্বৰ। লগতে অনুষ্ঠিত হোৱা পৰীক্ষাসমূহৰ মাৰ্কশ্বিট লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে।

Share This