কেন্দ্রীয় বাজেটত উপেক্ষা
Kakali Deka
July 24, 2024
ডিজিটেল ডেস্কঃ দেশৰ সাধাৰণ নির্বাচনে বিজেপিক প্রয়োজনীয় সংখ্যাগৰিষ্ঠতা যিহেতুকে নিদিলে, দুটামান মিত্ৰদলৰ ওপৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন তৃতীয় চৰকাৰখন নিৰ্ভৰশীল, সেয়েহে প্ৰথমৰে পৰাই চৰকাৰখন সতর্কভাৱে আগবাঢ়িব লগা হৈছে। এই চৰকাৰখনে দিয়া ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটখনত তাৰ স্পষ্ট প্রতিফলন ঘটিছে।
ভয়াৱহ বানে অসমক এইবাৰো বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰা সত্ত্বেও বাজেটখনত বিত্ত মন্ত্রীয়ে অসমবাসীক কেৱল আশ্বাসহে দিলে যে ৰাজ্যখনৰ বান-খহনীয়াকেন্দ্ৰিক সমস্যাৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্রয়োজনীয় সাহায্য প্রদান কৰিব; কিন্তু বিহাৰৰ বাবে বান সাহায্যৰূপে ঘোষণা কৰা হ'ল ১১,৫০০ কোটি টকাৰ পেকেজ। তদুপৰি ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও দিয়া হ'ব ২৬ হাজাৰ কোটি টকা।
কাৰণ স্পষ্ট- অসমত বিজেপি-নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আছে, গতিকে ধনৰ অংক ঘোষণা নকৰিলেও বা মূৰকত একো সাহায্য নিদিলেও চলি যাব, কিন্তু বিহাৰক নিদিলে কেন্দ্ৰীয় চৰকাৰখনক ঢোকা দি ৰখা নীতিশ কুমাৰৰ জে ডি (ইউ) দল অসন্তুষ্ট হ'ব। ঠিক তেনেকৈ অন্ধ্র প্রদেশকো এইবাৰৰ বাজেটত দিয়া হ'ল বিশেষ গুৰুত্ব। ৰাজ্যখনৰ ৰাজধানী অমৰাৱতী আটকধুনীয়াকৈ নিৰ্মাণৰ বাবে ১৫ হাজাৰ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে। ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন, জলসিঞ্চন আৰু অন্যান্য দিশতো বাজেটখনত ধন ধাৰ্য কৰা কাৰ্যক ৰাজ্যখনৰ বাবে 'নতুন সূর্যোদয়' বুলি অভিহিত কৰিছে অন্ধ্র প্রদেশৰ মন্ত্ৰী নাৰা লোকেশে। মুখ্যমন্ত্রী চন্দ্ৰবাবু নাইডুও কেন্দ্ৰীয় চৰকাৰৰ এই উদাৰতাত যে অতিশয় সন্তুষ্ট সেয়া ৰাজহুৱাকৈ ব্যক্ত কৰিছে। অন্ধ্র প্রদেশক এনেদৰে মোদী চৰকাৰে বিশেষ অনুগ্রহ দেখুওৱাৰ কাৰণো একেই। নাইডুৰ তেলুগু দেশম পার্টি মোদী চৰকাৰৰ আন এটা গুৰুত্বপূৰ্ণ ঢোকা। এনেদৰে তৃতীয়খন চৰকাৰৰ প্ৰথমখন বাজেটত নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰদৰ্শন কৰা 'মিত্রদলক তোষণ'ৰ নীতিয়ে স্বাভাৱিকভাৱেই অন্য ৰাজ্যবোৰক অসন্তুষ্ট কৰি তুলিছে। পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে বাজেটখনক 'ৰাজনৈতিকভাৱে পক্ষপাতদুষ্ট',
'দিশাহীন' আৰু 'বিজেপিৰ মিত্ৰদলক সন্তুষ্ট কৰি ৰখা' এক প্রচেষ্টা বুলি অভিহিত কৰিছে। তেওঁ পশ্চিম বংগক মোদী চৰকাৰে নিৰন্তৰভাবে অৱহেলা কৰি থকা বুলিও অভিযোগ কৰে। একেই প্রতিক্রিয়া তামিলনাডুৰ মুখ্যমন্ত্রী তথা ডি এম কে দলৰ মুৰব্বী এছ কে ষ্টালিনৰো। মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰি কয় যে অভূতপূর্ব দুৰ্যোগৰ কবলত পৰা সত্ত্বেও কেন্দ্রীয় বাজেটে তামিলনাডুক একো নিদিলে। ইয়াৰ প্ৰতিবাদত তেওঁ নিটি আয়োগৰ বৈঠক বৰ্জন কৰিব বুলি হুংকাৰ দিয়ে। একেদৰে বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এবাৰলৈও মহাৰাষ্ট্ৰৰ নাম উচ্চাৰণ নকৰাত ক্ষোভ প্রকাশ কৰে শিৱসেনা (উদ্ধর থাকে) গোটৰ সাংসদ প্রিয়ংকা চতুর্বেদীয়ে। অথচ মহাৰাষ্ট্ৰ এন ডি এ শাসিত ৰাজ্যই।
সাংসদগৰাকীয়ে অভিযোগ কৰে যে মহাৰাষ্ট্ৰক মোদী চৰকাৰে নিৰন্তৰ উপেক্ষা কৰি আহিছে। হাৰিয়ানাৰ নামো বিত্ত মন্ত্ৰীৰ মুখলৈ নহাত একেদৰেই অসন্তুষ্ট হৈ পৰিছে তাৰ জনসাধাৰণ তথা ৰাজনৈতিক শিবিৰবিলাক। এনেকৈ নির্দিষ্ট কেইখনমান ৰাজ্যক বিশেষ গুৰুত্ব দি অন্য বেছিভাগ ৰাজ্যকে অৱজ্ঞা কৰা নীতিয়ে মোদী চৰকাৰ তথা বিজেপি দলক কেনেদৰে লাভৱান কৰিব সেয়া চৰকাৰখন আৰু বিজেপিৰ নেতৃবর্গইহে বুজি পাব। ২০২৪-২৫ বর্ষটোত ৪৮.২১ লাখ কোটি টকাৰ ব্যয় ধাৰ্য কৰি, জি ডি পিৰ ৪.৯% প্রাক্কলিত বিত্তীয় ঘাটিৰে প্ৰস্তুত কৰা এইবাৰৰ বাজেটখনত নিয়োগ আৰু দক্ষতা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীৰ ৫ দফীয়া আঁচনি, 'বিকশিত ভাৰত'ৰ লক্ষ্যৰে ৯টা বিষয়ক অগ্রাধিকাৰ দিয়া হৈছে ঠিকেই কিন্তু উল্লিখিত পক্ষপাতিত্বমূলক সিদ্ধান্তবোৰে মোদী চৰকাৰৰ 'সবকা সাথ, সবকা বিকাশ'ৰ শ্ল'গানক অসাৰ প্ৰতিপন্ন কৰিছে। এটা কথা ঠিক যে যোৱা দুটা কাৰ্যকালৰ বিভিন্ন বিতর্কিত সিদ্ধান্ত, ঘটনাক্রমে মোদী চৰকাৰৰ ওপৰত যি ঋণাত্মক প্ৰভাৱ পেলাইছিল তাৰ মূল্য বিজেপিয়ে নিৰ্বাচনত যথেষ্ট পৰিমাণে কৰিব লগা হ'ল।
উত্তৰ প্ৰদেশত দলটোৰ দুৰ্দান্ত প্রতাপ হুহুৰাই কমি গৈ শোচনীয় অৱস্থা হোৱাটো কম কথা নহয়। তেনেস্থলত বিজেপি ক্ষমতাত বর্তি থাকিবলৈ হ'লে ভাবমূৰ্তিৰ পুনৰ নিৰ্মাণৰ গত্যন্তৰ নাই। দেশখনক বিকাশৰ এটা প্রত্যয়জনক অৱস্থালৈ আগবঢ়াই নিব পাৰিলেহে বিজেপিৰ ক্রমহ্রাসমান ভাবমূৰ্তিৰ পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনা থাকিব। ধর্মীয় আৱেগ সৃষ্টিৰ প্ৰৱণতাক যে ভাৰতবাসীয়ে বিশেষ গুৰুত্ব নিদিয়ে সেইটো প্রমাণ হৈছে। গতিকে বিকাশৰ ধাৰাটোক ত্বৰান্বিত কৰিবলৈ হ'লে কেন্দ্রীয় বাজেটখনেই মূল কথা। এই বাৰৰ বাজেটে দিয়া অগ্রাধিকাৰবিলাকে উন্নয়নত কেনেধৰণৰ প্ৰভাৱ পেলাব সেয়া সময়ত লক্ষণীয় হ'ব, কিন্তু কিছুমান ৰাজ্যক বিশেষ গুৰুত্ব দি কিছুমানক অৱজ্ঞা কৰা নীতিয়ে যে চৰকাৰ তথা শাসকীয় শিবিৰত বিৰূপ প্ৰভাৱ পেলাব সেইটো খাটাং। বিহাৰক গুৰুত্ব দি অসমক নিচুকনি আশ্বাস প্রদান কৰা বিষয়টোকো অসমবাসীয়ে বৈষম্যৰ অংশ বুলিয়েই গণ্য কৰাৰ সম্ভাৱনা আছে
Share This