৩০ বছৰত অসমত সংখ্যাগুৰু হ'ব মুছলমান

dainik janambhumi July 08, 2025

ডিজিটেল ডেস্ক : অসমত জন বিস্ফোৰণ সংঘটিত হৈছে। প্রতি নিয়ত দ্রুতগতিত বৃদ্ধি পাইছে জনসংখ্যা। ৰাজ্যৰ খিলঞ্জীয়া লোকসকলক সংকটত পেলাই বৃদ্ধি পোৱা এই জনসংখ্যা একপ্ৰকাৰ 'টাইম বোমা'-সদৃশ হৈ পৰিছে। যদিহে এই গতিত জনসংখ্যা বৃদ্ধি পাই থাকে তেনেহ'লে ২০৩৬ চনত অসমৰ জনসংখ্যা হ'বগৈ ৩ কোটি ৯৪ লাখ ৭৯ হাজাৰ। কেন্দ্ৰীয় চৰকাৰৰ টেকনিকেল গ্ৰুপৰ দ্বাৰা প্ৰকাশিত পপুলেশ্যন প্রজেকশ্যন প্রতিবেদন অনুসৰি ৰাজ্যখনত ২০২৪ চনলৈকে মুঠ জনসংখ্যা হৈছে ৩ কোটি ৬১ লাখ ৫৯ হাজাৰ গৰাকী। অথচ ২০০১ চনৰ লোকপিয়লৰ মতে অসমৰ জনসংখ্যা আছিল ২ কোটি ৬৬ লাখ ৩৮ হাজাৰ আৰু ২০১১ চনৰ লোকপিয়লৰ মতে অসমৰ জনসংখ্যা আছিল ৩ কোটি ১১ লাখ ৬৯ হাজাৰ। 

সকলোতকৈ ডাঙৰ কথা হৈছে ৰাজ্যত খিলঞ্জীয়া লোকৰ জনসংখ্যাতকৈ বহু বেছি পৰিমাণে বৃদ্ধি পাইছে সংখ্যালঘু মুছলমান লোকসকলৰ জনসংখ্যা। ২০০১ চনত অসমত মুছলমান লোকৰ জনসংখ্যা প্রায় ৩০ শতাংশ আছিল যদিও ২০১১ চনত মুছলমানসকলৰ জনসংখ্যা প্রায় ৩৪ শতাংশলৈ বৃদ্ধি পায়। ২০১১ চনত মুছলিম সংখ্যাগৰিষ্ঠ জিলাৰ সংখ্যাও ১০খনলৈ বৃদ্ধি পায়। আনহাতে, ২০২৭ চনত অনুষ্ঠিত হ'ব লগীয়া লোকপিয়লত অসমত মুছলমানৰ জনসংখ্যা ৪০ শতাংশ অতিক্রম কৰাৰ সম্ভাৱনা আছে। যদিহে এই গতিত মুছলমান লোকসকলৰ জনসংখ্যা বৃদ্ধি পাই থাকে তেনেহ'লে ২০৬০ চনৰ ভিতৰত ৰাজ্যৰ ৫০ শতাংশ লোকেই হ'ব মুছলমান। অর্থাৎ আৰু মাত্ৰ তিনিটা দশকৰ ভিতৰতে অসমত মুছলমানসকল সংখ্যাগুৰু হ'ব। ইফালে জনবিস্ফোৰণৰ ফলত বাংলাদেশী মূলৰ মুছলমান লোকসকলে অসমৰ সত্ৰ, দেৱালয় আদিৰ নামত থকা ভূমি বেদখল কৰাৰ লগতে ব্যাপক হাৰত বনাঞ্চলো ধ্বংস কৰা পৰিলক্ষিত হৈছে। তথ্য অনুসৰি ১৯৫১ চনত অসমত মুছলিম জনসংখ্যা আছিল ১৯ লাখ ৯৫ হাজাৰ কিন্তু ২০১১ চনত এই জনসংখ্যা বৃদ্ধি পাই হয়গৈ ১ কোটি ৭ লাখ। ইফালে ২০০১-১১ চনৰ সময়ছোৱাত অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১৬ শতাংশ হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৯ শতাংশ। 

একেদৰে ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচন, ২০১৯ চনৰ লোক সভাৰ নিৰ্বাচন আৰু ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটাৰৰ সংখ্যা বৃদ্ধিৰ তথ্য বিশ্লেষণ কৰিলেও ৰাজ্যৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ ভয়াৱহ ছবিখন স্পষ্ট হৈ পৰে। সেই অনুসৰি ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত ভোটাৰৰ সংখ্যাৰ অস্বাভাৱিক বৃদ্ধি ঘটাৰ বিপৰীতে থলুৱা অধ্যুষিত সমষ্টিসমূহত বৃদ্ধিৰ হাৰ তেনেই নগণ্য। অসমৰ গড় জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ অধিক জনসংখ্যা বৃদ্ধিৰ জিলাকেইখন হৈছে ক্রমে ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, বৰপেটা, দৰং, বঙাইগাঁও, হাইলাকান্দি, কাছাৰ, নগাঁও আদি। এনে পৰিস্থিতিত অনাগত দিনত অসমৰ খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। ক'বলৈ গ'লে অচিৰেই ত্ৰিপুৰাৰ দৰেই পৰিস্থিতিয়ে দেখা দিব অসমত।

Share This