ডিজিটেল ডেস্ক : সম্প্ৰতি বৰষুণৰ অভাৱত কৃষকে শালিধানৰ খেতি কৰিব পৰা নাই। প্রতিটো দিন এজাক বৰষুণৰ আশাত কটাইছে কৃষকে। মন কৰিবলগীয়া কথা যে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ গভীৰ নলীনাদ আঁচনি সম্প্রতি ভেঁকো-ভাওনাত পৰিণত হৈছে। জলসিঞ্চন বিভাগে কোটি কোটি টকা ব্যয় কৰি একোটা গভীৰ নলীনাদ আঁচনি স্থাপন সম্পূর্ণ কৰিছে। পৰিতাপৰ বিষয় যে উক্ত গভীৰ নলীনাদ আঁচনি স্থাপন কালৰে পৰা বিকল হৈ থকাত কৃষকে পথাৰত পানী পাবলৈ সক্ষম হোৱা নাই। চৰকাৰে প্রতিবছৰে এনেদৰে কৃষকক উপকাৰ কৰাৰ নামত লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে।
নলবাৰী জিলাৰ বাহাৰঘাট অঞ্চলত বহুকেইটা গভীৰ নলীনাদ আঁচনি সম্পূর্ণ হোৱাৰ পাছৰে পৰা বিকল হৈ থকা দেখা গৈছে। ইয়াৰ ভিতৰত অঞ্চলটোৰ দেহাৰকুছি মাদুর্গা ক্ষেত্ৰৰ ওচৰতে থকা আঁচনিখনৰ উপৰি কলবাৰী পথাৰত থকা কেন্দ্ৰ দুটাও বিকল হৈ আছে। উক্ত দুয়োটা কেন্দ্ৰৰ চলাৰ প্লেটসমূহ চুৰি হোৱাৰ পাছত বর্তমান সম্পূর্ণ বিকল হৈ আছে।
ইতিমধ্যে এই আঁচনিসমূহৰ পৰিত্যক্ত গৃহবোৰ মদ-ভাং সেৱনকাৰীৰ আড্ডাৰ স্থলী হৈ পৰিছে। এই সম্পর্কে ভুক্তভোগী কৃষক তথা একাংশ সচেতন ৰাইজে বিভাগটোৰ কৰ্মচাৰীক অৱগত কৰিছে যদিও কোনো ব্যবস্থা বিভাগীয়ভাবে গ্রহণ কৰা নাই। আঁচনিসমূহে কৃষকৰ উপকাৰ কৰিব নোৱাৰিলেও বিভাগীয় ঠিকাদাৰসমূহৰ উপকাৰ কৰিছে বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। অতি শীঘ্রেই নলীনাদসমূহ কার্যক্ষম কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় কর্তৃপক্ষৰ ওচৰত দাবী জনাইছে।