ডিজিটেল ডেস্ক : অসমৰ প্ৰয়াত বাদ্যযন্ত্ৰীসকলৰ লগতে প্রয়াত সংগীত ব্যৱস্থাপক আৰু শব্দযন্ত্ৰীসকলক স্মৰণ তথা একাঁজলি শ্রদ্ধাঞ্জলি যচাৰ উদ্দেশ্যে সামাজিক সাংস্কৃতিক গোষ্ঠী 'আমি'ৰ সৌজন্যত প্ৰতিবছৰে ১১ আগষ্টত প্রয়াত সংগীতজ্ঞ পার্থপ্রতিম চৌধুৰীৰ মৃত্যুৰ দিনটোত 'সোঁৱৰণৰ দিন' নামৰ এক অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। সেইদিনাই অসমৰ সংগীত জগতলৈ বিশেষ বৰঙনি যোগোৱা এজন শিল্পীক 'জীৱনজোৰা সংগীত কৰ্ম বঁটা' নামৰ এটা বঁটা প্রদান কৰা হয়।
এইবেলি সংগীত শিল্পী জে পি দাসক এই বঁটা প্রদান কৰা হ'ব। লগতে শিল্পী দিবাকৰ ডেকা, কমলা দাস আৰু দোষ্ট হান্নানলৈ বিশেষ সম্বর্ধনা আগবঢ়োৱা হ'ব। 'আমি'ৰ তৰফৰ পৰা এই কথা প্রকাশ কৰা হৈছে। আয়োজকসকলে সহায়-সহযোগিতাৰে এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অসমৰ সমূহ বাদ্যযন্ত্রী, কণ্ঠশিল্পী তথা ৰাইজক অনুৰোধ জনাইছে।