ডিজিটেল ডেস্ক : শোণিতপুৰ জিলাৰ জামুগুৰি বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ কেতবোৰ কৰ্মকাণ্ডই নিতৌ ৰাইজক ত্রাহিমধুসূদন সোঁৱৰাই আহিছে। বিশেষকৈ অতি গুৰুত্বপূৰ্ণ বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ দায়িত্বজ্ঞানহীন কর্মকাণ্ডই এতিয়া সৰ্বসাধাৰণ ৰাইজক ভয়ংকৰ বিপদৰ ফালে ঠেলি দিয়া পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে জামুগুৰিহাটৰ ধলাইবিলৰ ৰাজহুৱা স্মশানলৈ যোৱা পথটোত আজিৰ পৰা এক মাহৰ পূৰ্বেই বিদ্যুৎ সৰবৰহী তাঁৰত গছ পৰি বিপজ্জনক পৰিৱেশ সৃষ্টি কৰাই নহয়, পকাৰ বিদ্যুৎ খুঁটাও ভাগি পৰি আছে। এই সন্দৰ্ভত স্থানীয় ৰাইজে বিভাগীয় কর্তৃপক্ষক বহুওৱাৰ অৱগত কৰিছিল যদিও বর্তমানলৈকে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলে কোনোধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্রহণ কৰা নাই।
বিপজ্জনক অৱস্থাত থকা এই বৈদ্যুতিক তাঁৰত লাগি সৰু সৰু ল'ৰা-ছোৱালীৰ লগতে পশুধনৰ মৃত্যু ঘটাৰ আশংকা কৰিছে। সম্প্ৰতি স্থানীয় ৰাইজে শীঘ্রে বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীক এইক্ষেত্ৰত ব্যৱস্থা গ্রহণ কৰিবলৈ পুনৰ দাবী জনাইছে।