মৃদংগ-ভোৰতালৰ ধ্বনিত মুখৰ বৰভেটিৰ সেউজ প্রাংগণ

dainik janambhumi November 24, 2025

ডিজিটেল ডেস্ক : যোৰহাটৰ ঐতিহাসিক মালৌ পথাৰৰ বুকুত অৱস্থিত বুৰঞ্জীপ্রসিদ্ধ শ্ৰীশ্ৰী অষ্টভুজদেৱৰ বৰভেটিত কালি ২৫৮সংখ্যক 'ন-লগোৱা' উৎসৱ সম্পন্ন হয়। পূৰ্বৰ দৰে এইবাৰো ৰাজ্যৰ উজনি-নামনিৰ পৰা অহা অগণন ভক্তই কালি কাহিলি পুৱাৰে পৰা ভিৰ কৰিলেহি বৰভেটিৰ সেউজ প্ৰাংগণ। এটা বছৰৰ বিৰতিৰ পাছত কালি পুনৰ মালৌ পথাৰৰ সোণোৱালী ধাননিৰ বুকুত মৃদংগ- ভোৰতালৰ মাংগলিক ধ্বনিৰ পৰিৱেশত উজলি উঠিল বৰভেটিৰ ঐতিহাসিক ন-লগোৱা উৎসৱ। মায়ামৰা বৈষ্ণৱগুৰু শ্রীশ্রী অষ্টভুজদেৱ গুৰুজনাৰ বলিষ্ঠ নেতৃত্বত আঠ লাখ নব্বৈ হাজাৰ ভক্তৰ মহান ত্যাগ আৰু শ্ৰমৰ ফলত গঢ় লৈ উঠা বৰভেটিৰ সেউজ দলিচাত কালি পূৰ্বৰ পৰম্পৰা অনুসৰি মায়ামৰা ভকত-বৈষ্ণৱসকলে নির্দিষ্ট ঠাইত নিজৰ নিজৰ খেল অনুসৰি জুম বান্ধি বান্ধি মৃদংগীয়া গায়ন-বায়ন গায় ন-ধানৰ ন-চাউলৰ কেঁচা পিঠাগুড়ি, বিভিন্ন ফলাহাৰ-নৈবেদ্য সহিতে এখন পূর্ণ ঠগি আগবঢ়াই নিজৰ নিজৰ পৰিয়ালৰ শান্তিৰ বাবে তেওঁলোকৰ বছৰেকৰ ন-লগোৱা পৰম্পৰাভাগি সম্পন্ন কৰে। ইয়াৰ মাজতে আকৌ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলেও কালি বৰভেটিৰ বাৰ্ষিক এই মূল অনুষ্ঠানভাগিলৈ আহি ধূপ-দীপ প্রজ্বলিত কৰাৰ লগতে ভেটিত লোণ দান কৰি পৰিয়ালৰ মংগলৰ বাবে প্রার্থনা জনায়। 

উল্লেখযোগ্য যে বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তবৃন্দ আহি বৰভেটিৰ ঐতিহাসিক ন-লগোৱা উৎসৱত ভিৰ কৰেহি। এই ভিৰৰ মাজত কালি ন-লগোৱা উদ্যাপন সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰা স্বেচ্ছাসেৱক বাহিনী, আৰক্ষী প্রশাসন, অনুসন্ধান কক্ষ, চিকিৎসা সেৱা বাহিনীৰ লগতে জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলে ভকত-বৈষ্ণৱসকলক সম্পূর্ণৰূপে সহায়-সহযোগ আগবঢ়ায়। ন- লগোৱা উৎসৱৰ গইনা লৈ উৎসৱস্থলীৰ আশে-পাশে অস্থায়ীভাবে গঢ় লৈ উঠা ব্যাবসায়িক প্রতিষ্ঠানসমূহেও কালি বছৰটোৰ মূৰত দুপইচা চুই মনত সন্তোষ লভিলে। ইফালে কালি পুৱা ৯ বজাত গায়ন-বায়ন পৰিৱেশন কৰি শুভাৰম্ভ কৰা ন-লগোৱা অনুষ্ঠানৰ অন্তত সু-শৃংখলিতভাৱে পৰিৱেশন কৰা গায়ন-বায়ন দলক প্রশস্তি-পত্র প্রদান কৰা হয়। এইবাৰ শিৱসাগৰ টেক্সি মঠাদাং গাঁৱৰ গোপাল-অনিৰুদ্ধ গায়ন-বায়ন দল প্রথম, যুটীয়াভাৱে দ্বিতীয় হয় ডিব্ৰুগড় চাবুৱাৰ দংগৰ চুক আৰু ভৰলুৱা গাঁও গায়ন-বায়ন দল আৰু ঢকুৱাখনাৰ ১নং বাঁহ পৰা গাঁৱৰ গায়ন-বায়ন দলৰ লগতে যুটীয়াভাৱে তৃতীয় হয় শিৱসাগৰ কাঠপাৰৰ নমো নিত্যানন্দায় সাংস্কৃতিক গ্রুপ আৰু শিৱসাগৰৰ ন গঞা অঞ্চলৰ ধৰ্মেশ্বৰ মহনৰ গায়ন-বায়নৰ দল। 

আনহাতে, শনিবাৰে প্রথম দিনাৰ কাৰ্যসূচীত পুৱাৰ ভাগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত এটি শ্রদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হোৱাৰ লগতে ধৰ্মধ্বজা উত্তোলন, বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ পতাকা উত্তোলন, স্মৃতি তর্পণ, গছপুলি ৰোপণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হয়। সন্ধিয়ালৈ ২৫৮গছি বন্তি প্রজ্বলন কৰি আনুষ্ঠানিকভাৱে ন-লগোৱা উৎসৱৰ শুভাৰম্ভণি হোৱাৰ পাছত ভক্তিমূলক গীতৰ এক অনুষ্ঠানেৰে বাৰ্ষিক স্মৃতিগ্রন্থ 'অষ্টভুজ' উন্মোচন কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জ্যোতিপ্রসাদ শইকীয়াই। উল্লেখযোগ্য যে কালি বিয়লি ৪-৩০ বজাত ধর্মধ্বজা সম্বৰণ কৰাৰ পাছতেই পুনৰ এটা বছৰলৈ নিজম পৰিল পুণ্যতীৰ্থ বৰভেটিৰ এই উছৱমুখৰ পৰিৱেশ। এইবৰ্ষৰ ন-লগোৱা উৎসৱভাগি সফলতাৰে সম্পন্ন হোৱাত উদ্যাপন সমিতিৰ সভাপতি পূৰ্ণকান্ত বৰা, কাৰ্যকৰী সভাপতি ড° লক্ষ্মীকান্ত হাজৰিকা আৰু প্ৰধান সম্পাদক থানুৰাম দাসে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।

Share This