যোৰহাটত ড্ৰাগছ আসক্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুজন 

Rashmi June 21, 2025

ডিজিটেল ডেস্কঃ  যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।  ড্ৰাগছ আসক্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে দুজন।

প্ৰায় ১৫ ৰ পৰা ২০ জনীয়া যুৱকৰ দলে আক্ৰমণ কৰি কাঢ়ি নিয়ে চেইন , নগদ ধন।

নগৰৰ মাজমজিয়াৰ ১৪ নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা।

শুকুৰবাৰে নিশা সংঘটিত হোৱা ঘটনাক লৈ যোৰহাটত চাঞ্চল্যই বিৰাজ কৰিছে।

যোৰহাট পৌৰসভাৰ ১৪ নং ৱাৰ্ডৰ এটা অন্ধকাৰ স্থান এতিয়া ড্ৰাগছ, সুৰাৰ ঘাটিলৈ পৰিণত হৈছে।

নিশা হ'লেই উক্ত স্থানলৈ আগমণ ঘটে অচিনাকি যুৱক-যুৱতীৰ।

চিন্তিত হৈ পৰিছে সচেতন মহল।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This